ETV Bharat / state

শ্বহীদৰ ত্যাগক অথলে যাব নিদিওঁ : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য - ওদালগুৰি

গুৱাহাটীত নিৰাপত্তাৰক্ষীৰ গুলীত মৃত্যু হোৱা ওদালগুৰিৰ শ্বহীদ ঈশ্বৰ নায়কৰ ঘৰত আজি উপস্থিত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সহ আছুৰ এটা বৃহৎ দল। অসমৰ ৬ জনকৈ যুৱকক কিয় হত্যা কৰা হ'ল বুলি অসম চৰকাৰ তথা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

etv bharat
শ্বহীদৰ ত্যাগক অথলে যাব নিদিওঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য
author img

By

Published : Dec 27, 2019, 12:50 AM IST

ওদালগুৰি, 26 ডিচেম্বৰঃ CAA বিৰোধী আন্দোলনত গুৱাহাটীত নিৰাপত্তাৰক্ষীৰ গুলীত মৃত্যু হোৱা ওদালগুৰি জিলাৰ মাজুলি চাহ বাগিছাৰ শ্বহীদ ঈশ্বৰ নায়কৰ ঘৰত আজি উপস্থিত হয় আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সহ আছুৰ এটা বৃহৎ দল। আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জনোৱাৰ লগতে শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

শ্বহীদৰ ত্যাগক অথলে যাব নিদিওঁ : সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য

অসমৰ ৬ জনকৈ যুৱকক কিয় হত্যা কৰা হ'ল বুলি অসম চৰকাৰ তথা সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ইয়াৰ সঠিক তদন্ত দাবী কৰাৰ লগতে হত্যা কৰা দোষীক শাস্তি দিবলৈ দাবী জনায় ছাত্ৰ নেতা গৰাৰীয়ে। শ্বহীদৰ ত্যাগক অথলে যাব নিদিওঁ বুলিও মন্তব্য কৰে ছাত্ৰ নেতা গৰাকীয়ে ৷ আনহাতে, বিজেপিৰ শান্তি সমদল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছাত্ৰনেতা গৰাকীয়ে কয়, ৰাজপথত খোজকাঢ়িলেই অসমত স্থায়ী শান্তি নাহে । CAA বাতিল কৰি অসমৰ প্ৰত্যেকজন খিলঞ্জীয়া মানুহৰ হৃদয়ত জ্বলি থকা এই অশান্তিৰ জুইকুৰা নুমাওঁক। ইপিনে ইনাৰ লাইন পাৰ্মিত সন্দৰ্ভতো মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে । ভট্টাচাৰ্যই সাংবাদিৰ আগত কয় যে, অসমত কেইবাখনো জিলাত ইনাৰ লাইনৰ ব্যৱস্থাৰ নিয়ম আছিল, কিন্তু প্ৰযোজ্য হোৱা নাছিল । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অসমৰ যিবোৰ জিলাত ইনাৰ লাইন দিয়াৰ সুবিধা আছিল, কেৱল পৰিসৰ বৃদ্ধিৰ প্ৰয়োজনত তাক বাতিল কৰিছে । এইটো কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি চূড়ান্ত অন্যায় আৰু অবিচাৰ আৰু অসম চৰকাৰৰ দিল্লীৰ ওচৰত চূড়ান্ত আত্মসমৰ্পন বুলি মন্তব্য কৰে।

লগতে পঢ়ক- জুবিন গাৰ্গৰ প্ৰতি কোনো আক্ষেপ নাই কলিতা জনগোষ্ঠীৰ

Intro:কা' বিৰোধী আন্দোলনত গুৱাহাটীত নিৰাপত্তাৰক্ষীৰ গুলীত মৃত্যু হোৱা ওদালগুৰি জিলাৰ মাজুলি চাহ বাগিছাৰ শ্বহীদ ঈশ্বৰ নায়কৰ ঘৰত আজি উপস্থিত হৈ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য সহ আছুৰ এটা বৃহৎ দল। মুখ্য আছুৰ উপদেষ্টা জনে শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জনোৱাৰ লগতে শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
শ্বহীদৰ ত্যাগক অথলে যাব নিদিও বুলিও মন্তব্য কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।Body:'কা' বিৰোধী আন্দোলনত গুৱাহাটীত নিৰাপত্তাৰক্ষীৰ গুলীত মৃত্যু হোৱা ওদালগুৰি জিলাৰ মাজুলি চাহ বাগিছাৰ শ্বহীদ ঈশ্বৰ নায়কৰ ঘৰত আজি উপস্থিত হৈ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য সহ আছুৰ এটা বৃহৎ দল। মুখ্য আছুৰ উপদেষ্টা জনে শোক সন্তপ্ত পৰিয়ালটোক সমবেদনা জনোৱাৰ লগতে শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসমৰ ৬ জনকৈ যুৱকক কিয় হত্যা কৰা হল আৰু কিয় হত্যা কৰা হল বুলি অসম চৰকাৰ, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ইয়াৰ সঠিক তদন্ত দাবী কৰাৰ লগতে হত্যা কৰা দোষীক শাস্তি দিবলৈ দাবী জনায় ছাত্ৰ নেতা জনে। শ্বহীদৰ ত্যাগক অথলে যাব নিদিও বুলিও মন্তব্য কৰে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।আনহাতে বিজেপিৰ শান্তি সনদল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় - ৰাজপথত খোজকাঢ়িলেই অসমত স্থায়ী শান্তি নাহে। কা বাতিল কৰি অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰত্যেকৰে হৃদয়ত জ্বলি থকা এই অশান্তিৰ জুইকুৰা নুমাওক। ইপিনে ইনাৰ লাইন পাৰ্মিত সন্দৰ্ভতো মন্তব্য কৰে আছুৰ মুখ্য উপদেষ্টা জনে। ভট্টাচাৰ্যই সাংবাদিৰ আগত কয় যে - অসমত কেইবাখনো জিলাত ইনাৰ লাইনৰ ব্যৱস্থাৰ নিয়ম আছিল। কিন্তু প্ৰযোজ্য হোৱা নাছিল । গোটেই অসমৰ পৰিধি সামৰি ইয়াৰ কাম কৰিব লাগিছিল। সেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে অসমৰ যিবোৰ জিলাত ইনাৰ লাইন দিয়াৰ সুবিধা আছিল, কেবল পৰিসৰ বৃদ্ধিৰ প্ৰয়োজন আছিল তাক বাতিল কৰিছে। এইটো কেন্দ্ৰীয় চৰকাৰৰ অসমৰ প্ৰতি চূড়ান্ত অন্যায় আৰু অবিচাৰ আৰু অসম চৰকাৰৰ দিল্লীৰ ওচৰত চূড়ান্ত আত্মসমৰ্পন। সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই লগতে চৰকাৰখনে আমাক নতুনকৈ একো দিব পৰা নাই কিন্তু থকা খিনিও আমাৰ পৰা কাঢ়ি গল বুলি ক্ষোভ প্ৰকাশ কৰে

Byte- Samujjal kr BhatcharyaConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.