ETV Bharat / sukhibhava

Black Rice Health Benefits: উপকাৰিতা জনাৰ পিছত আপোনাৰো মন যাব ক'লা চাউল খাবলৈ

জহা চাউলৰ দৰেই ক'লা চাউলৰো সুগন্ধ আৰু নিজস্ব স্বাদ আছে ৷ এই চাউলৰ বৰণ ক'লা বা বেঙুনীয়া ৷ এই চাউলৰ সিদ্ধ হ'বলৈ আন চাউলতকৈ অলপ বেছি সময়ৰ প্ৰয়োজন হয় ৷ ক'লা চাউলৰ গুণ আমি সাধাৰণতে খোৱা আন সকলো চাউলৰ তুলনাত বহু বেছি ৷ জানো আহক ইয়াৰ স্বাস্থ্যকাৰী গুণাগুণসমূহ...

Amazing Health Properties of Black Rice
উপকাৰিতা জনাৰ পিছত আপোনাৰো মন যাব ক'লা চাউল খাবলৈ
author img

By

Published : Nov 17, 2022, 10:52 AM IST

জহা চাউলৰ দৰেই ক'লা চাউলৰো সুগন্ধ আৰু নিজস্ব স্বাদ আছে ৷ এই চাউলৰ বৰণ ক'লা বা বেঙুনীয়া ৷ এই চাউলৰ সিদ্ধ হ'বলৈ আন চাউলতকৈ অলপ বেছি সময়ৰ প্ৰয়োজন হয় ৷ ক'লা চাউলৰ গুণ আমি সাধাৰণতে খোৱা আন সকলো চাউলৰ তুলনাত বহু বেছি ৷

Amazing Health Properties of Black Rice
উপকাৰিতা জনাৰ পিছত আপোনাৰো মন যাব ক'লা চাউল খাবলৈ

ইয়াৰ বিপৰীতে আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰত বেচ কিছুকাল আগৰ পৰাই ক'লা ধানৰ কৃষিকৰ্ম চলি আছিল ৷ মণিপুৰী ভাষাত ইয়াক-'চাখাও আমুবি' অৰ্থাৎ সুস্বাদু ক'লা চাউল বুলি কোৱা হয় ৷ মণিপুৰী মেইটিসকলে ইয়াৰ সঁচ দক্ষিণ পূৱ এচিয়াৰ পৰা আনিছিল বুলি জনা যায় ৷ মণিপুৰত প্ৰতি হেক্টৰ মাটিত আঢ়ৈ টন ধান উৎপাদন হয় ৷ অসমত বিক্ৰীৰ বাবে মণিপুৰৰ পৰা অহা চাউলক 'মণিপুৰী ক'লা চাউল' বুলি জনাজাত ৷

এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে ১৯৯০-৯৫ চনৰ সময় চোৱাতহে আমেৰিকাত ক'লাধানৰ খেতিৰ প্ৰচলন আৰম্ভ হয় ৷ চীনৰ পিছতেই এচিয়াৰ ইণ্ডোনেচিয়া আৰু থাইলেণ্ডত ক'লাধানৰ খেতি হোৱাৰ কথা জনা যায় ৷ আজি বিশ্বৰ বজাৰত 'ইণ্ডোনেচিয়ান ব্লেক ৰাইচ' আৰু 'থাই জেচমিন ৰাইচ' দুটি প্ৰতিষ্ঠিত প্ৰচলিত ব্ৰেণ্ড ৷ এচিয়াৰ ওপৰিও আফ্ৰিকাৰ কোনো কোনো অঞ্চলত ক'লাধানৰ খেতি হয় ৷ জাপানৰ বিজ্ঞানীসকলে অনুসন্ধান কৰি পাইছে যে এই ক'লা ধানৰ সামান্য তাৰতম্য থকা কমেও ২১টা প্ৰজাতি আছে ৷

উল্লেখ্য যে, এই চাউলৰ আছে বহু আচৰিত গুণাগুণ যি সমূহ জনাৰ পিছত হয়তো আপুনি এই চাউল নোখোৱাকৈ থাকিব নোৱাৰে-

ক'লা চাউল কেনেকৈ খাব ?

