ETV Bharat / state

JCB চালকৰ ৰূপত সাংসদ নৱ কুমাৰ শৰণীয়া

author img

By

Published : Aug 4, 2020, 9:12 PM IST

মঙলবাৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ওৰাঙৰ চুতীয়াপাৰা গাঁৱত উপস্থিত হৈ পাচনৈ নদীৰ গতিপথ সলনি কৰাৰ চেষ্টা চলাই ৷ দীৰ্ঘদিন ধৰি পাচনৈ নদীৰ গৰাখহনীয়াই অঞ্চলবাসীক জুৰুলা কৰি আহিছে ৷ লগতে, উক্ত অঞ্চলৰ পৰাই ৰাজনৈতিক দলকো কটাক্ষ কৰে সাংসদ গৰাকীয়ে ৷

MP NABA KUMAR SARANIYA RECATION ON BPF PARTY
JCB চালকৰ ৰূপত সাংসদ নৱ কুমাৰ শৰণীয়া

দৰং, 4 আগষ্ট : ৰাজ্যত বানপানীৰ সমান্তৰালভাবে গৰাখহনীয়া সমস্যাই ৰাজ্যবাসীক জুৰুলা কৰিছে ৷ ইতিমধ্যে, নদীৰ বুকুত জাহ গৈছে ঘৰ-মাটি সকলো ৷ ওৰাং জিলাৰ পাচনৈ নদীৰ গৰাখহনীয়াই এক প্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰিছে ৷

মঙলবাৰে নিজে JCB চলাই নদী খান্দি নদীৰ গতি সলোৱাৰ চেষ্টা সাংসদ নৱ কুমাৰ শৰণীয়াৰ । ওৰাঙৰ চুতীয়াপাৰা গাঁৱত পাচনৈ নদীৰ গৰাখহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰাৰ পিচত গাঁওখন নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱাত এই পদক্ষেপ গ্ৰহণ কৰিছে সাংসদ গৰাকীয়ে ।

JCB চালকৰ ৰূপত সাংসদ নৱ কুমাৰ শৰণীয়া

গাঁওবাসীৰ অভিযোগ অনুসৰি, বহুবাৰ মন্ত্ৰী বিধায়ক তথা স্থানীয় বিধায়কক অবগত কৰাৰ পিচতো কোনো ধৰণৰ সহাৰি নোপোৱাত সাংসদ গৰকীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷ কোকৰাঝাৰ সমষ্টিৰ পৰা আহি ওৰাঙৰ চুতীয়াপাৰা গাঁৱত পাচনৈ নদীৰ গতিপথ সলনি কৰাৰ পদক্ষেপৰ বাবে গাঁওখনৰ সকলো লোকে সাংসদ গৰাকীক সহায়-সহযোগিতা আগবঢ়াই ৷

আনহাতে, উক্ত অঞ্চলৰ পৰাই বিপিএফক দলক কটাক্ষ কৰে সাংসদ গৰাকীয়ে ৷ বিজেপি,বিপিএফ আৰু ইউপিপিএল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলিও মন্তব্য কৰে সাংসদ গৰাকীয়ে । আনকি, বিপিএফৰ অঙহী বঙহীক নিৰ্বাচনৰ টিকট প্ৰদান কৰা বুলিও সাংসদ গৰাকীয়ে উল্লেখ কৰে ৷

JCB চালকৰ ৰূপত সাংসদ নৱ কুমাৰ শৰণীয়া

উল্লেখ্য যে, পাচনৈ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে বিগত বৰ্ষত পদক্ষেপ গ্ৰহণ কৰিছিল জলসম্পদ বিভাগে । কিন্তু জলসম্পদ বিভাগৰ আঁচনিৰ পদক্ষেপ ৰূপায়ণ হ'ল যদিও গৰাখহনীয়া অব্যাহত আছে উক্ত অঞ্চলত ।

লগতে পঢ়ক : অচিন পোকৰ উপদ্ৰৱত লখিমপুৰত কৃষকৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.