ওদালগুৰি,15 মাৰ্চ : দেশ স্বাধীন হোৱাৰ 70 বছৰ পাচতো হাগ্ৰামাৰ মডেল বিটিচিৰ একাংশ গাঁৱক চুব পৰা নাই উন্নয়নে৷ ওদালগুৰি বিধান সভাৰ লামাবাৰী ভি চি ডি চিৰ অন্তৰ্গত গৌজনপুৰী গাঁৱত আজিও নিৰ্মাণ নহ'ল এখন পকী দলং ।
গাঁওবাসীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰা এখন বাঁহৰ দলঙেই এতিয়া অঞ্চলবাসীৰ যাতায়তৰ একমাত্ৰ সাৰথি । চৰকাৰৰ দৃষ্টি নপৰাত বিগত 10-15 বছৰে নিজে নিৰ্মাণ কৰি আহিছে দলঙখন । কিয়নো বাৰিষা পানী বাঢ়িলেই যাতায়তৰ বাবে অসুবিধাৰ সন্মুখীন হয় গাঁওবাসী ।
আনহাতে,বাঁহৰ দলঙখনেৰে গাড়ী যাব নোৱাৰাৰ ফলত ৰোগীক চাইকেলেৰে কঢ়িয়াই বা কোলাত উঠাই দলং পাৰ কৰাই এম্বুলেঞ্চত উঠাব লগা পৰিৱেশো হৈছে বুলি অভিযোগ উত্থাপন কৰে গাঁওবাসীয়ে । সেয়েহে স্থানীয় মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা আৰু স্থানীয় মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়োৰ ভূমিকাত অসন্তুষ্টি প্ৰকাশ কৰে স্থানীয় ৰাইজে ।