ETV Bharat / state

টংলাত গড়কাপ্তানি পথ নিৰ্মানত ব্যাপক দূৰ্নীতি

author img

By

Published : Oct 20, 2019, 12:43 PM IST

পানেৰী, কলাইগাঁও আৰু ছিপাঝাৰ বিধান সভা সমষ্টি সংযোগী তথা দৰং-ওদালগুৰি জিলা সংযোগী অন্যতম ব্যস্ত ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ টংলা-মহলীয়াপাৰা গড়কাপ্তানী পথটোৰ নিৰ্মান কাৰ্য অতি লেহেমীয়া গতিৰে অব্যাহত ৰখিছে বিভাগৰ অনুমোদিত ঠিকাদাৰে ৷ নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কাৰ্য অব্যাহত ৰখা পথটো পকীকৰণৰ পিছতেই চপৰা চপৰে এৰাইছে পিট্চ ৷

টংলাত গড়কাপ্তানি পথ নিৰ্মানত চৰম দূৰ্নীতি

টংলা, 20 অক্টোবৰঃ ৰাজ্যৰ শাসনাধিস্থ চৰকাৰখনে দূৰ্নীতিৰ বিৰুদ্ধে যিমানেই মাত নামাতক কিয় ৰাজ্যৰ প্ৰায়বোৰ ক্ষেত্ৰতে অব্যাহত আছে চৰম দূৰ্নীতি ৷ ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্যতম গুৰুত্বপূৰ্ণ টংলা-মহলীয়াপাৰা গড়কাপ্তানি পথটোৰ নিৰ্মাণতো বিসংগতিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ পানেৰী, কলাইগাঁও আৰু ছিপাঝাৰ বিধান সভা সমষ্টি সংযোগী তথা দৰং-ওদালগুৰি জিলা সংযোগী অন্যতম ব্যস্ত ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ টংলা-মহলীয়াপাৰা গড়কাপ্তানি পথটোৰ নিৰ্মান কাৰ্য অতি লেহেমীয়া গতিৰে অব্যাহত ৰখিছে গড়কাপ্তানি বিভাগৰ অনুমোদিত ঠিকাদাৰে ৷ নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণৰ কাম অব্যাহত ৰখা পথটো পকীকৰণৰ পিছতেই চপৰা চপৰে এৰাই আহিছে পিট্চ ৷

টংলাত গড়কাপ্তানি পথ নিৰ্মানত চৰম দূৰ্নীতি

গড়কাপ্তানী বিভাগৰ অনুমোদিত ঠিকাদাৰৰ এনে নিম্নমানৰ কাৰ্যই ক্ষোভিত কৰিছে অঞ্চলটোৰ ৰাইজক ৷ লগতে অঞ্চলটোৰ বিধায়ক মহেশ্বৰ নেওঁগৰ লগতে গড়কাপ্তানি বিভাগকো এই দূৰ্নীতিৰ তাৎক্ষণিক বিচাৰৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে ৷

Intro: টংলা- মহলীয়াপাৰা গড়কাপ্তানি পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ ৰাইজৰ, পকীকৰণৰ পিছতে চপৰা-চপৰে পকী পথটো এৰাই যোৱাৰ বাবে: ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ
এইক্ষেত্ৰত বিধায়ক মহেশ্বৰ বড়ো আৰু গড়কাপ্তানি বিভাগৰ সুদৃষ্টি ৰাইজে আহ্বান কৰিছে স্থানীয় ৰাইজেBody:
চৰকাৰ খনে দুৰ্নীতিৰ বিৰুদ্ধে যিমানে নকওক কিয় ৰাজ্যৰ এতিয়াও কমা নাই দুৰ্নীতি।
এইবাৰ ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্যতম গুৰুত্বপূৰ্ণ টংলা-মহলীয়াপাৰা গড়কাপ্তানি পথটোৰ নিৰ্মাণত বিসংগতি হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে। পানেৰী, কলাইগাঁও আৰু ছিপাঝাৰ বিধান সভা সমষ্টি সংযোগী তথা দৰং-ওদালগুৰি জিলা সংযোগী অন্যতম ব্যস্ত ১৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ টংলা-মহলীয়াপাৰা গড়কাপ্তানি পথটোৰ পানেৰী আৰু ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত পথচোৱাৰ পকীকৰণৰ কাম কেতিয়াবাই সম্পূৰ্ণ হ’ল যদিও কলাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত পথচোৱাৰ অতি লেহেম গতিৰে গড়কাপ্তানি বিভাগৰ অনুমোদিত ঠিকাদাৰে নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে । নিম্নমানৰ সামগ্ৰীৰে পথটোৰ নিৰ্মাণৰ কাম অব্যাহত ৰখাত পকীকৰণ কৰা পথৰ পিট্‌চ হাতেৰে বখলা-বখলে এৰাই অহাত ৰাইজে ক্ষোভ প্ৰকাশ কৰে। ৰাইজে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখতে পকীকৰণ কৰা পথৰ পিট্‌চ হাতেৰে এৰুৱাই প্ৰদৰ্শন কৰাৰ লগতে ঠিকাদাৰৰ এনে পালমৰা কাৰ্যত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। ৰাইজে আঁচনি অনুসৰি পথটোৰ পকীকৰণৰ কাম নকৰিলে তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷ এইক্ষেত্ৰত বিধায়ক মহেশ্বৰ বড়ো আৰু গড়কাপ্তানি বিভাগৰ সুদৃষ্টি ৰাইজে আহ্বান কৰিছে ৷

Byte - Local PeopleConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.