ETV Bharat / state

মডেল বিটিচিৰ ফোপোলা স্বৰূপ - খোৱা পানীৰ বাবে হাহাকাৰ

জন স্বাস্থ্য বিভাগৰ মন্ত্রী ৰিহন দৈমাৰীৰ গৃহ জিলাত এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ৰাইজৰ।

মডেল বিটিচিৰ ফোপোলা স্বৰূপ
author img

By

Published : Mar 12, 2019, 4:26 PM IST

ওদালগুৰি , ১২ মাৰ্চ : দেশে স্বাধীনতা লাভ কৰা ৭ টা দশক পাৰ হোৱা পাচতো উন্নয়নে চুব পৰা নাই ওদালগুৰি জিলাৰ অৰুণাচল সীমান্তৰ অঞ্চলৰ একাংশ গাঁও । হাগ্ৰামা মহিলাৰীয়ে মডেল বিটিচিৰ কথা যিমানেই নকওঁক কিয় বিটিচিৰ উন্নয়নৰ নগ্ন স্বৰূপ দেখা পোৱা গ'ল ওদালগুৰিৰ জিলাৰ মাজবাট বিধান সভাৰ অন্তৰ্গত অসম- অৰুণাচল সীমান্তৰ লামাবাৰী ভি চি ডি চিৰ অন্তৰ্গত চৌৰাংজুলি গাঁৱত।

মডেল বিটিচিৰ ফোপোলা স্বৰূপ

উন্নয়নৰ পোহৰ নেদেখা এই গাঁও খনত বিগত কেইবা বছৰৰ পৰা অঞ্চলটোৰ ৰাইজে নদীৰ পৰা অহা জুৰীৰ পানীয়ে খাই জীৱন নিৰ্বাহ কৰি থাকিব লগীয়া হৈছে । পুৱাৰ পৰা বিয়লি লৈকে গাঁৱবাসীয়ে হাতে হাতে বাল্টি, কলহ আদি লৈ পানী সংগ্ৰহ কৰাটো এতিয়া নিয়মীয়া কামত পৰিণত হৈছে । তদুপৰি এই পানীতে গা ধোব লগীয়া হৈছে গাঁৱৰ ৰাইজে । জীৱ জন্তুয়েও সেৱন কৰিবলৈ লগীয়া হৈছে একে খিনি পানী । অঞ্চল টোত অধিক পৰিমাণৰ শিল থকা বাবে কুঁৱা , দমকল আদি স্থাপনত ব্যৰ্থ হৈছে গাঁওবাসী । সেয়ে নদীৰ পানী জুৰিলৈ বোঁৱাই আনি ব্যৱহাৰ কৰি আছে গাঁওবাসীয়ে । এই পানী ব্যৱহাৰৰ ফলত বিভিন্ন বেমাৰেও দেখা দি আহিছে গাঁও খনত । ইপিনে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি ৰাজ্যৰ জন স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত চকুমদা কুলিৰ ভাও ধৰি আহিছে । আনহাতে কেতিয়াবা জুৰিটোত জীৱ জন্তুৰ শৱ পৰি থকাৰ পাচতো এই পানীকে সেৱন কৰিব লগীয়া হয় বুলিও ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে । এইয়াই নহয় গাঁও খনৰ বাট পথৰ অৱস্থাও হল পুতৌ জনক । এই ক্ষেত্ৰত স্থানীয় মঙলদৈ সমষ্টিৰ সাংসদ ৰমেন ডেকা আৰু স্থানীয় মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োৰ ভূমিকাটো অসন্তুষ্টি প্ৰকাশ কৰে স্থানীয় ৰাইজে ।

Intro:মডেল বিটিচিৰ ফোঁপোলা স্বৰূপ। জন স্বাস্থ্য বিভাগৰ মন্ত্রী ৰিহন দৈমাৰীৰ গৃহ জিলাতে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ ৰাইজৰ।

Body:

দেশে স্বাধীনতা লাভ কৰা ৭০ টা বছৰৰ পিছতো উন্নয়নে চুব পৰা নাই ওদালগুৰি জিলাৰ অৰুণাচল সীমান্তৰ অঞ্চলৰ একাংশ গাঁও। হাগ্ৰামা মহিলাৰীয়ে মডেল বিটিচিৰ কথা যিমানেই নকওঁক কিয় বিটিচিৰ উন্নয়নৰ নগ্ন স্বৰূপ দেখা পোৱা গল ওদালগুৰিৰ জিলাৰ মাজবাট বিধান সভাৰ অন্তৰ্গত অসম- অৰুণাচল সীমান্তৰ লামাবাৰী ভি চি ডি চিৰ অন্তৰ্গত চৌৰাংজুলি গাওঁত। উন্নয়নৰ পোহৰ নপৰা এই গাঁও খনত বিগত কেইবা বছৰৰ পৰা অঞ্চলটোৰ ৰাইজে নদীৰ পৰা অহা এই জুৰীৰ পানীয়ে খাই জীৱন নিৰ্বাহ কৰি থাকিব লগীয়া হৈছে। পুৱাৰ পৰা আবেলিলৈ গাঁওৰ লোকে হাতে হাতে বাল্টি, কলহ, গেলান, ড্ৰাম আদিলৈ পানী সংগ্ৰহ কৰাটো এতিয়া নিয়মীয়া কামত পৰিণত হৈছে। আনকি কোলাত কেঁচুৱা লৈয়ো পানী সংগ্ৰহ কৰিব লগা হৈছে গাঁওৰ মহিলা সকলে। এয়াই নহয়। এই পানীতে গাঁওৰ ৰাইজে গা ধোঁব লগা হৈছে । জীৱ জন্তুয়ো একে খিনি পানীকে জীয়াই থাকিবলৈ পান কৰিব লগা হৈছে । অঞ্চল টোত অধিক পৰিমাণৰ শিল থকা বাবে কোৱা, দমকল আদি স্থাপনত ব্যৰ্থ হয় নদীৰ পানী বোৱাই আনি এই জুৰিটো ব্যৱহাৰ কৰি আহিছে গাঁও বাসীয়ে। এই পানী ব্যৱহাৰৰ ফলত বিভিন্ন বেমাৰেও দেখা দি আহিছে গাঁও খনত। কিন্তু এই ক্ষেত্ৰত চকুমদা কুলিৰ ভাও ধৰা দেখা গৈছে ৰাজ্যৰ জন স্বাস্থ্য বিভাগ। বিভাগটোৰ কোনো আঁচনীয়ে যেন ঢুকি নাপালে এই গাঁও খনত।
ফলত কেতিয়াবা জুৰিটোত জীৱ জন্তুৰ শৱ দেহ পৰি থকাৰ পিছতো এই পানীকে সেৱন কৰিব লগা হয় বুলিও স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । খোদ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীৰ গৃহ জিলাতে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা অৱস্থাই সকলোৰে মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এইয়াই নহয় গাঁও খনৰ বাট পথৰ অৱস্থাও হল পুতৌ জনক । এই ক্ষেত্ৰৰ স্থানীয় মঙ্গলদৈ লোক সভা সমষ্টিৰ সাংসদ ৰমেন ডেকা আৰু স্থানীয় মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োৰ ভূমিভাটো অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাইজে

BYTE 1TO 3- LOCAL PEOPLE

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.