ETV Bharat / state

ইউপিপিএলত যোগদান গোবিন্দ বসুমতাৰীসহ ৬০ গৰাকী কংগ্ৰেছ নেতা কৰ্মীৰ - বিটিচি পৰিষদীয়‌ নিৰ্বাচ

বুধবাৰে ইউপিপিএলত আনুষ্ঠানিকভাৱে যোগদান কৰে এনডিএফবি ‌প্ৰগতিশীলৰ সভাপতি‌ গোবিন্দ বসুমতাৰীয়ে । লগতে UPPLত যোগদান কৰে কংগ্ৰেছ নেতা ৰিমিল লিণ্ডা, ওদালগুৰি জিলা যুৱ কংগ্ৰেছৰ সভাপতি দীপক বৰাল, এনডিএফবি গ্ৰুপক মূল সুঁতিলৈ অনাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা পৃথ্বি নাৰায়ণ মেচ আৰু সাংবাদিক পুলক দাসে ।

UPPL
ইউপিপিএলত যোগদান গোবিন্দ বসুমতাৰীসহ ৬০ জন কংগ্ৰেছৰ নেতা কৰ্মীৰ
author img

By

Published : Mar 4, 2020, 5:20 PM IST

ওদালগুৰি, 4 ফেব্ৰুৱাৰীঃ বিটিচি পৰিষদীয়‌ নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও এতিয়া বিটিচি অঞ্চলত গৰম হৈছে ৰাজনৈতিক বতাহ । এবছুৰ সভাপতিৰ পদ এৰি প্ৰমোদ বড়োই ইউপিপিএলত যোগদান কৰাৰ পিছত বুধবাৰে ওদালগুৰিত আনুষ্ঠানিকভাৱে ইউপিপিএলত যোগদান কৰে এনডিএফবি প্ৰগতিশীলৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে । ওদালগুৰি জিলা ইউ পি পি এলৰ সভাপতি ৰবীন্দ্ৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত বিশাল যোগদান সভাত গোবিন্দ বসুমতাৰীৰ লগতে কংগ্ৰেছৰ ৰিমিছ লিণ্ডা আৰু ওদালগুৰি জিলা যুৱ কংগ্ৰেছৰ সভাপতি দীপক বৰালসহ প্ৰায়‌ ৬০ জন কংগ্ৰেছৰ নেতা কৰ্মীয়ে ইউ পি পি এলত যোগদান কৰে ।

ইউপিপিএলত যোগদান গোবিন্দ বসুমতাৰীসহ ৬০ জন কংগ্ৰেছৰ নেতা কৰ্মীৰ

ইউ পি পি এলত‌ যোদগান কৰিয়েই এনডিএফবি নেতা গোবিন্দ বসুমতাৰীৰ সদম্ভ ঘোষণা, "ইউপিপিএলৰ মুল যুদ্ধ হ'ব বিপিএফৰ লগত । ‌হাগ্ৰামা মহিলাৰীৰ সোতৰ বছৰীয়া শাসনত হোৱা দুৰ্নীতি, অপশাসন আৰু বিপিএফৰ অকৰ্মণ্যতাৰ বিৰুদ্ধে উন্নয়নৰ বিভিন্ন বাৰ্তা লৈ ৰাইজৰ মাজত যাব ইউপিপিএল‌ দল । এনডিএফবিৰ প্ৰগতিশীলৰ সভাপতি গোবিন্দ বসুমতাৰী আশাবাদী যে, বি টি আৰ চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ স্বাৰ্থত ৰাইজে ইউপিপিএল দলক আদৰি ল'ব‌ আৰু নিৰংকুশ ‌সংখ্যাগৰিষ্ঠ লাভ কৰি পৰিষদ গঠন কৰিব । এই যোগদান সভাতেই এনডিএফবিৰ চৌৰাইগ্ৰা গোটক শান্তি আলোচনাৰ মাজলৈ আনি বিটিআৰ চুক্তি স্বাক্ষৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা যুৱক পৃথ্বি নাৰায়ণ মেচেও ইউপিপিএলত‌ আনুষ্ঠানিকভাৱে যোগদান কৰে ।

আৰু পঢ়কঃ বৰঝাৰ বিমানবন্দৰত কৰ'ণা ভাইৰাছ পৰীক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.