ETV Bharat / state

ওদালগুৰিয়ে লাভ কৰিলে নতুন দক্ষতা বিকাশ কেন্দ্ৰ - দক্ষতা বিকাশ কেন্দ্ৰ

সভাত চাহ জনগোষ্ঠী কল্যাণ বিভাগৰ দ্বাৰা প্ৰদান কৰা চাৰিচকীয়া বাহন বিতৰণ কৰে মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ৷

দক্ষতা বিকাশ কেন্দ্ৰ ওদালগুৰি
author img

By

Published : Mar 5, 2019, 12:15 AM IST

ওদালগুৰি, 4 মাৰ্চঃ সোমবাৰে ওদালগুৰিত উপস্থিত হয় অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহন দৈমাৰী ৷ ওদালগুৰিত উপস্থিত হৈ স্থানীয় আস্থা স্বেচ্ছাসেৱী সংগঠনৰ কাৰ্যালয় চৌহদত মন্ত্ৰীগৰাকীয়ে মুকলি কৰে এটি অত্যাধুনিক দক্ষতা বিকাশ কেন্দ্ৰ ৷ অসম দক্ষতা বিকাশ মিচনৰ সহযোগত সুৰক্ষা স্কীল এণ্ড ছলিউশ্বন প্ৰাইভেট লিমিটেডৰ সহযোগত মুকলি কৰা হয় কেন্দ্ৰটো ৷

বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত স্থানীয় শিক্ষাৰ্থীৰ লগতে বিভাগীয় বিষয়া আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকল উপস্থিত থাকে ৷ আনহাতে অনুষ্ঠানত উপস্থিত থাকে ওদালগুৰি দক্ষতা বিকাশ অভিযানৰ ডিপিএম ফাৰুক আহমেদ, মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো, ওদালগুৰিৰ চক্ৰ উন্নয়ন বিষয়া পিংকি বৰগয়াৰী, জিলা উদ্যোগ বিভাগৰ মুখ্য প্ৰৱন্ধক বিকাশ ভূঞাঁকে ধৰি বহুকেইগৰাকী উচ্চপদস্থ বিষয়া ৷

কেন্দ্ৰটোৰ দ্বাৰা ওদালগুৰিৰ ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ কাটিং, ড্ৰাইভিং, বিউটীচিয়ান আৰু কম্পিউটাৰৰ দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা মন্ত্ৰী ৰিহন দৈমাৰীয়ে প্ৰশিক্ষণ ল'বলৈ আগবাঢ়ি অহা শিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিউটীচিয়ান প্ৰশিক্ষণৰ প্ৰথম দহগৰাকী প্ৰশিক্ষাৰ্থীক বিনামূলীয়াকৈ বিউটীকিট প্ৰদান কৰিব বুলি উল্লেখ কৰে ৷ অনুষ্ঠানত কেন্দ্ৰটোৰ পৰিচালক ৰবি কংকনীয়ে প্ৰশিক্ষাৰ্থীসকলক দক্ষতা বিকাশৰ দ্বাৰা কিদৰে প্ৰতিষ্ঠা লাভ কৰিব পাৰি সেই সন্দৰ্ভত বিভিন্ন তথ্য উল্লেখ কৰে ৷ আনহাতে সভাত চাহ জনগোষ্ঠীৰ কল্যাণ বিভাগৰ দ্বাৰা প্ৰদান কৰা চাৰিচকীয়া বাহন বিতৰণ কৰে মন্ত্ৰী ৰিহণ দৈমাৰীয়ে ৷

