ওদালগুৰি, ২৩ মাৰ্চঃ ওদালগুৰি জিলা সাহিত্য সভাৰ উদ্যোগত আৰুডিমাকুছি, বামুনজুলি, গৰুৱাঝাৰ, কালিখলা শাখা সাহিত্য সভাৰ সহযোগত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বৰঙাজুলি সত্ৰত আৰম্ভ হয় কুঁহি আৰু আকাশ অনুষ্ঠান আৰু মহিলা শিশু সন্মিলন ৷ অনুষ্ঠানৰ প্ৰথম দিনা পুৱা বন্তি প্ৰজ্বলন কৰে বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তই ৷ ৯ বজাৰ লগে লগে অসম সাহিত্য সভাৰ এশ দুবছৰীয়া কাৰ্যকাল উপলক্ষে ১০২ খন পতাকা উত্তোলন কৰা হয় অনুষ্ঠানস্থলীত ৷ ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি দেৱৰাজ সাপকোটাই অংশ গ্ৰহণ কৰে পতাকা উত্তোলন কাৰ্যসূচীত ৷
১০ বজাত স্মৃতি তৰ্পন কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ উপ সভাপতি গৌৰীশংকৰ দাসে ৷ ১১ বজাৰ পৰা অনুষ্ঠিত কৰা হয় শিশু অনুষ্ঠান "কুঁহি" । অনুষ্ঠানত কবিতা আবৃতি, আধুনিক গীত, আৰু লোকনৃত্য প্ৰতিযোগিতা আদিও অনুষ্ঠিত কৰা হয় । লোকনৃত্য প্ৰতিযোগিতা উদ্বোধন কৰে অনাতাঁৰ শিল্পী তুলিকা বড়াই ৷ দিনৰ ৩ বজাত আৰম্ভ হয় মহিলাৰ অনুষ্ঠান "আকাশ" । আকাশ অনুষ্ঠান উদ্ধোধন কৰে সাংস্কৃতিক কৰ্মী তৰুন আজাদ ডেকাই ৷প্ৰথম দিনা অনুষ্ঠিত কাৰ্যসূচীত প্ৰায় পাঁচ শতাধিক লোকে উপস্থিত থাকে । দেওবাৰে অন্ত পৰিব এই অনুষ্ঠানৰ ।