ETV Bharat / state

ওদালগুৰিৰ ভেৰগাঁৱত হাতীৰ গচকত প্ৰাণ গ'ল এজনৰ - ভাৰত -ভূটান সীমান্ত

নিশা প্ৰায় 11 বজাত এটা বন্যহস্তীয়ে গাঁওখনত প্ৰবেশ কৰাত হাতী খেদিবলৈ ওলাই আহিছিল লোকজন ৷ কিন্তু হাতীটোৱে খেদি যোৱাত হাতীটোৰ গচকত ঘটনাস্থলীতে মৃত্যুক সাবটি লয় লোকজনে ।

ওদালগুৰিৰ ভেৰগাঁৱত হাতীৰ গচকত প্ৰাণ গ'ল এজনৰ
author img

By

Published : Jun 16, 2019, 12:34 PM IST

ওদালগুৰি, 16 জুন: ভাৰত -ভূটান সীমান্তত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ ৷ শনিবাৰে নিশা ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ দেউচুঙাত বন্যহস্তীৰ আক্ৰমণত মৃত্যু হয় কৃষ্ণ বৰ্মন নামৰ এগৰাকী লোকৰ ৷ জানিব পৰা মতে, নিশা প্ৰায় 11 বজাত এটা বন্যহস্তীয়ে গাঁওখনত প্ৰবেশ কৰাত হাতী খেদিবলৈ ওলাই আহিছিল লোকজন ৷ কিন্তু হাতীটোৱে খেদি যোৱাত হাতীটোৰ গচকত ঘটনাস্থলীতে মৃত্যুক সাবটি লয় লোকজনে ।

ওদালগুৰিৰ ভেৰগাঁৱত হাতীৰ গচকত প্ৰাণ গ'ল এজনৰ

এতিয়া এই সমগ্ৰ ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলজুৰি আতংকৰ সৃষ্টি কৰাৰ লগতে ঘটনা সংঘটিত হোৱা কেইবা ঘণ্টা পিছতো বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী ৷ উল্লেখ্য যে এই বৰ্ষতে হাতীৰ আক্ৰমণত ওদালগুৰি জিলাত মৃত্যু হৈছে 9জনকৈ লোকৰ ৷

Intro:ভাৰত -ভূটান সীমান্তত অব্যাহত আছে বন্যহস্তীৰ তাণ্ডৱ । শনিবাৰে নিশা ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ দেউচুঙাত বন্যহস্তীৰ আক্ৰমণত মৃত্যু হল কৃষ্ণ বৰ্মন এজন লোকৰ। নিশা ১১ মান বজাত এটা বন্যহস্তীয়ে গাঁওখনত প্ৰবেশ কৰাত হাতী খেদিবলৈ ওলাই আছিল লোকজন ৷ ওলোতাকৈ বন্যহস্তীয়ে খেদি পিছ পিনৰ পৰা গছকি নিহত কৰে লোক জনক। ভাৰত-ভূটান সীমান্ত অঞ্চলত হাতী-মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে যদিও সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বিভাগটো ৷Body:ওদালগুৰি জিলা খনত অব্যাহত আছে হাতী মানুহৰ সংঘাত। শনিবাৰে নিশা ১১ মান বজাত জিলা খনৰ ভেৰগাৱৰ দেউচুঙাত হাতীৰ আক্ৰমণত প্ৰাণ গল কৃষ্ণ বৰ্মন (৪৫) নামৰ এজন লোকৰ। জানিব পৰা মতে নিশা গাঁও খনত এটা বনৰীয়া হাতী প্ৰৱেশ কৰাত হাতীটো খেদিবলৈ গৈছিল কৃষ্ণ বৰ্মন লোক জনে। কিন্তু তেনে সময়তে হাতীটোৱে ওলোটাই খেদি পিছ পিনৰ পৰা আক্ৰমণ কৰাত ঘটনা স্থলীতে মৃত্যুক সাবতি লৈ কৃষ্ণ বৰ্মনে। এতিয়া এই সমগ্ৰ ঘটনাই অঞ্চলজুৰি আতংকৰ সৃষ্টি কৰাৰ লগতে ঘটনা সংঘটিত হোৱা কেইবাঘণ্টা পিছতো বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষোভৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত। উল্লেখ যে এই বছৰটোত জিলা খনত হাতী মানুহৰ সংঘাতৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে ৯ জনলৈ। কিন্তু এই সংঘাত ৰোধ কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে বিয়াগোম বন বিভাগ।

Byte1 - local PeopleConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.