অপ্ৰয়োজনীয়ভাৱে সিদ্ধান্ত বা কাৰ্য পিছুৱাই দিয়াৰ কাৰ্যই প্ৰায়ে সফলতাৰে লক্ষ্য অনুসৰণ কৰাত বাধাৰ সৃষ্টি কৰে ৷ বিলম্বন নতুবা এলাহে এজন ব্যক্তিৰ শাৰিৰীক মানসিক বিকাশত বাধাৰ সৃষ্টি কৰে ৷ এলাহৰ বশৱৰ্তী হোৱা প্ৰতিজন মানুহেই জীৱনত বৰ্ধিত চাপ আৰু অনুন্নত শাৰীৰিক, মানসিক স্বাস্থ্যৰ সৈতে মোকাবিলা কৰিব লাগে ৷ টুইটাৰত UpSkillYourLife ৰ এটা থ্ৰেড অনুসৰি, আমি পলম কৰাৰ কিছুমান কাৰণ আছে ( Reasons why we procrastinate) ৷ এই কাৰণবোৰৰ আঁৰৰ মনোবৈজ্ঞানিক তথ্য বুজি লৈ সেইবোৰৰ অতিক্ৰম কিদৰে কৰিব লাগে জানো আহকচোন-
1. পাৰফেক্টনিষ্টৰ ভয়(A perfectionist's fear)
এজন ব্যক্তিৰ অৱচেতন মনত থকা বিফলতাৰ ভয়ৰ ফলত পলম হয় । সাম্ভাৱ্য নেতিবাচক পৰিণামৰ সন্মুখীন হোৱাৰ ভয়তো এজন ব্যক্তিয়ে কাম পিছলৈ পেলাই থয় । বিলম্বনৰ আন এটা মুখ্য অৱদান হ'ল ভাল ধৰণে কাম কৰাৰ সলনি কামবোৰ 'সঠিক ধৰণে' সম্পন্ন কৰাৰ মানসিকতা ।
কেনেদৰে এই চিন্তাৰ পৰা মুক্ত কৰিব নিজকে ?
কাম এটা ইতিবাচকভাৱে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক । তাৰ আগতে বুজি ল’ব যে নিখুঁততা এটা ভিত্তিহীন ধাৰণা । আপোনাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰক আৰু ইয়াৰ প্ৰয়োজনীয়তা চিনাক্ত কৰক ।
2. সপোন দেখাজনৰ সপোনটো পূৰাবলৈ কামৰ প্ৰতি অনিহা(A dreamer's lack of action)
আমি প্ৰায়ে আমাৰ সৃষ্টিশীলতাৰ ভিত্তিত যিকোনো কামৰ পৰিকল্পনা আৰু অনুসূচী তৈয়াৰ কৰোঁ । সৃষ্টিশীল কামবোৰে পূৰ্ণতা নোপোৱাৰ এটা কাৰণ হৈছে আমি ভাবোতে বহুত ভাবো কিন্তু সেইবোৰ কাৰ্যকৰী কৰিব নোৱাৰো । এইটো তেতিয়া হয় যেতিয়া ধাৰণাটো নিশ্চিত হোৱাৰ পিছত কোনো দৃঢ় লক্ষ্য নিৰ্ধাৰণ কৰা নহয় । ইয়াৰ উপৰিও এক লক্ষ্যবিহীন দৃষ্টিভংগীয়ে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অভাৱ আৰু পলম হোৱাত অৰিহণা যোগায় ৷
কেনেদৰে মুক্ত কৰিব নিজকে ইয়াৰ পৰা ?
