ETV Bharat / state

কেনেকৈ মৃত্যু হ'ল লাডেনৰ? সবিশেষ Etv Bharatত

author img

By

Published : Nov 17, 2019, 6:19 PM IST

Updated : Nov 17, 2019, 11:08 PM IST

ৰহস্যৰ আৱৰ্তত কৃষ্ণৰ মৃত্যু ৷  বনবিভাগক প্ৰকৃতিপ্ৰেমীৰ প্ৰশ্ন অতিমাত্ৰাত ট্ৰেংকুলাইজৰ কৰাৰ পাছত কিয় গোৱালপাৰাৰ পৰা ওৰাঙলৈ স্থানান্তৰিত কৰা হৈছিল লাডেন ওৰফে কৃষ্ণক ?

কোনে হত্যা কৰিলে কৃষ্ণক?

ওৰাং, 17 নৱেম্বৰ: দেওবাৰে পুৱতি নিশা মৃত্যুক সাৱটিলে মাত্ৰ কেইদিনমান পূৰ্বে গোৱালপাৰাত বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰা বন্যহস্তী লাডেন ওৰফে কৃষ্ণৰ ৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত ট্ৰেংকুলাইছ কৰা লাডেনক যোৱা 12 নৱেম্বৰত গোৱালপাৰাৰ ৰংজুলিৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰশিক্ষণৰ বাবে স্থানান্তৰ কৰা হৈছিল কিন্তু তাৰ পাছতে আজি মৃত্যু হয় লাডেন ওৰফে কৃষ্ণৰ ৷ হাতীটোৰ মৃত্যুৰ পাছতে এতিয়া ৰাজ্যৰ সৰ্বতে প্ৰকৃতিপ্ৰেমী মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ কৃষ্ণৰ মৃত্যুক বনবিভাগৰ চূড়ান্ত গাফিলতি আখ্যা দিছে প্ৰকৃতিপ্ৰেমীসকলে ৷

ৰহস্যৰ আৱৰ্তত কৃষ্ণৰ মৃত্যু!!

ইফালে, কৃষ্ণৰ মৃত্যুৰ ঘটনাৰ ক্ষীপ্ৰ তদন্তৰ দাবী কৰিছে অৰণ্য সুৰক্ষা সমিতিয়ে ৷ কৃষ্ণৰ মৃত্যুৰ মৰোনোত্তৰ পৰীক্ষা অসমৰ পশু চিকিৎসকৰ সলনি বাহিৰৰ চিকিৎসকৰ দ্বাৰা কৰাবলৈ দাবী জনাইছে সংগঠনটোৱে ৷ অসমৰ ডাক্তৰক বনবিভাগে মেনেজ কৰি ভুল তথ্য প্ৰদানৰ সন্দেহ প্ৰকৃতিপ্ৰেমী সংগঠনটোৰ ৷ ট্ৰেংকুলাইজাৰ কৰাৰ পাছতে বলপূৰ্বকভাবে পেলোৱাৰ বাবেই হাতীটোৰ হাড় ভঙাৰ সন্দেহ অৰণ্য সুৰক্ষা সমিতিৰ ৷ প্ৰকৃতিপ্ৰেমী দিলীপ নাথে কয় যে, বয়স উকলি যোৱাৰ পাছতো হাতীটোক বলপূৰ্বকভাবে প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে হাতীটোৱে আঘাত পাইছিল আৰু তাৰ বাবেই কৃষ্ণৰ মৃত্যু হল ৷
আনহাতে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংবাদ মাধ্যমৰ লোকক বন বিভাগৰ লোকে প্ৰৱেশ কৰিব নিদিয়াক লৈয়ো সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ

আৰু পঢ়ক: লাডেন ওৰফে কৃষ্ণৰ মৃত্যুক লৈ পদ্ম হাজৰিকাৰ প্ৰতিক্ৰিয়া

Intro:
অৱশেষত মৃত্যুক সাৱতি ললে কৃষ্ণ নামৰ হাতীটোৱে

আজি পুৱা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হল হাতীটোৰ।

প্ৰশিক্ষণৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনলৈ অনা হৈছিল কৃষ্ণক।

গোৱালপাৰাত বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ পিছত পদ্ম হাজৰিকাৰ নেতৃত্বত ট্ৰেংকুলাইছ কৰা হৈছিল হাতীটোৰ

