হোজাই , ২৯ ডিচেম্বৰ : ৰাজ্য়ত অব্য়াহত আছে হাতী আৰু মানুহৰ সংঘাত । তাৰ মাজতে কাৰ্বি আংলঙ জিলাৰ খেৰণিত পুনৰ বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হয় এগৰাকী বৃদ্ধৰ ।
পশ্চিম কাৰ্বি আংলঙ জিলাৰ বৃহত্তৰ খেৰণি অঞ্চলত প্ৰায় প্ৰতি দিনে বনৰীয়া হাতীয়ে উপদ্ৰৱ চলোৱাৰ ফলত আতংকময় পৰিবেশৰ সৃষ্টি হৈছে । উজাগৰে নিশা পাৰ কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে ৷
মঙলবাৰে বাগিছাডুবি গাঁৱত হাতীৰ আক্ৰমণৰ ফলত মৃত্যু হয় ৬০ বছৰ বয়সৰ এগৰাকী বৃদ্ধৰ । ঘটনাৰ পিছতে শোকত মৃয়মান অঞ্চলটোৰ ৰাইজ । মৃত বৃদ্ধ গৰাকী হৈছে খেৰণি থানাৰ অন্তর্গত হোম বাহাদুৰ ছেত্ৰী । পথাৰত কাম কৰিবলৈ ঘৰৰ পৰা গৈ থকাৰ পথত বনৰীয়া হাতীয়ে আক্ৰমণ কৰাৰ ফলত মৃত্যু হয় বৃদ্ধগৰাকীৰ ৷ ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰুনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।
লগতে পঢ়ক :ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ দৰেই স্বীকৃতি নাথাকিলেও কাম কৰি যাম: দেবব্ৰত শইকীয়া