undefined

ওদালগুৰিত সুৰক্ষা দক্ষতা কেন্দ্ৰ মুকলি কৰিলে মন্ত্ৰী ৰিহন দৈমাৰীয়ে

ওদালগুৰিত আজি সুৰক্ষা দক্ষতা কেন্দ্ৰ মুকলি কৰে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী  মন্ত্ৰী ৰিহন দৈমাৰীয়ে। ওদালগুৰিৰ সাপেখাইটিস্থিত আস্থা স্বেচ্ছাসেৱী সংগঠনৰ কাৰ্যালয় চৌহদত অসম দক্ষতা বিকাশ মিচনৰ সহযোগত সুৰক্ষা স্কীল এণ্ড ছলিউশ্বন প্ৰা. লি. কেন্দ্ৰটি মুকলি কৰা হয়। মুকলি অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন বিদ্যালয়ৰ প্ৰধান শিক্ষক, প্ৰশিক্ষাৰ্থী আৰু বিভাগীয় বিষয়াৰ উপস্থিতিত স্বেচ্ছাসেৱী সংগঠনটোৰ কাৰ্যালয় চৌহদত এক সভা অনুষ্ঠিত হয়। বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে আঁত ধৰা সভাখনৰ আদৰণি ভাষণ আগবঢ়াই ওদালগুৰিৰ দক্ষতা বিকাশ অভিযানৰ ডিপিএম ফাৰুক আহমেদে। এই কেন্দ্ৰটোৰ দ্বাৰা ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক বিনামূলীয়াকৈ কাটিং, ড্ৰাইভিং, বিউটীচিয়ান আৰু কম্পিউটাৰৰ শিক্ষা প্ৰদান কৰা হব। সভাখনত মূখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে প্ৰশিক্ষণ লবলৈ আগবাঢ়ি অহা প্ৰশিক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰি  কয় যে আমাৰ দেশৰ নিৱনুৱাৰ সংখ্যা যথেষ্ট। সকলোৱে চৰকাৰী চাকৰিৰ আশাত বহি থকা দেখা যায়। কিন্তু সকলো শিক্ষিত নিৱনুৱাই চৰকাৰী চাকৰি লাভ কৰাটো সম্ভৱপৰ নহয়। আজিৰ প্ৰজন্ম‌ই দক্ষতা বিকাশৰ দ্বাৰা বিভিন্ন কৰ্মত মনোনিৱেশ কৰি দেশৰ নিৱনুৱা সমস্যা হ্ৰাস কৰাত অৰিহনা যোগাবলৈ আগবাঢ়ি আহিব লাগে। ইয়াৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণৰ উপৰিও দক্ষতা বিকাশৰ বাবে বিভিন্ন পাঠ্যক্ৰমৰ বিনামূলীয়াকৈ প্ৰশিক্ষণ দি আছে। এইবোৰৰ সুযোগ আমাৰ নতুন প্ৰজন্ম‌ই গ্ৰহণ কৰাটো উচিত। এনে ধৰণৰ কৰ্মৰ দ্বাৰাহে দেশৰ নিৱনুৱা সমস্যা হ্ৰাস হোৱাটো সম্ভৱপৰ।বিউটীচিয়ান প্ৰশিক্ষণৰ অন্তত প্ৰথম দহগৰাকী প্ৰশিক্ষাৰ্থীক মন্ত্ৰীগৰাকীয়ে বিউটীকিট প্ৰদান কৰিব বুলিও দৈমাৰীয়ে ঘোষণা কৰে। সভাত কেন্দ্ৰটোৰ সঞ্চালক ৰবি কংকনীয়ে প্ৰশিক্ষাৰ্থীসকলক দক্ষতা বিকাশৰ প্ৰয়োজনীয়তাৰ লগতে এই পাঠ্যক্ৰমৰ দ্বাৰা বিভিন্ন দিশত নিজকে কেনেদৰে প্ৰতিষ্ঠা কৰিব পৰা যায় সেই সম্পৰ্কে উল্লেখ কৰে। আজিৰ এই সভাতে চাহ জনগোষ্ঠীৰ কল্যাণ বিভাগৰ দ্বাৰা প্ৰদান কৰা চাৰিচকীয়া বাহন বিতৰণ কৰে মন্ত্ৰী ৰিহন দৈমাৰীয়ে। আজিৰ এই কাৰ্যসূচীত মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো, ওদালগুৰি চক্ৰ বিষয়া পিংকি বৰগয়াৰী, জিলা উদ্যোগ বিভাগৰ মূখ্য প্ৰৱন্ধক বিদ্যুৎ বিকাশ ভূঞাঁকে ধৰি বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকি ভাষণ আগবঢ়াই।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.