ETV Bharat / state

ওদালগুৰিত কেনেকৈ গীত গালে জুবিনে?

গুৱাহাটীত যদি শুই গান গালে, পাঠশালাত আকৌ মুষলধাৰ বৰষুণত তিতি গাই গ'ল এটাৰ পাছত আনটো জনপ্ৰিয় গীত । কিন্তু এইবাৰ ওদালগুৰিত কোলাত এটি শিশুক লৈ গীত গালে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ৷

জুবিন গাৰ্গ
author img

By

Published : May 12, 2019, 1:58 PM IST

ওদালগুৰি, 12 মেঃ জুবিন গাৰ্গ মানেই যেন ব্যতিক্ৰম । এইবাৰ অসমৰ প্ৰতিখন বিহু মঞ্চতে দেখা গ'ল জুবিনৰ ব্যতিক্ৰমী ৰূপ । গুৱাহাটীত যদি শুই গান গালে, পাঠশালাত আকৌ মুষলধাৰ বৰষুণত তিতি গাই গ'ল এটাৰ পাছত আনটো জনপ্ৰিয় গীত । কিন্তু এইবাৰ ওদালগুৰিত কোলাত এটি শিশুক লৈ গীত গালে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে ৷

ওদালগুৰিত জুবিন

ওদালগুৰিৰ পুষ্প নগৰ যুৱসমাজৰ উদ্যোগত স্থানীয় গোলমাগাঁও হাইস্কুল প্ৰাংগনত আয়োজন কৰা তৃতীয় বাৰ্ষিক ব'হাগী উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত এইদৰে সংগীত পৰিৱেশন কৰিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে ৷ প্ৰথমে মঞ্চৰ একাষত নিজৰ জোতা খুলি থৈ দৰ্শকৰ মাজৰ পৰা এটি শিশুক কোলাত তুলি লৈ সংগীত পৰিৱেশন কৰিবলৈ লয় জুবিন গাৰ্গে ৷ শিল্পীগৰাকীৰ মতে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ মুষলধাৰ বৰষুণৰ মাজতে তেওঁ সংগীত পৰিৱেশন কৰি আছে ৷ ইয়াৰ বাবে শিল্পীগৰাকীৰ জোতাকেইযোৰ হেনো তিতি আছে ৷ সেয়েহে মঞ্চৰ কাষত জোতা খুলি থৈ এইদৰে সুৰৰ মায়াজাল ৰচে জুবিনে ৷

Intro:ওদালগুৰিত ব্যতিক্ৰমী ৰূপত জুবিন গাৰ্গ
খালী ভৰিৰে কোলাত শিশু লৈ পৰিৱেশন কৰিলে জনপ্ৰিয় গীত:
Body:
জুবিন মানেই যেন ব্যতিক্ৰম। এইবাৰ অসমৰ প্ৰতিখন বিহু মঞ্চতে দেখা গ'ল জুবিনৰ ব্যতিক্ৰমী ৰূপ। কৰবাত যদি শুই গান গালে, আন কৰবাত আকৌ মুখলধাৰ বৰষুণত তিতি গাই গ'ল এটাৰ পাছত আনটো জনপ্ৰিয় গীত। এইবাৰ ওদালগুৰিৰ মঞ্চত খালী ভৰিৰে কোলাত শিশু লৈ গীত পৰিৱেশন কৰিলে জুবিনে। ইফালে ৰাজ্যত সমাগত বানপানীত পুনৰ ভুক্তভুগী ৰাজ্যৱাসীৰ ওচৰলৈ ওলাই যাব বুলি প্ৰকাশ কৰে। ৰাজ্যত নেৰানেপেৰাকৈ চলি থকা বৰষুণৰ বাবে শিল্পীগৰাকীৰ প্ৰতিজোৰ জোতাই হেনো তিতা। ফলত তিতা জোতা পিন্ধি আহি বিহুমঞ্চত জোতা খুলি খালী ভৰিৰে সংগীত পৰিৱেশনৰ কথা জানিবলৈ দিয়ে।
ওদালগুৰিৰ পুষ্প নগৰ যুৱসমাজৰ উদ্যোগত স্থানীয় গোলমাগাওঁ হাইস্কুল প্ৰাঙ্গণত আয়োজন কৰা তৃতীয় বাৰ্ষিক বহাগী উৎসৱ ২০১৯ৰ সাংস্কৃতিক সন্ধিয়াৰ মূল আকৰ্ষণ আছিল জনপ্ৰিয় কণ্ঠশিল্পী অসমৰ নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ সংগীতানুষ্ঠান। সাংস্কৃতিক মঞ্চত এটাৰ পাছত আনটো জনপ্ৰিয় গীতৰ লগতে শিল্পীগৰাকীয়ে গালে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কালজয়ী গান। কিন্তু হঠাৎ জুবিন গাৰ্গক দেখা গ'ল এক ব্যতিক্ৰমী ৰূপত। জনপ্ৰিয় গীতসমূহ গাই থকাৰ মাজতে মঞ্চৰ এটা চুকত নিজৰ জোতা খুলি থ'লে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে। জোতা খুলি খালী ভৰিৰে এটাৰ পাছত আনটো জনপ্ৰিয় গীত পৰিৱেশন কৰিলে নৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। কেৱল এয়াই নহয় খালী ভৰিৰে গান গাই থকা জুবিনে হঠাৎ দৰ্শকৰ মাজৰ পৰা এটি শিশুক নিজৰ কোলাত তুলি ল'লে। জুবিনৰ এই নতুন ৰূপে দৰ্শকে দিলে চিঞৰ। কিন্তু কি কাৰণত জুবিনে নিজৰ জোতাযোৰ মঞ্চত খুলি থ'লে এই বিষয়েও নিজৰ মত ব্যক্ত কৰে জুবিনে। আচলতে ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ চলি আছে মুখলধাৰ বৰষুণ। ইয়াৰ মাজতে চলি আছে শিল্পীগৰাকীৰ ধাৰাবাহিক সঙ্গীতৰ অনুষ্ঠান। ফলত শিল্পীগৰাকীৰ প্ৰতিজোৰ জোতা এতিয়া তিতি আছে। সেয়েহে তিতা জোতা মঞ্চত খুলি খালী ভৰিৰেই দৰ্শকত এটাৰ পাছত আনটো গীত গাই মুগ্ধ কৰিলে শিল্পীগৰাকীয়ে। ইয়াৰ মাজতে ছবিগৃহলৈ আহিবলগীয়া 'কাঞ্চনজংঘা' আৰু 'ৰত্নাকৰ' ছবি দুখন ৰাইজক চাবলৈ আহ্বান জনাই জুবিলে। ইফালে ৰাজ্যত সমাগত বানপানীৰ বাবে একপ্ৰকাৰ শিল্পীগৰাকীয়ে চৰকাৰখনৰ প্ৰতি ক্ষুদ্ধ হৈ বানপানীৰ সময়ত পুনত ৰাজ্যৱাসীৰ মাজলৈ তেওঁ ওলাই যাব বুলি শিল্পীগৰাকীয়ে সাংবাদিকৰ আগত মত ব্যক্ত কৰে। বিভিন্ন দল সংগঠনে মঞ্চতে সম্বৰ্ধনা জ্ঞাপন কৰা শিল্পীগৰাকীয়ে গাই গ'ল এনেদৰে এটাৰ পাছত আনটো জনপ্ৰিয় গীত।
Byte zubeenConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.