ৰৌতা,০৪ অক্টোবৰঃ আজি শেষকৃত সম্পন্ন কৰা হব প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ (Ex MLA Karendra Basumatary)। অজস্ৰ গুণমুগ্ধই বিধায়কগৰাকীৰ বাসগৃহত ভিৰ কৰা পৰিলক্ষিত হ'ল আজি পুৱাৰে পৰা । সকলোৱেই শেষবাৰৰ বাবে শ্ৰদ্ধা জনাবলৈ আহিছে প্ৰিয় নেতা কৰেন্দ্ৰ বসুমতাৰীক।
প্ৰাক্তন বিধায়কগৰাকীক শেষ শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত ৰৌতাত উলিওৱা হ'ল শোভাযাত্ৰা (All boro students union) । ৰৌতাৰ বাসগৃহৰ পৰা ওদালগুৰি চহৰত থকা ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয়লৈ উলিওৱা হৈছে শোভাযাত্ৰা । বিভিন্ন ৰাজনৈতিক দলৰ লোকে শেষ শ্ৰদ্ধা জনোৱা পৰিলক্ষিত হৈছে প্ৰাক্তন বিধায়কগৰাকীলৈ ।
আজি জন্মস্থান দিয়াবাৰিত শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰাক্তন বিধায়ক কৰেন্দ্ৰ বসুমতাৰীৰ । শেষকৃত্য অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল (Cabinet minister Ashok Singhal), বিটিচি প্ৰধান প্ৰমোদ বড়োৰ (BTC Chief Pramod Baro) লগতে বিটিচি পৰিষদৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য উপস্থিত থাকিব বুলি জানিবলৈ পোৱা গৈছে ।
লগতে পঢ়ক: জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগৰ পিছতেই তোলপাৰ ৰাজীৱ ভৱন