ETV Bharat / state

ওদালগুৰিত আৰক্ষী দিৱসৰ শুভাৰম্ভ : মাৰাথন প্ৰতিযোগিতাৰ আয়োজন - শিৱসাগৰৰ বিপুল চাতনামিৰ প্ৰথম স্থান দখল

মঙলবাৰে সমগ্ৰ ৰাজ্যতে পালন কৰা হ'ব অসম আৰক্ষী দিৱস ৷ এই উপলক্ষ্যে ওদালগুৰি আৰক্ষীয়ে সোমবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰিছে আৰক্ষী দিৱসৰ কাৰ্যসূচী ৷ এই দিৱসৰ লগত সংগতি ৰাখি ওদালগুৰি আৰক্ষীয়ে অনুষ্ঠিত কৰে মিনি মাৰাথন প্ৰতিযোগিতা ৷

মাৰাথন প্ৰতিযোগিতা
author img

By

Published : Sep 30, 2019, 11:56 AM IST

ওদালগুৰি, 30 ছেপ্টেম্বৰ : মঙলবাৰে সমগ্ৰ ৰাজ্যতে পালন কৰা হ'ব অসম আৰক্ষী দিৱস ৷ এই উপলক্ষ্যে ওদালগুৰি আৰক্ষীয়ে সোমবাৰৰ পৰা দুদিনীয়াকৈ আয়োজন কৰিছে আৰক্ষী দিৱসৰ কাৰ্যসূচী ৷ এই দিৱসৰ লগত সংগতি ৰাখি ওদালগুৰি আৰক্ষীয়ে অনুষ্ঠিত কৰে মিনি মাৰাথন প্ৰতিযোগিতা ৷ স্থানীয় শ্বহীদ বেদীৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাৰ সামৰণি পৰে ওদালগুৰি আৰক্ষী থানাত ৷

ওদালগুৰিত আৰক্ষী দিৱসৰ শুভাৰম্ভ

39 মিনিট সময়েৰে দহ কিলোমিটাৰ পথ অতিক্ৰম কৰি পুৰুষৰ শাখাত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ সন্মান লাভ কৰে শিৱসাগৰৰ বিপুল চাতনামিয়ে ৷ আনহাতে, মহিলা শাখাত শ্ৰেষ্ঠ সন্মান লাভ কৰে মাজুলীৰ গীতা দলেই । উক্ত মাৰাথন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মায়ং কুমাৰ, উপ আৰক্ষী অধীক্ষক মইদুল ইছলামকে ধৰি বহু আৰক্ষী আৰু সেনা বিষয়াই ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা সংস্কৃতিৰে সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰে ওদালগুৰি আৰক্ষীয়ে ।

Intro:ওদালগুৰিত আৰক্ষী দিৱসৰ শুভাৰম্ভ।
মাৰাথনত অংশ ললে অসম বিভিন্ন জিলাৰ দেৰ শতাধিকে।Body:
কালি অসম আৰক্ষী দিৱস। ওদালগুৰি আৰক্ষীয়ে আজিৰে পৰে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে আৰক্ষী দিৱসৰ কাৰ্যসূচী। আৰক্ষী দিৱসৰ কাৰ্যসূচী হিচাপে আজি ওদালগুৰি আৰক্ষীয়ে অনুষ্ঠিত কৰে মিনি মাৰাথন প্ৰতিযোগিতা। স্থানীয় স্বহীদ বেদীৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন সমাপ্ত হয় ওদালগুৰি আৰক্ষী থানাত। দহ কিলো মিটাৰ পথ ৩৯ মিনিটত অতিক্ৰম কৰি এই প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ সন্মান লাভ কৰে শিৱসাগৰৰ বিপুল চাতনামিয়ে । আনহাতে মহিলা শাখাত শ্ৰেষ্ঠ সন্মান লাভ কৰে মাজুলীৰ গীতা দলেয়ে। উক্ত মাৰাথন প্ৰতিযোগিতাত ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মায়ং কুমাৰ, উপ আৰক্ষী অধীক্ষক মইদুল ইছলামকে ধৰি বহু আৰক্ষী , সেনা বিষয়া আৰু জোৱানে অংশ গ্ৰহণ কৰে।
প্ৰতিযোগীতাৰ বিজয়ী সকলক মেডেল সমূহ প্ৰদান কৰে ওদালগুৰিৰ আৰক্ষী অধীক্ষক লংনিত তেৰাঙৰ লগতে বিশিষ্ট ব্যক্ত সকলে।
আনহাতে আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি আজি তৰ্ক প্ৰতিযোগিতা আয়োজন কৰাৰ লগতে মঙলবাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ কলা সংস্কৃতিৰে সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছে ওদালগুৰি আৰক্ষীয়ে।

BYTE- SP UDALGURI
BYTE- WINNER PLAYERConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.