লাডেন হিচাপে পৰিচিত হাতীটো ১২ নৱেম্বৰত স্থানান্তৰ কৰা হৈছিল উদ্যান খনলৈ।

কৃষ্ণৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও অতিমাত্ৰা ট্ৰেংকুলাইজৰ বাবে কৃষ্ণৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে ।Body:দেওবাৰে পুৱতি নিশা মৃত্যুক সাবতি ললে কৃষ্ণই। গোৱালপাৰাৰ ৰংজুলিৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰশিক্ষণৰ বাবে যোৱা ১২ নৱেম্বৰত স্থানান্তৰ কৰা হৈছিল কৃষ্ণক। কিন্তু আজি হঠাৎ মৃত্যুক সাৱতি ললে হাতীটোৱে।
। কৃষ্ণৰ মৃত্যু হোৱা ঘটনাক বন বিভাগৰ গাফিলতি কৰাৰ অভিযোগ উঠিছে প্ৰকৃতি প্ৰেমীৰ মাজত। ট্ৰেংকুলাইজাৰৰ অতি মাত্ৰা ঔষধৰ ব্যবহাৰ কৰাৰ বাবেই হাতীটো মৃত্যু হোৱাৰ সন্দেহ কৰিছে একাংশই । কৃষ্ণৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দাবী কৰিছে অৰণ্য সুৰক্ষা সমিতিয়েও । কৃষ্ণৰ মৃত্যুৰ মৰোনোত্তৰ পৰীক্ষা অসমৰ ভেতেনাৰি ডাক্তৰৰ দ্বাৰা কৰিলে মানি নলয় অৰন্য সুৰক্ষা সমিতিয়ে । কাৰণ অসমৰ ডাক্তৰক বন বিভাগৰ লোকে মেনেজ কৰি ভুল তথ্য প্ৰদান কৰি হাতীটো আগৰে পৰাই বেমাৰ থকা বুলি তথ্য প্ৰদান কৰাৰ সন্দেহ প্ৰকাশ কৰাৰ কৰিছে অৰন্য সুৰক্ষা সমিতিৰ নেতা দিলীপ নাথে । লগতে অসমৰ বাহিৰৰ ডাক্তৰক কৃষ্ণৰ মৃত্যুৰ মৰোনোত্তৰ পৰীক্ষা কৰিবলৈ দাবী উত্থাপন কৰিছে দিলীপ নাথে। বন বিভাগৰ লোকে কৃষ্ণ নামৰ হাতীটোক ট্ৰেংকুলাইজাৰ কৰাৰ পাছতে বলপূৰ্বকভাবে পেলোৱাৰ বাবেই হাতীটোৰ হাৰ ভঙাৰ সন্দেহ অৰন্য সুৰক্ষা সমিতিয়ে । লগতে হাতীটোক যিধৰনে চিকিৎসা প্ৰদান কৰিব লাগিছিল তেনে ধৰনৰ চিকিৎসা প্ৰদান নকৰাৰ বাবেই কৃষ্ণৰ মৃত্যু হোৱা বুলি অভিযোগ কৰাৰ লগতে বয়স উকলি যোৱাৰ পাছতো হাতীটোক বলপূৰ্বকভাবে প্ৰশিক্ষণ প্ৰদান কৰাৰ বাবে হাতীটোৱে আঘাত পাইছিল আৰু তাৰ বাবেই কৃষ্ণৰ মৃত্যু হল বুলিও অভিযোগ কৰে। কৃষ্ণক বলপূৰ্বকভাবে প্ৰশিক্ষণ দিব ওলোৱাটো বন বিভাগৰ প্ৰথম ভুল। গতিকে তদন্ত অসমত কৰিলে নহব । কৃষ্ণৰ মৰোনোত্তৰ পৰীক্ষা অসমৰ বাহিৰত কৰোৱাৰ দাবী অৰন্য সুৰক্ষা সমিতিৰ। কাৰন মৰোনোত্তৰ পৰীক্ষা অসমৰ বাহিৰত কৰিলেহে প্ৰকৃততে অসমৰ ৰাইজে জানিব পাৰিব । সংবাদ মাধ্যমক বন বিভাগৰ লোকে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰবেশ কৰিব নিদিয়াক লৈয়ো মন্তব্য সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ লগতে বনবিভাগৰ লোকে যেতিয়া হাতীয়ে পোৱালী দিয়াৰ পাছত নীতি নিয়ম নোহোৱাকৈ কৃতিত্ব লবলৈ সংবাদ মাধ্যমক মাতে । কিন্তু কৃষ্ণৰ মৃত্যুৰ হোৱাৰ বাবে বন বিভাগৰ লোকে তথ্য লোকোৱাবলৈ সংবাদ মাধ্যমৰ লোকক ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰবেশ কৰাৰ বাধা প্ৰদান কৰিছে । বন বিভাগৰ গভিৰ ৰহস্যৰ বাবেই ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সংবাদ মাধ্যমৰ লোকক ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত প্ৰবেশ কৰাত বাধা প্ৰদান কৰিছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে অৰন্য সুৰক্ষা সমিতিয়ে । উল্লেখযোগ্য যে পি চি চি এফৰ নেতৃত্বত চিকিৎসকৰ বৃহৎ দল এটাই কৃষ্ণৰ চিকিৎসা চলাই আছিল যদিও দেওবাৰে পুৱতি নিশা কৃষ্ণ নামৰ হাতীটোয়ে অকাল মৃত্যুক সাবটি লয়।

ইফালে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত কৃষ্ণ নামৰ হাতীটোৰ চিকিৎসা চলি থকাৰ অবস্থাতে অকাল মৃত্যুক সাবটি লোৱা ঘটনাক অঞ্চলটোৰ লোক সকলে দুখ প্ৰকাশ কৰিছে ।

byte:- Dilip Nath :- অৰন্য সুৰক্ষা সমিতিৰ দীলিপ নাথ।

Byte:- Neighbors people

Conclusion:
Last Updated : Nov 17, 2019, 11:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.