ETV Bharat / sukhibhava

Mental Health: মগজুক সুস্থ তথা সুখী কৰি ৰখা কাৰ্যকলাপ, যিয়ে আপোনাক কৰি তুলিব আনতকৈ পৃথক - ৪টা সুখী হৰম’ন কি কি

মানসিকভাৱে সুস্থ হৈ থকাটোও শাৰীৰিকভাৱে সুস্থ হোৱাৰ দৰেই গুৰুত্বপূৰ্ণ ৷ এই দুয়োটাই ইটোৱে আনটোৰ সৈতে সংযুক্ত ৷ যিকোনো এটাৰ অৱনতিৰ ফলত আনটোৰ ওপৰতো বেয়া প্ৰভাৱ পৰে, গতিকে এনে কিছুমান কামৰ বিষয়ে জানো আহক যিয়ে আপোনাৰ মনটোক সুস্থ আৰু সুখী কৰি ৰাখে ৷

Activities that keep your brain healthy and happy and make you smarter than others
মগজুক সুস্থ তথা সুখী কৰি ৰখা কাৰ্যকলাপ, যিয়ে আপোনাক কৰি তুলিব আনতকৈ পৃথক
author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 5:32 PM IST

যদি আপুনি নিজকে আত্মবিশ্বাসী, স্মাৰ্ট ব্যক্তিত্ব হিচাপে গঢ়ি তুলিব বিচাৰে, তেন্তে ইউটিউবত প্ৰেৰণাদায়ক ভিডিঅ’ চাই আৰু দুখনমান কিতাপ পঢ়িলে কোনো লাভ নহ’ব ৷ আন কিছুমান কথাত গুৰুত্ব দিব লাগিব ৷ আজিকালি মানুহে বেছিভাগ সময় ফোন বা টিভিত কটায় ৷ নতুন কিবা এটা কৰিবলৈ আৰু শিকিবলৈ উৎসাহিত নহয় ৷ ফোনত নিমগ্ন হৈ থকাটোৱেও শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায় ৷ গতিকে আজি আমি আপোনালোকক এনে কিছুমান উপায় ক'ম, যাৰ সহায়ত আপুনি নিজকে আনৰ পৰা পৃথক কৰি স্মাৰ্ট হোৱাই নহয়, মানসিকভাৱেও সুস্থ আৰু সুখী হৈ থাকিব পাৰিব ৷

আচলতে ইয়াত আমি এনেকুৱা কিছুমান কামৰ বিষয়ে জানিবলৈ ওলাইছো, যিবোৰ আপুনি অফিচ বা কলেজৰ পিছত পোৱা সময়ত শিকিব পাৰে বা কৰিব পাৰে ৷ এইবোৰ কামৰ বেছিভাগেই এনেকুৱা যে কেনেকৈ কৰিব লাগে সকলোৱে নাজানে ৷ এনে পৰিস্থিতিত এইবোৰ নিশ্চিতভাৱে শিকিলে আপুনি আনৰ পৰা পৃথক হ’ব পাৰে ৷

শাৰীৰিক কাৰ্যকলাপ কৰা বা শিকি থকা

যোগ বা ব্যায়ামৰ দ্বাৰা দিনটোৰ আৰম্ভণি কৰক আৰু ইয়াক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক ৷ শাৰীৰিক কাৰ্যকলাপ যিয়েই নহওক কিয়, ই আপোনাক কেৱল সুস্থ কৰি ৰখাই নহয়, আত্মবিশ্বাসীও কৰি তোলে ৷ আনৰ পৰা আঁতৰি থাকিবলৈ আপুনি কিছুমান ভিন্ন কাৰ্যকলাপ শিকিব পাৰে, যেনে কিক বক্সিং, পাইলেটছ, কাৰাটে বা কেলিষ্টেনিক্স ৷ এইবোৰ কৰি মনটোৰ লগতে আপুনি আপোনাৰ শৰীৰকো সুস্থ কৰি ৰাখিব পাৰে ৷

নতুন ভাষা শিকি থকা

অলপ কঠিন হ’ব পাৰে, কিন্তু বিশ্বাস কৰক, ইয়াৰ পৰা আপুনি দুগুণ লাভ পাব ৷ প্ৰথমেতো, আপুনি এটা নতুন ভাষা শিকিব পাৰিব আৰু দ্বিতীয়তে, আপুনি ভিৰৰ মাজৰ পৰা নিজকে পৃথক ৰাখিব পাৰে ৷ ইয়াৰ দ্বাৰা কেৰিয়াৰ বৃদ্ধিতো সহায় হ’ব পাৰে ৷

সংগীত বা নৃত্যৰ শিক্ষাগ্ৰহণ

আপুনি লক্ষ্য কৰিছেনে যে জিমৰ দৰে সংগীত বা নৃত্যৰ ক্লাছত কেতিয়াও ইমান ভিৰ নাপায়, কিয় হয় ? কাৰণ বাদ্যযন্ত্ৰ শিকা বা বিশেষ নৃত্য শিকিব পৰাটো সকলোৰে হাতৰ মুঠিত নাই, গতিকে যদি আপুনি আনতকৈ বেলেগ আৰু স্মাৰ্ট দেখাব বিচাৰে তেন্তে এই কাম কৰাৰ চেষ্টা কৰক ৷ আটাইতকৈ ভাল কথাটো হ’ল এইবোৰ এনেকুৱা কাম যিয়ে মগজুকো সুস্থ কৰি ৰাখে ৷

ভ্ৰমণ

ভ্ৰমণ নিঃসন্দেহে এটা চখ যদিও ই মনটোক সুস্থ আৰু সুখী কৰি ৰাখে ৷ ভ্ৰমণৰ সময়ত বহু মানুহ লগ পোৱা যায়, বহুতো চিনাকি আৰু কেতিয়াবা অচিনাকি ঠাই এক্সপ্লোৰ কৰে ৷ এই সময়ছোৱাত লাভ কৰা তথ্যই নিঃসন্দেহে আপোনাক আত্মবিশ্বাসী কৰি তুলিব আৰু আপোনাৰ পৰিচয় বেলেগ হ’ব ৷

লগতে পঢ়ক: Cucumber Benefits: প্ৰতিদিনে খাওক ফিচেটিন সমৃদ্ধ তিয়ঁহ, বৃদ্ধি হ’ব আপোনাৰ স্মৃতিশক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.