ETV Bharat / state

বহি: ৰাজ্যত সন্ধানহীন অসমৰ ব্যক্তি

author img

By

Published : Jul 13, 2019, 4:24 PM IST

জন্মু-কাশ্নীৰৰ কোম্পানীত কাম কৰিবলৈ ওলাই গৈ সন্ধানহীন হয় ওদালগুৰিৰ আৰাধন সিংহ নামৰ ব্যক্তিজন। বৰ্তমানেও সম্ভেদ পোৱা নাই ব্যক্তিজনৰ

বহি: ৰাজ্যত সন্ধানহীন অসমৰ ব্যক্তি

ওদালগুৰি,১৩জুলাই : বহি: ৰাজ্যত সন্ধানহীন অসমৰ ব্যক্তি । ৩ জুনত জন্মু-কাশ্মীৰৰ এটা কোম্পানীত কাম কৰিবলৈ ভনীয়েকৰ সৈতে ওলাই গৈছিল ওদালগুৰি জিলাৰ বৰঝাৰৰ আৰাধন সিংহ নামৰ ব্যক্তিজন। জন্মু- কাশ্মীৰলৈ গৈ থকা অৱস্থাতে হঠাৎ মানসিক ৰোগীৰ দৰে আচৰণ কৰিবলৈ লৈছিল ব্যক্তিজনে। ব্যক্তিজনক লক্ষ্নৌৰ ৰেল ষ্টেচনত ভনীয়েকে এৰি আহিছিল আৰু তাৰ পাছৰ পৰাই ব্যক্তিজনৰ কোনো সম্ভেদ পোৱা নাই পৰিয়ালৰ লোকে । ৯দিন ধৰি ব্যক্তিজনৰ কোনো সম্ভেদ নোপোৱাত পৰিয়ালৰ লোকে দলগাঁও আৰক্ষী চকীত দাখিল কৰে এজাহাৰ। ইফালে, কোনো সচেতন ব্যক্তিয়ে সন্ধানহীন লোকজনৰ সম্ভেদ পালে 8638294279 অথবা 9895694431 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

Intro:

বহি ৰাজ্যত সন্ধানহীন অসমৰ ব্যক্তি ।
কোম্পানীত কাম কৰিবলৈ জন্মু-কাশ্মীৰলৈ গৈ থকাৰ পথত লন্ক্ষৌত সন্ধানহীন ওদালগুৰি জিলাৰ বৰঝাৰৰ আৰাধন সিংহ নামৰ ব্যক্তি জন ।Body:ওদালগুৰি জিলাৰ বৰঝাৰৰ আৰাধন সিংহ (৬০) নামৰ ব্যক্তিজন জম্মু কাশ্মীৰত কাম কৰিবলৈ গৈ ৯ দিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই শংকিত কৰি তুলিছে পৰিয়াল বৰ্গক । যোৱা ৩ জুনতে ঘৰৰ পৰা কোম্পানীত কাম কৰাৰ উদ্দেশ্যৰে জন্মু কাশ্মীৰলৈ বুলি ভনীয়েকৰ সৈতে ওলাই গৈছিল ব্যক্তিজন। জন্মু- কাশ্মীৰলৈ গৈ থকা অবস্থাতে আধাবাটতে মানসিক ৰোগীৰ দৰে আচৰণ কৰিবলৈ লয় ব্যক্তিজনে।পাছত লক্ষ্ণৌ ৰেল ষ্টেচনতে জন্মু-কাশ্মীৰলৈ লৈ যোৱা নিজৰ ভনীয়েকে এজন লোকৰ সৈতে চিলিগুৰিলৈ আহিব এৰি থৈ যায় ব্যক্তিজনক । তাৰ পিছৰে পৰাই বৰ্তমানলৈকে সন্ধান পোৱা নাই ব্যক্তিজনৰ । আজি ৯ দিনে আৰাধন সিংহ নামৰ ব্যক্তি গৰাকীৰ সন্ধান নাপাই বিমুৰত পৰিছে পৰিয়ালটোৱে। এই দৰিদ্ৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জন কাৰি ব্যক্তি আছিল সন্ধানহীন হৈ থকা আৰাধন সিংহ । আৰু যাৰ ফলত এতিয়া আৰাধন সিংহৰ সন্ধান নাপাই পৰিয়ালটোৱে মানসিক ভাৱে ভাগী পৰিছে ।
আৰাধন সিংহ নামৰ ব্যক্তি গৰাকীক জন্মু কাশ্মীৰত কোম্পানীৰ কাম কৰিবলৈ নিয়া ভনীয়েকৰ ওপৰত সন্দেহ এতিয়া পৰিয়ালৰ লোকৰ । ঘটনাৰ সন্দৰ্ভত দলগাওঁ থানাত এজাহাৰ দাখিল কৰিছে সন্ধানহীন আৰাধন সিংহৰ পৰিয়ালৰ লোকে । কোনো লোকে যদি আৰাধন সিংহ নামৰ ব্যক্তি গৰাকীৰ সন্ধান পাই তেনেহলে পৰিয়ালৰ লোকৰ সৈতে 8638294279 অথবা 9895694431 নম্বৰট যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

byte:- 1. family
byte:- 2 . family

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.