ETV Bharat / state

মৰ্মান্তিকঃ ওদালগুৰিত কইনা থ'বলৈ গৈ প্ৰাণ গ'ল ৫ জনৰ - টংলাত ভয়ংকৰ পথ দূৰ্ঘটনা

ওদালগুৰি জিলাৰ টংলা সমীপৰ নাচনশালীত ভয়ংকৰ পথ দূৰ্ঘটনা । নিশা দৰাৰ ঘৰলৈ কইনা থ'বলৈ আহি এই কৰুণ ঘটনা সংঘটিত হয় । দুৰ্ঘটনাত 5 জন লোক নিহত হোৱাৰ বিপৰীতে ২৬ জন গুৰুতৰভাবে আহত হয় ।

ওদালগুৰি
মৰ্মান্তিকঃ ওদালগুৰিত কইনা থবলৈ গৈ প্ৰাণ গ'ল ৫ জনৰ
author img

By

Published : Mar 14, 2020, 7:47 PM IST

ওদালগুৰি, 14 মাৰ্চঃ ওদালগুৰি জিলাৰ টংলাৰ নাচনশালীত নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দূৰ্ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে । ঘটনা অনুসৰি ডিমাকুছিৰ ৩ নম্বৰ আমগুৰি গাঁৱৰ সুৰেণ বড়োৰ কন্যা মনিষা বড়োৰ লগত খাওচুমাখাটৰ অনচুমা বড়োৰ শুকুৰবাৰে নিশা বিবাহ সম্পন্ন হয় । তাৰ পিছতে বড়োসকলৰ পৰম্পৰা অনুসৰি নিশাৰ ভাগত কইনাঘৰৰ পৰিয়াল আৰু গাঁৱৰ লোকে কইনাক দৰাৰ ঘৰলৈ থ'বলৈ আহে । কইনাক থ'বলৈ কইনা ঘৰৰ গাঁওৰ প্ৰায় ৩২ জন লোক AS-25-CC-76 19 নম্বৰ টাটা ডিআই এখনেৰে যাত্ৰা কৰে । কিন্তু নিশা ১২ মান বজাত ডিআই খনে নিয়ন্ত্ৰণ হেৰুৱাই নাচনশালী পথৰ দাঁতিৰ এডাল গছত প্ৰচণ্ড জোৰে খুন্দিয়াই বাগৰি পৰে ।

মৰ্মান্তিকঃ ওদালগুৰিত কইনা থবলৈ গৈ প্ৰাণ গ'ল ৫ জনৰ

ফলত মনিৰাম বড়ো ওৰফে মনিয়া নামৰ লোকজনৰ থিতাতে মৃত্যু হয় । এই ঘটনাটোত ২৬ জন লোক গুৰুতৰভাৱে আহত হয় । নিশাৰ ভাগতে আহত লোক সকলক টংলা চিকিৎসালত ভৰ্তি কৰে । টংলা চিকিৎসালয়ত ইতিমধ্যে জোহান কুল্লু আৰু জিতেন বড়ো (১১) নৱম শ্ৰেণীৰ ছাত্ৰ এগৰাকী নিহত হয় । ইয়াৰ পিছতে আহত ব্যক্তি সকলক সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু চিকিৎসাললৈ নি থকা অৱস্থাতে গোবিন্দ বড়ো আৰু চানচুমা ব্ৰহ্ম নামৰ লোক দুজনেও মৃত্যুক আকোৱালি লয় । তাৰোপৰি অধিক সংকটজনক অৱস্থাত কেইবাজনো লোকক GMCH লৈ প্ৰেৰণ কৰে । ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ওদালগুৰিতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ।

আৰু পঢ়কঃ COVID-19 : কৰ'ণা ভাইৰাছক লৈ ব্যৱস্থা গ্ৰহণ কৰিছে উত্তৰ পূব ৰেলৱে : জনসম্পর্কৰক্ষী বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.