ETV Bharat / state

ঐতিহাসিক মূড়াদেৱৰ দেৱালয়ত অসম দৰ্শন আঁচনিৰ শুভাৰম্ভ - ঐতিহাসিক মূড়াদেৱৰ দেৱালয়ত অসম দৰ্শন আঁচনিৰ শুভাৰম্ভ

অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ দ্বাৰা ‌লাভ কৰা আৰ্থিক ‌অনুদানেৰে বিশুদ্ধ খোৱাপানীৰ যোগান ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত কুমাৰ বৰুৱাই ।

ঐতিহাসিক মূড়াদেৱৰ দেৱালয়ত অসম দৰ্শন আঁচনিৰ শুভাৰম্ভ

author img

By

Published : Feb 7, 2021, 7:59 AM IST

দৰং,7 ফেব্ৰুৱাৰী: শনিবাৰে ওদালগুৰি জিলাৰ ঐতিহাসিক মূড়াদেৱৰ দেৱালয়ত ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি অসম দৰ্শনৰ শুভাৰম্ভ কৰে দেৱালয় পৰিচালনা সমিতিয়ে । ৰাজ্য় চৰকাৰৰ উক্ত আঁচনিৰ দ্বাৰা ‌লাভ কৰা আৰ্থিক ‌অনুদানেৰে বিশুদ্ধ খোৱাপানীৰ যোগান ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ কাৰ্যবাহী সদস্য দিগন্ত কুমাৰ বৰুৱাই ।

ঐতিহাসিক মূড়াদেৱৰ দেৱালয়ত ৰাজ্য চৰকাৰৰ অসম দৰ্শন আঁচনি কামৰ শুভাৰম্ভ

উল্লেখযোগ্য যে, অতিকৈ প্ৰাচীন দেৱালয়খনত উক্ত আঁচনিৰ জৰিয়তে বহুদিনীয়া অভাৱ পূৰণ হোৱাত স্থানীয় ৰাইজৰ লগতে দূৰ-দূৰণিৰ পৰা অহা ভক্তসকল উপকৃত হোৱাত উৎফুল্লিত হৈ পৰা দেখা গৈছে । ইপিনে 10 লাখ টকাৰে নিৰ্মাণ হ’বলগীয়া দেৱালয়খনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত টংলা জলসিঞ্চন সংমণ্ডলৰ অভিযন্তা, কলাইগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, সমাজকৰ্মী নৱৰাজ বৰুৱাৰ লগতে শতাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে ।

লগতে পঢ়কঃ 3 হাজাৰ টকাৰ বিপৰীতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকালৈ বৃদ্ধিৰ দাবী আটছাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.