ETV Bharat / state

পশ্চিম কাৰ্বি আংলঙত অব্যাহত আছে চোৰাং কাঠৰ বেহা - Illegal wood latest news

উল্লেখযোগ্য যে বন বিভাগৰ নিয়মীয়া অভিযানত বিভাগটোৱে ঘটনাস্থলীৰ পৰা এম এল ০৪ বি-৮৪৯৪ নম্বৰৰ এখন মটৰ চাইকেল (ডিছকভাৰ) জব্দ কৰাৰ লগতে কাঠ ফলা যন্ত্ৰচালিত এখন কৰত জব্দ কৰিবলৈ সক্ষম হয় । কিন্তু চোৰাং কাঠৰ অবৈধ কাৰ্যৰ সৈতে জড়িত কোনো এজন ব্যক্তিকে কৰায়ত্ত কৰিবলৈ সক্ষম নহয় অভিযানকাৰী দলটোৱে ৷

Karbi Anglong
পশ্চিম কাৰ্বি আংলঙত অব্যাহত আছে চোৰাং কাঠৰ বেহা
author img

By

Published : Jul 18, 2020, 7:35 PM IST

পশ্চিম কাৰ্বি আংলং, 18 জুলাইঃ অসম-মেঘালয়ৰ সীমান্তৰ পশ্চিম কাৰ্বি আংলঙত অব্যাহত আছে চোৰাং কাঠৰ বেহা। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত জেৰিকীন্দেঙৰ ইংহীন-লাংছ' নামৰ ঠাইত অবৈধ আৰু চোৰাংভাৱে ফালি ৰখা কাঠ জব্দ কৰে খেৰণি বন বিভাগে। কাৰ্বি আংলঙৰ পৰা মেঘালয়লৈ চোৰাং কাঠ ব্যৱসায়ীয়ে কাঠ সৰবৰাহ কৰাৰ পৰিকল্পনাৰে জব্দ হোৱা কাঠখিনি ফালিছিল ৷

Karbi Anglong
পশ্চিম কাৰ্বি আংলঙত অব্যাহত আছে চোৰাং কাঠৰ বেহা

লগতে পঢ়কঃ নিষ্ঠাবান আৰক্ষী বিষয়া ৰঞ্জিত দাসৰ দেহাৱসান

উল্লেখযোগ্য যে বন বিভাগৰ নিয়মীয়া অভিযানত বিভাগটোৱে ঘটনাস্থলীৰ পৰা এম এল ০৪ বি-৮৪৯৪ নম্বৰৰ এখন মটৰ চাইকেল (ডিছকভাৰ) জব্দ কৰাৰ লগতে কাঠ ফলা যন্ত্ৰচালিত এখন কৰত জব্দ কৰিবলৈ সক্ষম হয় । কিন্তু চোৰাং কাঠৰ অবৈধ কাৰ্যৰ সৈতে জড়িত কোনো এজন ব্যক্তিকে কৰায়ত্ত কৰিবলৈ সক্ষম নহয় অভিযানকাৰী দলটোৱে ৷ বিৱৰণী অনুসৰি বিভাগীয় লোক উক্ত স্থান পোৱাৰ পূৰ্বেই কাঠ চুৰ কেইজন পলায়ন কৰে । এনেদৰে আজিও চোৰাং কাঠৰ বেহা আৰু বন ধ্বংসৰ যজ্ঞ অব্যাহত আছে অসম-মেঘালয়ৰ সীমান্তৰ পশ্চিম কাৰ্বি আংলঙৰ এনেবোৰ অঞ্চলত।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.