ETV Bharat / state

ঈশ্বৰ নায়কৰ পৰিয়াললৈ আঢ়ৈ লাখ টকাৰ সাহাৰ্য ৰাহুল গান্ধীৰ

দেওবাৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত অসমৰ যুৱকক গুলিয়াই হত্যা কৰা কৰাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিশ ৰাৱাটে ৷ জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ ন্যায়াধীশৰ দ্বাৰা এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি হত্যাকাণ্ডত জড়িত দোষী সকলক শাস্তি প্ৰদানৰ বাবে দাবী জনায় ।

rahul gandhi donate 2.5 lacks rupees as compensation to the martyrs family
ঈশ্বৰ নায়কৰ নামৰ বিদ্যালয় স্থাপন কৰাৰ আশ্বাস কংগ্ৰেছৰ
author img

By

Published : Dec 29, 2019, 11:04 PM IST

ওদালগুৰি , 29 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিবলৈ গৈ আৰক্ষীৰ গুলিত শ্বহীদ হোৱা সকলৰ পৰিয়াললৈ আঢ়ৈ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ দেওবাৰে ওদালগুৰি জিলাৰ মাজুলী চাহ বাগিছাৰ শ্বহীদ ইশ্বৰ নায়কৰ পৰিয়ালক ৰাহুল গান্ধীৰ হৈ এই আৰ্থিক সাহায্য প্ৰদান কৰিলে প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক হৰিশ ৰাৱটে ৷ জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে শ্বহীদ ঈশ্বৰৰ পৰিয়ালটোক অনাগত দিনত কংগ্ৰেছে চৰকাৰ গঠন কৰিলে সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াব বুলিও আশ্বাস প্ৰদান কৰে ।

ঈশ্বৰ নায়কৰ নামৰ বিদ্যালয় স্থাপন কৰাৰ আশ্বাস কংগ্ৰেছৰ

দেওবাৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত অসমৰ যুৱকক গুলিয়াই হত্যা কৰা কৰাকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিশ ৰাৱাটে ৷ নেতাজনে মন্তব্য কৰে যে , চৰকাৰখনে নিৰ্দোষী লোকক হত্যা কৰিছে ৷ এনেধৰণৰ হত্যাকাণ্ড ৰাজ্যত আগতে কেতিয়াও হোৱা নাই ৷ যাৰ নিৰ্দেশত এই হত্যাকাণ্ড হৈছে, কংগ্ৰেছ দলে তাক নিন্দা কৰিছে ৷ লগতে জ্যেষ্ঠ কংগ্ৰেছী নেতাজনে উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ ন্যায়াধীশৰ দ্বাৰা এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি হত্যাকাণ্ডত জড়িত দোষী সকলক শাস্তি প্ৰদানৰ বাবে দাবী জনায় । সংশোধনী আইন বিৰোধী আন্দোলনত শ্বহীদ হোৱা সকলক চৰকাৰে শ্বহীদ ঘোষণা নকৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হৰিশ ৰাৱাটে কয় - "অসমৰ জনতাই এওঁলোকক শ্বহীদৰ মৰ্যদা দিছে । আমি অসমৰ জনতাৰ আবেগক সন্মান কৰো । আমি বিজেপিৰ বিৰুদ্ধে থিয় দিম। বিজেপিৰ আইন, বিজেপিৰ প্ৰতিটো গুলী, লাঠি আৰু নেতা সকলৰ মন্তব্যৰ বিৰুদ্ধে আমি থিয় দি আছো । যি সকলে অসমৰ জনগণৰ বিপক্ষে থিয় দি আছে সেই সকলৰ বিপক্ষে কংগ্ৰেছ সদায় থিয় দিব ৷" ইপিনে শ্বহীদ ঈশ্বৰ নায়কৰ পিতৃয়ে ঈশ্বৰ নায়কৰ নামত এখন বিদ্যালয় স্থাপন কৰিবলৈ অনুৰোধ জনোৱাত হৰিশ ৰাৱাটে কংগ্ৰেছৰ চৰকাৰ গঠন হ'লে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়কঃঅমিতাভ বচ্চনলৈ দাদা চাহেব ফাল্কে বঁটা

Intro:কা' বিৰোধী আন্দোলনৰ শ্বহীদ সকলৰ পৰিয়াললৈ আঢ়ৈ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য ৰাহুল গান্ধীৰ। আজি ওদালগুৰি জিলাৰ মাজুলী চাহ বাগিছাৰ শ্বহীদ ইশ্বৰ নায়কৰ পৰিয়ালক ৰাহুল গান্ধীৰ হৈ এই আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিলে প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক হৰিশ ৰাৱতে। Body:'কা' বিৰোধী আন্দোলনৰ শ্বহীদ সকলৰ পৰিয়াললৈ আঢ়ৈ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য ৰাহুল গান্ধীৰ। আজি ওদালগুৰি জিলাৰ মাজুলী চাহ বাগিছাৰ শ্বহীদ ইশ্বৰ নায়কৰ পৰিয়ালক ৰাহুল গান্ধীৰ হৈ এই আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিলে প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক হৰিশ ৰাৱতে।
জ্যেষ্ঠ কংগ্ৰেছী নেতা জনে শ্বহীদ ঈশ্বৰৰ পৰিয়ালটোক অনাগত দিনত কংগ্ৰেছে চৰকাৰ গঠন কৰিলে সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াব বুলিও মন্তব্য কৰে। আনহাতে 'কা' বিৰোধী আন্দোলনত অসমৰ যুৱকক গলীয়াই হত্যা কৰাকলৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা জনে। ৰাৱতে কয় যে- চৰকাৰখনে নিৰ্দোষি লোকক হত্যা কৰিছে। মই এনেধৰনৰ নিৰ্মম হত্যাকাণ্ড দেখা নাই। যাৰ নিৰ্দেশত এই হত্যা হল ইয়াক নিন্দা কৰিছো। জ্যেষ্ঠ কংগ্ৰেছী জনে লগতে উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ ন্যায়াধীশৰ দ্বাৰা এই সমগ্ৰ ঘটনাৰ তদন্ত কৰি হত্যাকাণ্ডৰ জড়িত দোষী সকলক শাস্তি প্ৰদানৰ বাবে দাবী জনায়। 'কা' বিৰোধী আন্দোলনত নিহত সকলক চৰকাৰে শ্বহীদ ঘোষণা নকৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি হৰিশ ৰাৱতে কয় - অসমীৰ জনতাই এই সকলকক শ্বহীদ মৰ্যদা দিছে। আমি অসমৰ জনতাৰ আবেগক সন্মান কৰো। আমি বিজেপিৰ বিৰুদ্ধে থিয় দিম। বিজেপিৰ আইন ,বিজেপিৰ প্ৰতিটো গুলী, লাঠি আৰু নেতা সকলৰ মন্তব্যৰ বিৰুদ্ধে আমি থিয় দি আছো। যি সকল অসমৰ জনগণৰ বিপক্ষে থিয় দি আছে সেই সকলৰ বিপক্ষে কংগ্ৰেছ সদায় থিয় দিব। ইপিনে শ্বহীদ ঈশ্বৰ নায়কৰ পিতৃয়ে ঈশ্বৰ নায়কৰ নামত এখন বিদ্যালয় স্থাপন কৰিবলৈ অনুৰোধ জনোৱাত হৰিশ ৰাৱতে কংগ্ৰেছৰ চৰকাৰ গঠন হলে এই ক্ষেত্ৰত ব্যৱস্থা লব বুলি প্ৰতিশ্ৰুতি দিয়ে।

Byte - Harish RawatConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.