ওদালগুৰি, 20 জুনঃ ওদালগুৰি জিলাৰ ওৰাঙত আৰক্ষীৰ জালত পৰিল বিহাৰৰ পৰা অহা দুজন চোৰ । গ্ৰেপ্তাৰ হোৱা চোৰ দুজন হ'ল প্ৰকাশ শ্বাহ আৰু বিক্ৰম কুমাৰ । চোৰ দুজনৰ পৰা আৰক্ষীয়ে নগদ ধন,সোণ-ৰূপৰ অলংকাৰ লগতে চোৰ কেইটাই ব্যবহাৰ কৰা বি আৰ ০৯ এল ৩৭৫৬ নম্বৰৰ এখন মটৰ চাইকেলো জব্দ কৰে ।
জিলাখনৰ ওৰাং আৰু মাজবাটত বুধবাৰে দিনৰ ভাগত তিনি খনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা নগদ ধন আৰু সোণ ৰূপৰ আ-অলংকাৰ চুৰি কৰে বিহাৰৰ পৰা অহা চোৰ দুজনে । জানিব পৰা মতে চোৰ দুজনে প্ৰথমে ব্যৱসায়ীক প্ৰতিষ্ঠানত বিভিন্ন সা সামগ্ৰী ক্ৰয় কৰে। ইয়াৰ পিছতে দোকানীয়ে দোকানৰ ভিতৰত সামগ্ৰী বিচাৰি ব্যস্ত হ'লেই দোকানৰ পৰা সামগ্ৰী আৰু টকা লৈ উধাও হয় চোৰ দুজন ।
আৰু পঢ়কঃ AN-32 ধ্বংসস্তুপৰ পৰা 6টা মৃতদেহ,7টা মৃতদেহৰ অৱশিষ্ট উদ্ধাৰ
বুধবাৰে ওৰাঙৰ হাবিগাওঁত প্ৰথমে চোৰ দুজনে এখন ঔষধৰ দোকানত ঔষধ কিনিবৰ বাবে সোমাই আৰু মুঠ দুশ টকাৰ ঔষধ ক্ৰয় কৰি দোকানী গৰাকীক দুহেজাৰ টকীয়া নোট প্ৰদান কৰে। দোকানীজনে দুহেজাৰ টকাৰ খুচুৰা দিয়ে ৷ তেতিয়াই চোৰ কেইজনে দোকানীজনৰ দুহেজাৰ টকাৰ খুচুৰা আৰু খুচুৰা কৰিবলৈ দিয়া দুহেজাৰ টকীয়া নোটখনৰ সৈতে মুঠ ৩৬শ টকা লৈ পলায়নৰ চেষ্টা কৰে ৷ অৱশেষত খেদি খেদি ৰাইজৰ সহযোগত ওৰাং আৰক্ষীয়ে কৰায়ত্ত কৰে চোৰ দুজনক । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ওৰাং আৰক্ষীয়ে ৷