নিয়মীয়া ভাতৰ দৰে খোৱাৰ ওপৰিও পায়স, পোলাও, কাষ্টাৰ্ড, চুপ বনাই খাব পাৰি ৷ আঠাযুক্ত এই চাউলেৰে আমাৰ অসমীয়া মানুহে তিল পিঠা, নাৰিকল পিঠা, তেল পিঠা তৈয়াৰ কৰাৰ লগতে সিদ্ধ কৰি দৈ গুড় গাখীৰ মিহলাই জলপান হিচাপেও ভোগ কৰিব পাৰে ৷ বহুলোকে ইয়াৰ কেক, নুডলচ, ৰুটি বা পাওৰুটিও তৈয়াৰ কৰে ৷

ক'লা চাউলত কি কি লাগতিয়াল তত্ব থাকে

এন্ঠোচায়ানিন (Anthocyanin ) হ'ল ক'লা চাউলত থকা আটাইতকৈ লাগতিয়াল এন্টিঅক্সিডেন্ট পদাৰ্থ ৷ এই এন্ঠোচায়ানিনৰ বাবেই এই চাউলৰ বৰণ ক'লা ৷ ঘাইকৈ চাউলৰ ওপৰৰ অংশত এন্ঠোচায়ানিন থাকে ৷ মিলত খুন্দাই অনা চাউলত এই তত্ব কমি যোৱাৰ ফলত ইয়াৰ খাদ্য মূল্য নিশ্চিতভাবে হ্ৰাস পায় ৷

ইয়াত থাকে ১৮বিধ লাগতিয়াল এমিনো এচিড, খনিজ পদাৰ্থ, ভিটামিন, ৰঙীন কণিকা (পিগমেন্ট) কেৰটিন আৰু নানাবিধ এন্টিঅক্সিডেন্ট ৷ খনিজ পদাৰ্থমূহ হ'ল- লৌহ পদাৰ্থ (আইৰণ), জিংক, চেলনিয়াম, প'টেচিয়াম মেগনেচিয়াম, মেংগানিজ, ফচফৰাচ আৰু মলিব্ডেনাম৷ ভিটামিনসমূহ হ'ল- ভিটামিন-A, ভিটামিন B1, B2 আৰু B9 (ফলিক এচিড)৷ উল্লেখযোগ্য যে, ৰঙীন ফল বা পাচলিৰ যেনে ব্লো'বেৰী, ষ্ট্ৰবেৰী, প্লাম, চেৰি, বীট আদিৰ তুলনাত ক'লা চাউলত বেচি পৰিমানত এন্টিঅক্সিডেন্ট মজুত থাকে৷ তদুপৰি ইয়াত কেলৰি কম আৰু ফাইবাৰ বেচি পৰিমানত থাকে ৷

ক'লা চাউলৰ এটা বিশেষত্ব হ'ল ইয়াত গ্ল'টেন নামৰ প্ৰটিনবিধ নাথাকে ৷ আন চাউল, ঘেহু আদিত গ্ল'টেন থাকে ৷ খাদ্যত গ্ল'টেন থাকিলে গ্ল'টেন এলাৰ্জি আৰু চিলিয়াক ডিজিজ হোৱাৰ সম্ভাৱনা থাকে ৷ সেই দিশৰ পৰা ক'লা চাউল খোৱাসকল চিন্তামুক্ত ৷ এতিয়া ক'লা চাউলৰ আন চাউলৰ লগত তুলনামূলক বিশ্লেষণ চাওক-

১০০ গ্ৰাম সম পৰিমানৰ ক'লা চাউলৰ ভাতত প্ৰটিন থাকে ৮.৫গ্ৰাম, মূগা চাউলৰ ভাতত প্ৰটিন থাকে ৮গ্ৰাম, ৰঙা চাউলৰ ভাতত প্ৰটিন থাকে ৭গ্ৰাম, মিলত খুন্দোৱা চাউলৰ ভাতত প্ৰ'টিন থাকে ৬.৫গ্ৰাম ৷

ইয়াৰ উপকাৰিতাসমূহ জানো আহক-

১. ডায়েবেটিজ ৰোগীৰ বাবে উপযোগী: ক'লা চাউলত থকা ফাইবাৰ আৰু এন্টিঅক্সিডেন্টৰ বাবে তেজলৈ চুগাৰৰ শোষন (Absorption)কমকৈ হয়- সেয়ে টাইপ-২ ডায়েবেটিজত ই অতি উপকাৰী ৷ অৱশ্যে ডায়েবেটিজ ৰোগীৰ বাবে ই ঔষধৰ বিকল্প বুলি ভাবিলে ভুল হ'ব ৷ এই চাউলৰ গ্লাইচেমিক ইনডেক্স কম ৷ অৰ্থাৎ খাদ্য হিচাবে ইয়াৰ তেজত চুগাৰৰ ওপৰত অপকাৰী প্ৰভাৱ কমকৈ পৰে ৷ তদুপৰি ক'লা চাউলত কাৰ্বোহাইড্ৰেট কম আৰু ফাইবাৰ বেচিকৈ থাকে ৷ ক'লা চাউল হজম হ'বলৈ বেচি সময় লাগে ৷ এইবিলাক কাৰণত ডায়েবেটিজৰ ৰোগীয়ে আন চাউলৰ সলনি এই চাউল বাচি লব লাগে ৷

২. হৃদৰোগৰ পৰা সুৰক্ষা: ক'লা চাউলৰ নিয়মত সেৱনে ক'লেষ্টেৰল, ট্ৰাইগ্লিচাৰাইড আৰু এল ডি এল ক'লেষ্টেৰল কমায় ৷ তেজৰ নলীত চৰ্বিৰ প্ৰলেপ (Atherosclerosis) হবলৈ নিদিয়ে ৷ ক'লা চাউলত থকা প'টেচিয়ামে ৰক্তচাপ আৰু হৃদগতি নিয়ন্ত্ৰণত ৰাখে ৷

৩. লিভাৰৰ ৰোগত উপযোগী: এন্টিঅক্সিডেন্টে লিভাৰক সুৰক্ষা দিয়ে ফলত ফেটি লিভাৰৰ উপশম ঘটে ৷

৪. মেদবহুলতা হ্ৰাস কৰে: যিসকল লোক মেদবহুলতাৰ চিকাৰ আৰু ওজন বঢ়াৰ ভয়ত ভাত নোখোৱাকৈ থাকে, তেনে লোকসকলে নিৰ্ভয়ে ক'লা চাউল খাব পাৰে ৷ ফাইবাৰৰ উপস্থিতিয়ে ওজন কমায় আৰু সোনকালে ভোকো নলগায় ৷ ক'লা চাউলৰ ১০০গ্ৰাম সিদ্ধ ভাতত কেলৰি থাকে মাত্ৰ ৩০০ ৷ তদুপৰি দিনটোত এবাৰ ভাত খালেই উদৰ পূৰ্ণহৈ থকা যেন লাগে ৷ এনে কাৰণত তেজৰ অপকাৰী ক'লেষ্টৰলৰ লগতে শৰীৰৰ ওজনো কমে ৷

৫. পাকস্থলীৰ ৰোগ নিৰাময় কৰে: শৌচ নিয়মীয়া কৰে ৷ ওকালি, বদহজমি, ডায়েৰিয়া, ইৰিটেবল বাৱেল চিনড্ৰম আদি পেটৰ অসুখ ভাল কৰে ৷

৬. কৰ্কট ৰোগৰ পৰা সুৰক্ষা: ক'লা চাউলৰ লাগতিয়াল তত্বসমূহে শৰীৰৰ ইমিউনিটি বঢ়ায় ৷ শৰীৰৰ পৰম অহিতকাৰী ফ্ৰি-ৰেডিকেলচ্ ৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু শৰীৰক কেঞ্চাৰ ৰোগৰ পৰা সুৰক্ষা দিয়ে ৷

৭. তেজ বিশুদ্ধীকৰণ: এন্টিঅক্সিডেন্টে লিভাৰ আৰু কিডনিৰ কাম সুচলে হোৱাত সহায় কৰি শৰীৰৰ তেজ বিশুদ্ধ থকাত সহায় কৰে ৷

৮. চকুৰ সুৰক্ষা: ক'লা চাউলে কেটেৰেক্ট, গ্ল'কমাৰ পৰা সুৰক্ষা দিয়ে আৰু দৃষ্টিশক্তি বঢ়ায় ৷

৯. ছাল আৰু চুলিৰ বাবে উপযোগী: ভিটামিন-ই হ'ল চুলি আৰু চৰ্মৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় তত্ব৷ ক'লা চাউলৰ ফেচ মাস্ক বনাই লগাব পাৰি ৷

১০. হাঁপানী ৰোগ প্ৰতিৰোধক: এন্ঠোচায়ানিনে শ্বাস প্ৰনালীক সুৰক্ষা দিয়ে৷ ফ্ৰি-ৰেডিকেলচ বিনষ্ট কৰে আৰু ফলত হাঁপানীৰ চিকিৎসাত সহায়ক হয় ৷ অৱশ্যে ক'লা চাউল গ্ৰহণ কৰিলেই হাঁপানীৰ নিয়মীয়া দৰব চিকিৎসকক নজনোৱাকৈ একেবাৰে বন্ধ কৰি দিব নালাগে ৷

১১. সংক্ৰমণ প্ৰতিৰোধক: ডেংগু, চিকেনগুনিয়া,আৰ্থাইটিচ,নানাবিধ সংক্ৰমণ আৰু এলাৰ্জিৰ পৰা শৰীৰক সুৰক্ষা দিয়ে ৷

১২. মস্তিষ্কৰ সুৰক্ষা: স্মৃতিশক্তি বঢ়ায় ৷ বাৰ্ধক্যজনিত এলজাইমাৰ ৰোগ প্ৰতিৰোধ কৰে ৷

লগতে পঢ়ক: Yoga for lungs: যোগ-ব্যায়ামৰ জৰিয়তে সুস্থ-সবল কৰি ৰাখক হাঁওফাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.