ৰৌতা, 20 ডিচেম্বৰঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত ওদালগুৰিৰ ৰৌতাত আক্ৰাছুৰ প্ৰতিবাদ ৷ ৰৌতাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰে আক্ৰাছুৱে ৷ উল্লেখ্য যে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কেন্দ্ৰই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে মন্ত্ৰী গোট গঠন কৰিছিল ৷ কিন্তু এই গোটে আজিলৈকে দাখিল কৰিবালৈ সক্ষম হোৱা নাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন ৷ যাৰ ফলত ক্ষোভিত হৈ পৰিছে আক্ৰাছুৰ অতুল বৰ্মন গোট ৷
লগতে পঢ়ক- ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে