ETV Bharat / state

বিটিচিৰ পৰিষদীয় নিৰ্বাচনকলৈ ওদালগুৰি জিলা প্ৰশাসনৰ প্ৰস্তুতি

author img

By

Published : Mar 12, 2020, 9:34 PM IST

বিটিচিৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে বিভিন্ন দল আৰু প্ৰাৰ্থী সমূহ তৎপৰ হৈ পৰাৰ সমান্তৰালকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈ উঠিছে ওদালগুৰি জিলা প্ৰশাসন ৷ অহা 4 এপ্ৰিলত অনুষ্ঠিত হ'ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন ৷

Udalguri district administration ready for BTC election
বিটিচিৰ পৰিষদীয় নিৰ্বাচনকলৈ ওদালগুৰি জিলা প্ৰশাসনৰ প্ৰস্তুতি

ওদালগুৰি,12 মাৰ্চ: অহা 4 এপ্ৰিলত অনুষ্ঠিত হ'ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন ৷ বিটিচিৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে বিভিন্ন দল আৰু প্ৰাৰ্থী সকল তৎপৰ হৈ পৰাৰ সমান্তৰালকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈ উঠিছে ওদালগুৰি জিলা প্ৰশাসন ৷ জিলা খনৰ মুঠ দহটা পৰিষদীয় সমষ্টিৰ, পাঁচটা সমষ্টি ওদালগুৰি মহকুমা আৰু আন পাঁচটা সমষ্টিৰ নিৰ্বাচনী কাম কাজ ভেৰগাঁও মহকুমাৰ পৰা পৰিচালিত হ’ব ৷ বৃহস্পতিবাৰে ওদালগুৰি আৱৰ্ত ভৱনত আয়োজন কৰা এক সংবাদ মেলত উপায়ুক্ত তথা জিলা ৰিটাৰ্ণিং বিষয়া প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন দিশ সাংবাদিকৰ ওচৰত প্ৰকাশ কৰে ৷

উল্লেখ্য যে, ওদালগুৰি মহকুমাৰ পৰা নিৰ্বাচন পৰিচালিত হ’বলগীয়া পৰিষদীয় সমষ্টি কেইটা হল ক্ৰমে 36 নং হৰিশিঙা, 37 নং ধনশ্ৰী, 38 নং ভৈৰৱকুণ্ড, 39 নং পাঁচনৈ চেৰফাঙ আৰু 40 নং ৰৌতা সমষ্টি ৷ এই পাঁচটা সমষ্টিত 2015 চনৰ পিছত 17 শতাংশ ভোটাৰ বৃদ্ধি হৈ এইবেলি মুঠ ভোটাৰৰ সংখ্যা 3,19,904 জন হোৱা বুলি অৱগত কৰে উপায়ুক্ত গৰাকীয়ে ৷ লগতে উপায়ুক্ত গৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি পাঁচোটা সমষ্টিতে মুঠ ভোটগ্ৰহন কেন্দ্ৰৰ সংখ্যা হ'ল 413 টা ৷ ইয়াৰে মুঠ 113 টা ভোটগ্ৰহন কেন্দ্ৰ স্পৰ্শকাতৰ বুলি চিনাক্ত কৰিছে ৷ ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিত সৰ্বাধিক 43 টা ভোটগ্ৰহন কেন্দ্ৰ অতি স্পৰ্শকাতৰ বুলি প্ৰশাসনে চিনাক্ত কৰি এই কেন্দ্ৰসমূহত শান্তিপূৰ্ণ ভোটগ্ৰহনৰ বাবে অতিৰিক্ত নিৰাপত্তা ব্যৱস্থা কৰাৰ উপৰি কেতবোৰ বিশেষ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলোৱা সংবাদমেলত সদৰি কৰে জিলা ৰিটাৰ্ণিং বিষয়াই ৷

লগতে পঢ়কঃ 2010ৰ পুনৰাবৃত্তি ! তৃতীয়খন আসনতো দিব পাৰে বিজেপিয়ে প্ৰাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.