এটা সঠিক লক্ষ্য নিশ্চিত কৰি লোৱাৰ পিছত আপুনি সেই লক্ষ্যত উপনীত হ’বলৈ সময় নিৰ্ধাৰণ কৰি ল’ব পাৰে ৷ সেই লক্ষ্য আপুনি কেতিয়া আৰু কেনেদৰে বিচাৰে তাৰ এটা আঁচনি তৈয়াৰ কৰি ল’ব পাৰে ৷ নিজকে সঠিক পথত আৰু দায়বদ্ধ কৰি ৰাখিবলৈ এই অভ্যাস নিয়মীয়াকৈ প্ৰয়োগ আৰু অনুশীলন কৰক ৷
3.কাম এটা পৰিহাৰ কৰাৰ প্ৰৱণতা(An overwhelmed avoider)
প্ৰায়ে আমি কৰিব নিবিচৰা কামবোৰক অত্যাধিক বুলি গণ্য কৰো । এনে পৰিস্থিতিত কাম এটাৰ ক্ষেত্ৰত আমি পলম কৰাটো স্বাভাৱিক । মানসিকভাৱে, কাম এটাৰ জটিলতাই মস্তিষ্কৰ অনুপ্ৰেৰণা হ্ৰাস কৰে আৰু ইয়াক সম্পূৰ্ণৰূপে পৰিহাৰ কৰে ।
কেনেদৰে এই চিন্তাৰ পৰা মুক্ত কৰিব নিজকে ?
প্ৰত্যাহ্বানমূলক কামবোৰ নিম্নলিখিত সৰু কাম হিচাপে ভাগ কৰি লওক আৰু সেইবোৰৰ প্ৰতিটোকে পৃথকে পৃথকে কৰিবলৈ লওক ।
4.কামক প্ৰাধান্য দিয়াৰ ক্ষেত্ৰত দুৰ্বলতা(A busy bee who lacks prioritization)
যেতিয়া এজন মানুহৰ হাতত বহুত কাম থাকে, প্ৰতিটো কামৰ তাৎপৰ্য চিনাক্ত কৰি এটা শৃংখলত সেই কাম কৰাটো অলপ কঠিন হৈ পৰে ৷ বহুক্ষেত্ৰত, এটা কামৰ পৰা আন এটা কামলৈ যোৱাত যথেষ্ট সময় অপচয় হয় বা কি কৰিব লাগে সেই বিষয়ে সিদ্ধান্ত লোৱাত অসুবিধা সৃষ্টি হয় । লগতে কেতিয়াবা মাল্টিটাস্কিঙে কামবোৰত খেলিমেলিৰ সৃষ্টি কৰিব পাৰে ।
কেনেদৰে মুক্ত কৰিব নিজকে ইয়াৰ পৰা ?
আপোনাৰ কামক অগ্ৰাধিকাৰ দিয়ক আৰু প্ৰয়োজনীয় কামতকৈ অধিক গুৰুত্বপূৰ্ণ কাম বাছনি কৰক । প্ৰতিটো কামৰ মূল্য আৰু উদ্দেশ্যৰ বিষয়ে নিজকে প্ৰশ্ন কৰক আৰু বুজি লওক, তাৰ পিছত সেইবোৰৰ গুৰুত্ব অনুসৰি এখন তালিকা প্ৰস্তুত কৰক ।
5.অমনোযোগিতাৰ প্ৰৱণতা(Distraction-prone)
বিভ্ৰান্তিও বিলম্বনৰ এটা মুখ্য কাৰণ কিয়নো আমাৰ মগজুৰ অতিমাত্ৰা দীঘলীয়া সময়ৰ বাবে কিবা এটাত মনোযোগ দিবলৈ দক্ষতা নাথাকে । এটা কামৰ পৰা আঁতৰ হওতে আমাৰ মনটোৱে সদায় আন কিবা কৰিব বিচাৰে ।
কেনেদৰে চম্ভালিব ?
আপোনাৰ কামৰ পৰিসৰ আৰু সাম্ভাব্য অমনোযোগিতাৰ প্ৰৱণতা মনত ৰাখিব । এবাৰত 20-30 মিনিটৰ বাবে একেলেথাৰিয়ে কাম কৰক আৰু তাৰ পিছত 5 মিনিটৰ বিৰতি লওক ।
লগতে পঢ়ক: নিম্ন গ্লাইচেমিক সূচক আহাৰে হৃদৰোগীৰ ওজন হ্ৰাস কৰাত সহায় কৰে