টংলা,24 জুলাই : টংলাত এটা ব্যস্ত ৰে'লৱে লেভেল ক্ৰ'ছিং বন্ধ কৰাৰ বাবে ৰে'লৱে বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ ৷ বুধবাৰে ৰঙিয়া ৰে’লৱে ডিভিজনৰ নিৰ্দেশত উক্ত লেভেল ক্ৰ’ছিংটো ৰে’লৱে বিষয়া-কৰ্মচাৰীয়ে ৰে’ল আৰক্ষীৰ এটি দল লৈ বন্ধ কৰাৰ চেষ্টা কৰাত অঞ্চলটোৰ স্থানীয় ৰাইজৰ সৈতে সৃষ্টি হয় সংঘাতৰ ৷ উক্ত ক্ৰ’ছিংটো বন্ধ কৰি দিলে টংলা নিকটৱৰ্তী গাঁওকেইখনৰ সকলো ৰাইজৰ টংলা নগৰকে ধৰি আন ঠাইৰ পোনপটীয়া পথ যোগাযোগ ব্যাহত হোৱাৰ উপৰি জৰুৰীকালীন পৰিস্থিতিত অঞ্চলটোলৈ তৎকালীনভাৱে এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আদি অহা-যোৱা কৰাৰ কোনো বিকল্প পথ নাথাকিব ৷ তেনে পৰিস্থিতিৰ কথা চিন্তা কৰিয়েই ৰাইজে এই ৰে’লৱে লেভেল ক্ৰ’ছিঙত এখন স্থায়ী গে’ট স্থাপনৰ বাবে ৰঙিয়া ৰে’ল শাখাৰ কাৰ্যালয়ত কেইবাবাৰো স্মাৰকপত্ৰ প্ৰেৰণ কৰি আহিছে ৷ গতিকে লেভেল ক্ৰ’ছিংটো অবৈধ বুলি ঘোষণা কৰি বন্ধ কৰাৰ চেষ্টা কৰাত সমবেত শতাধিক ৰাইজে বিভাগটোৰ পদক্ষেপত ক্ষুব্ধ হৈ তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰে ৷ লগতে কোনো কাৰণতেই এই লেভেল ক্ৰ’ছিং বন্ধ কৰিবলৈ দিয়া নহ’ব তাৰ উপৰি লিখিতভাৱে স্থায়ী গে’ট নিৰ্মাণৰ দাবী জনায় ৷ ইয়াৰ উপৰি উক্ত স্থানত অতি শীঘ্ৰে ৰখীয়াযুক্ত ৰে’লৱে গে’ট স্থাপনৰ বাবে উৰ্দ্ধতন কৰ্তৃপক্ষক দাবী জনায় স্থানীয় ৰাইজ আৰু টংলা আঞ্চলিক বড়ো ছাত্ৰ সন্থাই ৷
ৰে'লৱে লেভেল ক্ৰ'ছিং বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে টংলাত ৰাইজৰ প্ৰতিবাদ - TONGLA RAIL ROAD BLOCKED
টংলাত ব্যস্ত ৰে’লৱে লেভেল ক্ৰ’ছিং বন্ধৰ চেষ্টা ৷ ৰাইজৰ ৰুদ্ৰ মুৰ্তি দেখি উভতিল ৰে’ল আৰক্ষী
![ৰে'লৱে লেভেল ক্ৰ'ছিং বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে টংলাত ৰাইজৰ প্ৰতিবাদ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3934696-thumbnail-3x2-tangla.jpg?imwidth=3840)
টংলা,24 জুলাই : টংলাত এটা ব্যস্ত ৰে'লৱে লেভেল ক্ৰ'ছিং বন্ধ কৰাৰ বাবে ৰে'লৱে বিভাগৰ সিদ্ধান্তৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ ৷ বুধবাৰে ৰঙিয়া ৰে’লৱে ডিভিজনৰ নিৰ্দেশত উক্ত লেভেল ক্ৰ’ছিংটো ৰে’লৱে বিষয়া-কৰ্মচাৰীয়ে ৰে’ল আৰক্ষীৰ এটি দল লৈ বন্ধ কৰাৰ চেষ্টা কৰাত অঞ্চলটোৰ স্থানীয় ৰাইজৰ সৈতে সৃষ্টি হয় সংঘাতৰ ৷ উক্ত ক্ৰ’ছিংটো বন্ধ কৰি দিলে টংলা নিকটৱৰ্তী গাঁওকেইখনৰ সকলো ৰাইজৰ টংলা নগৰকে ধৰি আন ঠাইৰ পোনপটীয়া পথ যোগাযোগ ব্যাহত হোৱাৰ উপৰি জৰুৰীকালীন পৰিস্থিতিত অঞ্চলটোলৈ তৎকালীনভাৱে এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আদি অহা-যোৱা কৰাৰ কোনো বিকল্প পথ নাথাকিব ৷ তেনে পৰিস্থিতিৰ কথা চিন্তা কৰিয়েই ৰাইজে এই ৰে’লৱে লেভেল ক্ৰ’ছিঙত এখন স্থায়ী গে’ট স্থাপনৰ বাবে ৰঙিয়া ৰে’ল শাখাৰ কাৰ্যালয়ত কেইবাবাৰো স্মাৰকপত্ৰ প্ৰেৰণ কৰি আহিছে ৷ গতিকে লেভেল ক্ৰ’ছিংটো অবৈধ বুলি ঘোষণা কৰি বন্ধ কৰাৰ চেষ্টা কৰাত সমবেত শতাধিক ৰাইজে বিভাগটোৰ পদক্ষেপত ক্ষুব্ধ হৈ তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰে ৷ লগতে কোনো কাৰণতেই এই লেভেল ক্ৰ’ছিং বন্ধ কৰিবলৈ দিয়া নহ’ব তাৰ উপৰি লিখিতভাৱে স্থায়ী গে’ট নিৰ্মাণৰ দাবী জনায় ৷ ইয়াৰ উপৰি উক্ত স্থানত অতি শীঘ্ৰে ৰখীয়াযুক্ত ৰে’লৱে গে’ট স্থাপনৰ বাবে উৰ্দ্ধতন কৰ্তৃপক্ষক দাবী জনায় স্থানীয় ৰাইজ আৰু টংলা আঞ্চলিক বড়ো ছাত্ৰ সন্থাই ৷
টংলা ৰে’লৱে ষ্টেচনৰ নিকটৱৰ্তী চমুৱাপাৰা গাঁৱৰ অতি পুৰণি আৰু সদা ব্যস্ত উন্মুক্ত ৰে’লৱে লেভেল ক্ৰ’ছিঙটোত অঞ্চলটোৰ ৰাইজে স্থায়ী লেভেল ক্ৰ’ছিং স্থাপন কৰি গে’ট নিৰ্মাণৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই অহাৰ মাজতে বুধবাৰে ৰঙিয়া ৰে’লৱে ডিভিজনৰ নিৰ্দেশত উক্ত লেভেল ক্ৰ’ছিংটো ৰে’লৱে বিষয়া-কৰ্মচাৰীয়ে ৰে’ল আৰক্ষীৰ এটি দল লৈ বন্ধ কৰাৰ চেষ্টা কৰাত অঞ্চলটোৰ স্থানীয় ৰাইজৰ সৈতে সৃষ্টি হয় সংঘাতৰ ৷ হৰিশিঙা ৰাজহ চক্ৰৰ অন্তৰ্গত চমুৱাপাৰা গাঁৱৰ ধূপতল, পুখুৰীপাৰা, বানশেৰীয়াকে ধৰি আন কেইবাখনো গাঁৱৰ অহা-যোৱাৰ মূল পথটোত থকা এই লেভেল ক্ৰ’ছিংটো বন্ধ কৰি দিলে গাঁওকেইখনৰ সকলো ৰাইজৰ টংলা নগৰকে ধৰি আন ঠাইৰ পোনপটীয়া পথ যোগাযোগ ব্যাহত হোৱাৰ উপৰি জৰুৰীকালীন পৰিস্থিতিত অঞ্চলটোলৈ তৎকালীনভাৱে এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আদি অহা-যোৱা কৰাৰ কোনো বিকল্প পথ নাথাকিব ৷ তেনে পৰিস্থিতিৰ কথা চিন্তা কৰিয়েই ৰাইজে এই ৰে’লৱে লেভেল ক্ৰ’ছিঙত এখন স্থায়ী গে’ট স্থাপনৰ বাবে ৰঙিয়া ৰে’ল ডিভিজন কাৰ্যালয়ত কেইবাবাৰো স্মাৰকপত্ৰ প্ৰেৰণ কৰি আহিছে ৷ বিভাগটোয়ে উক্ত স্থানত ৰখীয়াযুক্ত গে’ট নিৰ্মাণৰ আশ্বাস প্ৰদান কৰি আহিছিল যদিও আজি হঠাতে এনেদৰে লেভেল ক্ৰ’ছিংটো অবৈধ বুলি ঘোষণা কৰি বন্ধ কৰাৰ চেষ্টা কৰাত সমবেত কেইবা শতাধিক পুৰুষ-মহিলাই বিভাগটোৰ পদক্ষেপত জাঙুৰ খাই উঠে ৷ উত্তেজিত ৰাইজে খুঁটা পুতিবলৈ চেষ্টা কৰা ৰে’লৱে কৰ্মচাৰীক বাধা দি উপস্থিত আৰক্ষী আৰু ৰে’লৱে বিষয়া-কৰ্মচাৰীসকলক কোনো কাৰণতেই এই লেভেল ক্ৰ’ছিং বন্ধ কৰিবলৈ দিয়া নহ’ব বুলি জনাই দিয়াৰ উপৰি লিখিতভাৱে স্থায়ী গে’ট নিৰ্মাণৰ দাবী জনায় ৷ ৰাইজৰ প্ৰৱল প্ৰতিবাদৰ প্ৰতি সন্মান জনাই ৰে’লৱে বিভাগৰ দলটোয়ে উভতি যাৱলৈ বাধ্য হয় ৷ স্থানীয় ৰাইজ আৰু টংলা আঞ্চলিক বড়ো ছাত্ৰ সন্থাই উক্ত স্থানত অতি শীঘ্ৰে ৰখীয়াযুক্ত ৰে’লৱে গে’ট স্থাপনৰ বাবে উৰ্দ্ধতন কৰ্তৃপক্ষক দাবী জনায় ৷
Conclusion: