টংলা, 27 আগষ্টঃ কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে মঙলবাৰে টংলা মহাবিদ্যালয়ত উপস্থিত হ'ল জুবিন গাৰ্গ। জুবিনে কাঞ্চনজংঘা চাবৰ বাবে সকলোকে আহ্বান জনোৱাৰ লগতে ক'লে নিজৰ পৰিকল্পনাৰ কথা। কাঞ্চনজংঘাত শ্ৰেণী বিভাজনৰ বিৰোধিতাৰ বক্তব্য ৰখা বুলি উল্লেখ কৰি পৰৱৰ্তী সময়ত 'বাক' নামেৰে এখন অৰিয়েন্টেল চিনেমা নিৰ্মাণ কৰাৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰে জুবিনে ৷ লগতে কেব সম্পৰ্কত নিজৰ স্থিতি অটুট ৰখা বুলি পুনৰ ঘোষণা কৰি অহা 31 আগষ্টত শুদ্ধ এন আৰ চি প্ৰকাশৰ আশা কৰিছে বুলিও কয় ৷ এন আৰ চি প্ৰকাশৰ পিছত সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈও আহ্বান জনাই অনুষ্ঠানত। টংলা মহাবিদ্যালয়ৰ প্ৰচাৰ অনুষ্ঠানত ছবিখনৰ অভিনেতা পবিত্ৰ ৰাভাৰ লগতে ছবিখনৰ লগত জড়িত বহু কেইজন শিল্পী উপস্থিত থাকে।
টংলাত জুবিনৰ কাঞ্চনজংঘাৰ প্ৰচাৰ - টংলা মহাবিদ্যালয়
টংলা মহাবিদ্যালয়ত কাঞ্চনজংঘাৰ প্ৰচাৰ ৷ নতুন চিনেমাৰ নাম ঘোষণা ৷ প্ৰচাৰ অনুষ্ঠানত ছবিখনৰ অভিনেতা পবিত্ৰ ৰাভাৰ লগতে বহু কেইজন শিল্পী উপস্থিত থাকে ৷
টংলা, 27 আগষ্টঃ কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে মঙলবাৰে টংলা মহাবিদ্যালয়ত উপস্থিত হ'ল জুবিন গাৰ্গ। জুবিনে কাঞ্চনজংঘা চাবৰ বাবে সকলোকে আহ্বান জনোৱাৰ লগতে ক'লে নিজৰ পৰিকল্পনাৰ কথা। কাঞ্চনজংঘাত শ্ৰেণী বিভাজনৰ বিৰোধিতাৰ বক্তব্য ৰখা বুলি উল্লেখ কৰি পৰৱৰ্তী সময়ত 'বাক' নামেৰে এখন অৰিয়েন্টেল চিনেমা নিৰ্মাণ কৰাৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰে জুবিনে ৷ লগতে কেব সম্পৰ্কত নিজৰ স্থিতি অটুট ৰখা বুলি পুনৰ ঘোষণা কৰি অহা 31 আগষ্টত শুদ্ধ এন আৰ চি প্ৰকাশৰ আশা কৰিছে বুলিও কয় ৷ এন আৰ চি প্ৰকাশৰ পিছত সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈও আহ্বান জনাই অনুষ্ঠানত। টংলা মহাবিদ্যালয়ৰ প্ৰচাৰ অনুষ্ঠানত ছবিখনৰ অভিনেতা পবিত্ৰ ৰাভাৰ লগতে ছবিখনৰ লগত জড়িত বহু কেইজন শিল্পী উপস্থিত থাকে।
জুবিন গাৰ্গৰ পৰৱৰ্তী ছবিৰ নাম হ'ব বাঘ
টংলাত এই ঘোষণা জুবিনৰ।
কেবত মাত মাতিছো, যদি এন আৰ চিত গণ্ডগোল হৈ তাতো মাত মাতিব বুলিও ঘোষণা কৰিলে জুবিনে।
Body:
এতিয়া অসমৰ মহাবিদ্যালয়ে মহাবিদ্যালয়ে কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে ব্যস্ত জুবিন। ছবি খনৰ প্ৰচাৰৰ বাবে আজি টংলা মহাবিদ্যালয়ত উপস্থিত হ'ল জুবিন গাৰ্গ। জুবিনে কাঞ্চনজংঘা চাবৰ বাবে সকলোকে আহ্বান কৰাৰ লগতে ক'লে জুবিনৰ নিজৰ পৰিকল্পনাৰ কথা। কাঞ্চন জংঘাৰ জৰিয়তে সমাজৰ শ্ৰেনী বিভাজনৰ বিৰোধীতা কৰাৰ লগতে জুবিনে গাৰ্গে কলে আমি সকলো অসমীয়া। 'বাঘ' নামেৰে এখন অৰিয়েনটেল চিনেমা নিৰ্মান কৰাৰ পৰিকল্পনাৰ কথাও জনালে জুবিনে। আনহাতে ৩১ আগষ্টত প্ৰকাশ হ'ব লগা এন আৰ চিৰ চূড়ান্ত তালিকাৰ সন্দৰ্ভতো মন্তব্য কৰে জুবিনে। কেবত মাত মাতিছো, যদি এন আৰ চিত গণ্ডগোল হৈ তাতো মাত মাতিব বুলিও ঘোষণা কৰিলে জুবিনে। জুবিনে এখন শুদ্ধ এনআৰচি বিচাৰো বুলি কোৱাৰ লগতে এন আৰ চি প্ৰকাশৰ পিছত সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈও আহ্বান কৰে । টংলা মহাবিদ্যালয়ৰ প্ৰচাৰ অনুষ্ঠানত ছবিখনৰ অভিনেতা পবিত্ৰ ৰাভাৰ লগতে ছবিখনৰ লগতে জড়িত বহু কেইজন শিল্পী উপস্থিত থাকে।
Byte-ZubeenConclusion: