ওদালগুৰি,1 জুলাইঃ ওদালগুৰি বিধানসভা সমষ্টিৰ হৰিশিঙা পথৰ দুৰৱস্থাই বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক ৷ দীৰ্ঘ দিনে হৰিশিঙা ৰে'ল ষ্টেচনৰ পৰা হৰিশিঙা গধুলি বজাৰলৈ যোৱা পথটোৰ নিৰ্মাণ নোহোৱাত এতিয়া এজাক সাধাৰণ বৰষুণতে বোকা-পানীৰে কদৰ্যৰূপ ধাৰণ কৰিছে পথটোৱে ৷ কদৰ্যময় পথটোৰেই হৰিশিঙা ৰে'ল ষ্টেচন,উপ- ডাকঘৰ,হৰিশিঙা দৈনিক বজাৰ,বিদ্যালয় আদিলৈ যাবলৈ বাধ্য হৈছে অঞ্চলটোৰ ৰাইজ।
![etv bharat](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-udl-road-problem-photo2-as10007_01072019113942_0107f_1561961382_175.jpeg)
ইয়াৰোপৰি হৰিশিঙা দৈনিক বজাৰৰ আৱৰ্জনা সমূহ একাংশ অসাধু ব্যৱসায়ীয়ে পথটোৰ কাষতে পেলোৱাৰ ফলত সৃষ্টি হোৱা দুৰ্গন্ধৰ বাবে পথেটোৰে পাৰ হ'বলৈ এতিয়া ৰাইজে দহ বাৰ চিন্তা কৰিব লগীয়া হৈছে। আৱৰ্জনা সমূহৰ ফলত বিভিন্ন ৰোগৰ সৃষ্টি হোৱাৰ আশংকা কৰি আৱৰ্জনা সমূহ পথৰ কাষৰ পৰিৱৰ্তে অন্য ঠাইত পেলাবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। কিন্তু এইক্ষেত্ৰত কোনে কাণ-সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ যাৰবাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