ETV Bharat / sukhibhava

Aloe vera Benefits: এলোভেৰাই দূৰ কৰিব মুখৰ দাগ-বলিৰেখা, কেৱল ৰাতি এনেদৰে কৰক প্ৰয়োগ

author img

By

Published : Jul 31, 2023, 3:30 PM IST

গ্ল’য়িং ছালৰ বাবে আমি ছালৰ যত্ন লোৱাটোও প্ৰয়োজনীয় । এই ক্ষেত্ৰত আপুনি সৌন্দৰ্য সামগ্ৰীৰ সলনি আপুনি যদি এলোভেৰা জেল এনেদৰে প্ৰয়োগ কৰে তেন্তে ছালৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ পৰা উপশম পাব পাৰে । ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক-

Aloe vera will remove facial spots and wrinkles to apply at night
এলোভেৰাই দূৰ কৰিব মুখৰ দাগ-বলিৰেখা, কেৱল ৰাতি এনেদৰে কৰক প্ৰয়োগ

শাৰীৰিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ লগতে ছালৰ যত্ন লোৱাটোও সমানেই গুৰুত্বপূৰ্ণ । আমাৰ শৰীৰৰ দৰেই ছালৰ বাবেও পুষ্টিৰ প্ৰয়োজন । ছালখন নিমজ কৰি ৰাখিবলৈ মানুহে বহু ধৰণৰ সৌন্দৰ্য চিকিৎসা আৰু প্ৰসাধন সামগ্ৰী বহু ধৰণে ব্যৱহাৰ কৰে । কিন্তু গ্ল’য়িং ছালৰ বাবে আপুনি কিছুমান ঘৰুৱা উপায়ো ব্যৱহাৰ কৰিব পাৰে । বহু সময়ত বজাৰৰ পৰা কিনা সামগ্ৰী ব্যৱহাৰ কৰিলেও মুখত ব্ৰণ ব্ৰেকআউট হোৱাৰ আশংকা হ’ব পাৰে । কিন্তু সৌন্দৰ্য সামগ্ৰীৰ সলনি আপুনি যদি এলোভেৰা জেল এনেদৰে প্ৰয়োগ কৰে তেন্তে ছালৰ সৈতে জড়িত বিভিন্ন সমস্যাৰ পৰা উপশম পাব পাৰে । ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক-

ৰাতি প্ৰয়োগ কৰিব লাগে

ৰাতি টোপনি গ্ৰহণ কৰাৰ পূৰ্বে ছালখন ভালদৰে ধুব লাগে । ইয়াৰ পিছত এলোভেৰা জেলৰ এচামুচত ভিটামিন Eৰ এটা কেপচুল মিহলাই মুখত লগাব লাগে । এই মিশ্ৰণটো ৰাতি মুখত থৈ পুৱা পানীৰে ধুই ল’ব । ইয়াৰ বাবে ছালৰ দাগ আৰু ব্ৰণৰ সমস্যা সমাধান হ’ব ।

ছালখন কোমল কৰি তোলে

দিনটোৰ ধূলি আৰু মলিৰ বাবে ছালখন ৰুক্ষ হৈ পৰে আৰু কোমল হৈ থাকিব নোৱাৰে । কিন্তু এলোভেৰাত ভিটামিন E কেপচুল মিহলোৱাৰ পিছত মুখত লগালে ছালখন কোমল হৈ পৰে । ইয়াত থকা ফেটি এচিড আৰু এনজাইমে ছালখন উজ্বল কৰাত সহায় কৰে । এলোভেৰা জেল আৰু ভিটামিন E মিহলাইও আৱশ্যকীয় তেল প্ৰয়োগ কৰিব পাৰে ।

বলিৰেখা কম হয়

ছালত বলিৰেখাৰ সমস্যা কম কৰিবলৈ ইয়াক হাইড্ৰেটেড কৰি ৰখাটো প্ৰয়োজনীয় । ছালত বলিৰেখাৰ বাবে মুখৰ উজ্বলতা দূৰ হৈ যায় । ইয়াৰ ফলত ছালখনো ঢিলা হৈ পৰে । যৌৱন আৰু উজ্জ্বল ছালৰ বাবে এলোভেৰা জেল আৰু ভিটামিন E কেপচুল ব্যৱহাৰ কৰক । ইয়াৰ বাবে ছালৰ আৰ্দ্ৰতা অক্ষত অৱস্থাত থাকে আৰু ছালখনো টান হৈ পৰে । বলিৰেখাৰ পৰা হাত সাৰিবলৈ ৰাতি নিদ্ৰা গ্ৰহণ কৰিবলৈ যোৱাৰ পূৰ্বে ভিটামিন ই কেপচুলেৰে ছালত মালিচ কৰিব পাৰে ।

লগতে পঢ়ক: Hugging Benefits: প্ৰেম তথা স্বাস্থ্য দুয়োটাৰে বাবে প্ৰয়োজনীয় আলিংগন, ইয়াৰ ৪টা ডাঙৰ উপকাৰিতা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.