ETV Bharat / state

কৰ'ণাত আক্ৰান্ত দিল্লীত কৰ্মৰত ওদালগুৰিৰ এগৰাকী চিআৰপিএফ জোৱান

author img

By

Published : Apr 29, 2020, 6:48 PM IST

শেহতীয়াকৈ কৰ'ণাত আক্ৰান্ত হয় দিল্লীত কৰ্মৰত অৱস্থাত থকা ওদালগুৰি জিলাৰ এগৰাকী চিআৰপিএফ জোৱান । জোৱানজন কৰ'ণাত আক্ৰান্ত হৈ দিল্লীত মৃত্যু হোৱা সৰুপেটাৰ ইক্ৰাম হুছেইনৰ সংস্পৰ্শত আহিছিল বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

one crpf soldier from udalguri effected by corona in delhi

ওদালগুৰি, 29 এপ্ৰিলঃ দিল্লীত কৰ্মৰত অৱস্থাত কৰ'ণাত আক্ৰান্ত ওদালগুৰি জিলাৰ এগৰাকী চিআৰপিএফ জোৱান । বৰ্তমান দিল্লীত চিকিৎসাধীন হৈ আছে জোৱান গৰাকী । কৰ'ণাত আক্ৰান্ত হৈ দিল্লীত মৃত্যু হোৱা সৰুপেটাৰ ইক্ৰাম হুছেইনৰে সংস্পৰ্শ হোৱাৰ ফলত ওদালগুৰিৰ এই জোৱান গৰাকী কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ।

কৰ'ণাত আক্ৰান্ত দিল্লীত কৰ্মৰত ওদালগুৰিৰ এগৰাকী চিআৰপিএফ জোৱান

উল্লেখ্য কৰ'ণাত আক্ৰান্ত চিআৰপিএফ জোৱান গৰাকীয়ে উপযুক্ত চিকিৎসা নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে । যাৰ বাবে জোৱান গৰাকীক অসমলৈ আনি চিকিৎসা কৰিবলৈ অসম চৰকাৰক অনুৰোধ জনাইছে পৰিয়ালৰ লোকে । ইয়াৰোপৰি যোৱা 23 এপ্ৰিলতে জোৱান জনৰ শৰীৰত কৰ'ণাৰ অৱস্থিতি ধৰা পৰা সত্বেও, চিআৰপিএফ বা চৰকাৰৰ তৰফৰ পৰা পৰিয়ালৰ লোকক তেওঁৰ স্বাস্থ্যৰ সন্দৰ্ভে আনুষ্ঠানিকভাৱে একো জনোৱা নাই বুলি অভিযোগ কৰে । বৰ্তমান জোৱান জনৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ নহয় বুলিও সাংবাদিকৰ আগত উল্লেখ কৰে পৰিয়ালৰ লোকে ।

লগতে পঢ়কঃ আৰক্ষী হেড কনিষ্টবলৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.