ETV Bharat / state

ওদালগুৰিত হৰিণাৰ শিং, হস্তনিৰ্মিত বেৰেল-গুলীসহ আটক দুই

author img

By

Published : Feb 15, 2020, 10:49 PM IST

ওদালগুৰিৰ গাৰোবস্তিত উদ্ধাৰ হৈছে হস্তনিৰ্মিত বেৰেল পিষ্টল, হৰিণাৰ শিঙৰ লগতে বহু আপত্তিজনক সামগ্ৰী ৷ ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত দুজনক আটক ৷

ওদালগুৰি
হৰিণাৰ শিং, হস্তনিৰ্মিত বেৰেল-গুলীসহ আটক দুই

ওদালগুৰি, 15 ফেব্ৰুৱাৰী : শুকুৰবাৰে নিশা এছএছবি আৰু ওদালগুৰি আৰক্ষীয়ে যুটীয়া অভিযান চলাই ওদালগুৰি থানাৰ অন্তৰ্গত গাৰোবস্তি অঞ্চলৰ পৰা হৰিণাৰ শিং আৰু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ৷ ইয়াৰোপৰি, ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত দুজনকৈ লোকক আটক কৰা হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, গোপন সূত্ৰৰ পম খেদি বাতমল দৈমাৰী নামৰ লোকজনৰ ঘৰত অভিযানকাৰী দলটোৱে অভিযান চলাই দুটাকৈ হস্তনিৰ্মিত বেৰেল পিষ্টল, দুখন খুকুৰি, দুটা হৰিণাৰ শিং, সজীৱ গুলী, গান পাউদাৰৰ বটলৰ লগতে বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰে ৷

ওদালগুৰি
হৰিণাৰ শিং, হস্তনিৰ্মিত বেৰেল-গুলী উদ্ধাৰ

আৰক্ষী-এছএছবিৰ দলটোৱে বাতমল দৈমাৰীৰ লগতে ডাবুৰাম বড়ো নামৰ সন্দেহজনক এজন লোকক আটক কৰি থানালৈ আনে ৷ ঘটনা সন্দৰ্ভত ওদালগুৰি আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত এক গোচৰ ৰুজু কৰাৰ লগতে ধৃত দুয়োকে ওদালগুৰি আদালতত হাজিৰ কৰা হৈছে ৷ বৰ্তমান আৰক্ষীৰ জিম্মাত দুয়োজন লোকৰ সোধ-পোচ অব্যাহত আছে ৷ দুয়োজন লোকৰ স্বীকাৰোক্তিৰ ভিত্তিত এই কাৰ্যৰে জড়িত আৰু লোক আৰক্ষীৰ জালত পৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

আৰু পঢ়ক : হাৰিয়ানাত মে'ৰ পৰা প্ৰথম পৰ্যায়ৰ লোকপিয়ল

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.