ওদালগুৰি, 25জুন : ওদালগুৰিৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ ধৰা পৰিছে কোভিড- ১৯ৰ উপস্থিতি । ইতিমধ্যে কন্টেইন্টমেন জ'ন হিচাপে ঘোষণা কৰা হৈছে উপায়ুক্তৰ বাংলোটো ৷
প্ৰথম বাৰৰ বাবে ৰাজ্যৰ শীৰ্ষ প্ৰশাসনিক বিষয়াৰ দেহত ধৰা পৰিছে কোভিড-19 ৰ পজিটিভ । ওদালগুৰিৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া ক'ভিড- ১৯ ত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে সদৰি কৰিছে । উপায়ুক্তজন পূৰ্বে আক্ৰান্ত হোৱা এন এইছ এম কৰ্মচাৰী অমু শইকীয়াৰ লগতে আন কৰ্মচাৰীৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ কৰা হৈছিল ৷ ইয়াৰ পিছতে শনিবাৰে স্বাৱ সংগ্ৰহ কৰা হৈছিল উপায়ুক্তজনৰ । স্বাৱ সংগ্ৰহ কৰাৰ পিছৰে পৰা ওদালগুৰিৰ উপায়ুক্তৰ আৱাসত হোম কোৱাৰেন্টেইনত আছিল উপায়ুক্ত গাৰকী । শনিবাৰৰ স্বাৱ পৰীক্ষাৰ ফলাফল অহাত পলম হোৱাত কালি পুনৰ স্বাৱ সংগ্ৰহ কৰা হৈছিল উপায়ুক্তজনৰ । বুধবাৰে কৰা পৰীক্ষাত ফলাফল পজিটিভ আহে উপায়ুক্তজনৰ । উপায়ুক্ত জনৰ ফলাফল পজিটিভ অহাৰ পিছতে কন্টেইন্টমেন জন হিচাপে ঘোষণা কৰা হৈছে উপায়ুক্তৰ বাংলোটো ।
আনহাতে বৰঙাজুলি সত্ৰতো গৈছিল উপায়ুক্ত গৰাকী ৷ ইতিমধ্যে স্বাৱ সংগ্ৰহৰ বাবে স্বাস্থ্য বিভাগৰ দল প্ৰেৰণ কৰা হৈছে সত্ৰ খনলৈ ৷ উপায়ুক্ত জনৰ সংস্পৰ্শত অহা লোক সকলকো কৰা হ'ব হোম কোৱাৰেন্টাইন ৷ আনহাতে শনিবাৰে ওদালগুৰিৰ আৰক্ষী অধীক্ষক ৰিপুল দাসৰো স্বাৱ সংগ্ৰহ কৰিছিল স্বাস্থ্য বিভাগে । তেতিয়াৰে পৰা হোম কোৱাৰেন্টাইন থকা বিষয়া জনৰ এতিয়াও অহা নাই ফলাফল ৷ উল্লেখ যে শেহতীয়া এক নিৰ্দেশনা যোগে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সচিব হিচাপে পদলি কৰা হৈছিল প্ৰকাশ ৰঞ্জন ঘৰফলীয়াক । বৰ্তমান ঘৰফলীয়াক উন্নত চিকিৎসাৰ বাবে জি এম চি লৈ প্ৰেৰণৰ যো-জা চলাইছে স্বাস্থ্য বিভাগে ৷