ETV Bharat / state

বৰটংলাত NRC ৰ পৰা বঞ্চিতৰ প্ৰতিবাদ

author img

By

Published : Sep 8, 2019, 11:45 PM IST

বৰটংলা-ৰূপাখাট অঞ্চলৰ আঠটাকৈ ভোটগ্ৰহণ কেন্দ্ৰৰ অধীনত থকা প্ৰায় 15 হাজাৰ ভোটাৰে NRC ত নাম অন্তৰ্ভুক্তিৰ বাবে বৈধ নাগৰিকত্ব প্ৰমাণিত কৰা নথিপত্ৰসহ আবেদন কৰে যদিও অঞ্চলটোৰ বহু সংখ্যক লোকৰ নাম NRCৰ চূড়ান্ত তালিকাত প্ৰকাশ নোপোৱাত বৰটংলা-ৰূপাখাট অঞ্চলৰ ৰাইজ শংকিত হৈ পৰে

বৰটংলাত NRC ৰ পৰা বঞ্চিতৰ প্ৰতিবাদ

ওদালগুৰি, 8 চেপ্তেম্বৰঃ NRCৰ চূড়ান্ত তালিকাত ভাৰতীয় নাগৰিকত্বৰ সমৰ্থনযোগ্য প্ৰয়োজনীয় সকলো নথিপত্ৰ থকাৰ পাচতো খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগ ওদালগুৰিৰ বৰটংলাবাসী ৰাইজৰ ৷ যাৰ বাবে কেইবাশ পুৰুষ-মহিলাই দেওবাৰে NRC ৰ বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বৰটংলা-ৰূপাখাট অঞ্চলৰ আঠটাকৈ ভোটগ্ৰহণ কেন্দ্ৰৰ অধীনত থকা প্ৰায় 15 হাজাৰ ভোটাৰে NRC ত নাম অন্তৰ্ভুক্তিৰ বাবে বৈধ নাগৰিকত্ব প্ৰমাণিত কৰা নথিপত্ৰসহ আবেদন কৰে যদিও অঞ্চলটোৰ বহু সংখ্যক লোকৰ নাম NRCৰ চূড়ান্ত তালিকাত প্ৰকাশ নোপোৱাত বৰটংলা-ৰূপাখাট অঞ্চলৰ ৰাইজ শংকিত হৈ পৰে ৷ কেইবাশ লোকে ইয়াৰ বিৰুদ্ধে বিবেকানন্দ হাইস্কুল প্ৰাংগণত এখন প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি এন আৰ চি প্ৰস্তুতকৰণত তৃতীয় শক্তিৰ হাত থকাৰ উপৰি ধৰ্মীয় মেৰুকৰণৰে হিন্দু বাঙালীসকলক NRC ৰ পৰা বঞ্চিত কৰা হৈছে বুলি অভিযোগ কৰে ৷ প্ৰতিবাদত নথিপত্ৰ লৈ প্ৰতীক হাজেলা মুৰ্দাবাদ, এনআৰচিৰ নামত হিন্দু বাঙালীক হাৰাশাস্তি নচলিব, অসম চৰকাৰ হায় হায়, প্ৰতীক হাজেলাৰ মইমতালি নচলিব, হিন্দু বাঙালীক বিদেশী সজোৱা ষড়যন্ত্ৰ বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ কৰি বৰটংলাৰ ৰাজপথ উত্তাল কৰে ৷ বৰটংলা-ৰূপাখাট অঞ্চলৰ ৰাইজৰ নাম NRC ত শীঘ্ৰে অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ দাবী কৰে অঞ্চলবাসী ৰাইজে ৷

Intro:বৰটংলাত এনআৰচিৰ পৰা বঞ্চিতৰ তীব্ৰ প্ৰতিবাদ
প্ৰকৃত ভাৰতীয় নাগৰিক হিন্দু বাঙালীক হাৰাশাস্তি নকৰিবলৈ আহ্বানBody:ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাত ভাৰতীয় নাগৰিকত্বৰ সমৰ্থনযোগ্য প্ৰয়োজনীয় সকলো নথিপত্ৰ থকাৰ পিছতো অন্তৰ্ভুক্ত নোহোৱাৰ অভিযোগত কৰি ওদালগুৰি জিলাৰ বৰটংলাত কেইবাশ পুৰুষ-মহিলাই আজি এনআৰচি বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বৰটংলা-ৰূপাখাট অঞ্চলৰ আঠটাকৈ ভোটগ্ৰহণ কেন্দ্ৰৰ অধীনত থকা প্ৰায় ১৫ হাজাৰ ভোটাৰে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে বৈধ নাগৰিকত্ব প্ৰমাণিত কৰা নথিপত্ৰসহ আবেদন কৰে যদিও অঞ্চলটোৰ বহু সংখ্যক লোকৰ নাম এন আৰ চিৰ চূড়ান্ত তালিকাত প্ৰকাশ নোপোৱাত বৰটংলা-ৰূপাখাট অঞ্চলৰ ৰাইজৰ হতভম্ব হৈ পৰে ৷ আজি কেইবাশ শ্ৰমজীৱী পুৰুষ-মহিলাই নিজৰ কাম-বন কাটি কৰি বিবেকানন্দ হাইস্কুল প্ৰাংগণত এখন প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি এন আৰ চি প্ৰস্তুতকৰণত তৃতীয় শক্তিৰ হাত থকাৰ উপৰি ধৰ্মীয় মেৰুকৰণৰে হিন্দু বাঙালীসকলক এন আৰ চিৰ পৰা বঞ্চিত কৰা হৈছে বুলি অভিযোগ কৰে ৷ নাম অন্তৰ্ভুক্ত নোহোৱা শংকিত সমবেত ৰাইজে হাতে হাতে বৈধ নথিপত্ৰ লৈ প্ৰতীক হাজেলা মুৰ্দাবাদ, এনআৰচিৰ নামত হিন্দু বাঙালীক হাৰাশাস্তি নচলিব, অসম চৰকাৰ হায় হায়, প্ৰতীক হাজেলাৰ মইমতালি নচলিব, হিন্দু বাঙালীক বিদেশী সজোৱা ষড়যন্ত্ৰ বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে প্ৰতীক হাজেলাৰ প্ৰতিকৃতি দাহ কৰি বৰটংলাৰ ৰাজপথ উত্তাল কৰাৰ উপৰি এন আৰ চিৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৷ বৰটংলা-ৰূপাখাট অঞ্চলৰ ৰাইজৰ নাম এন আৰ চিত অতি শীঘ্ৰে অন্তৰ্ভুক্ত কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ হস্তক্ষেপ অঞ্চলবাসী ৰাইজে দাবী কৰিছে ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.