ETV Bharat / state

মংগলদৈত উষ্ম আদৰণি কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাক

author img

By

Published : Mar 23, 2019, 8:44 PM IST

দলীয় সমৰ্থকৰ উষ্ম আদৰণিৰ মাজতে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৰৱ হৈ পৰে কলিতা

ভুৱনেশ্বৰ কলিতা

ওদালগুৰি, ২৩ মাৰ্চঃ মংগলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাক উষ্ম আদৰণি দলীয় সমৰ্থকৰ ৷ সমষ্টিত উপস্থিত হৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৰৱ হৈ পৰে কংগ্ৰেছী প্ৰাৰ্থীগৰাকী ৷

১৫ টা বছৰে বিজেপিৰ দখল থকা মঙ্গলদৈ লোকসভা সমষ্টি দখল কৰিবলৈ তৎপৰ হৈ পৰিছে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা ৷ শনিবাৰে জিলাখনৰ ওদালগুৰি, মাজবাট, পানেৰী আৰু কলাইগাঁও বিধান সভা সমষ্টিৰ দলীয় কৰ্মীৰে মিলিত হয় কলিতাই ৷

ভুৱনেশ্বৰ কলিতা

জিলাখনত উপস্থিত হৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৰৱ হৈ পৰে কলিতা । কংগ্ৰেছ প্ৰাৰ্থী জনে বিধেয়কখনৰ বিৰুদ্ধে মাত মাতি যাব উল্লেখ কৰাৰ লগতে বিজেপি দলে বিধেয়কখন আনিলে ইয়াক প্ৰতিহত কৰিব বুলি মন্তব্য কৰে । তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিৰোধী গণতান্ত্ৰিক শক্তি একত্ৰিত হোৱা বুলি কোৱাৰ লগতে আগন্তুক লোক সভা নিৰ্বাচনত ইয়াৰ বহি প্ৰকাশ হ'ব বুলিও মন্তব্য কৰে ৷ ভুৱনেশ্বৰ কলিতাৰ সৈতে ওদালগুৰি ভ্ৰমণত নেতাগৰাকীক সংগ দিয়ে কংগ্ৰেছী নেতা দুৰ্গা দাস বড়ো, ওদালগুৰি জিলা কংগ্ৰেছৰ সভাপতি বৃষ্টি কুমাৰ বসুমতাৰী, সম্পাদক নিৰ্মল পাঠকৰ লগতে বহু কেইজন নেতাই ৷

Intro:ওদালগুৰিৰ ভিন্ন প্ৰান্তত দলীয় সমৰ্থকৰ উষ্ম আদৰণি মঙ্গলদৈ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাক। জিলা খনত উপস্থিত হয় নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ হৈ পৰিল ভুৱনেশ্বৰ কলিতা।নাগৰিকত্ব আইন সংশোধনী বিধেয়কক গৃহীত কৰিব বিচাৰিলে ইয়াক প্ৰতিহত কৰাৰ হুংকাৰ কংগ্ৰেছ প্ৰাৰ্থী জনৰ

Body:১৫ টা বছৰে বিজেপিৰ দখলৰ থকা মঙ্গলদৈ লোক সভা সমষ্টি পুনৰ দখলৰ বাবে তৎপৰ হৈ পৰিছে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা। দলীয় প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছতে আজি ওদালগুৰি জিলাত উপস্থিত হৈ ওদালগুৰি, মাজবাট, পানেৰী আৰু কলাইগাঁও বিধান সভা সমষ্টিৰ দলীয় কৰ্মীৰে মিলিত হয় ভুৱনেশ্বৰ কলিতা। কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীক ওদালগুৰিৰ বিভিন্ন প্ৰান্তত দলীয় সমৰ্থকে উষ্ম আদৰণি জনাই। আনহাতে জিলা খনত উপস্থিত হৈয়ে নাগৰিকত্ব আইন সংশোধনী বিধেয়কক লৈ সৰৱ হৈ পৰে কলিতা। কংগ্ৰেছ প্ৰাৰ্থী জনে বিধেয়ক খনৰ বিৰুদ্ধে মাত মাতি যাব বুলি কোৱাৰ লগত বিজেপি দলে বিধেয়ক খন আনিলে ইয়াক প্ৰতিহত কৰিব বুলিও মন্তব্য কৰে । আনহাতে কলিতাই নাগৰিকত্ব আইন সংশোধন বিৰোধী গণতান্ত্ৰিক শক্তি একত্ৰিত হোৱা বুলি কোৱাৰ লগতে আগন্তুক লোক সভা নিৰ্বাচনত ইয়াৰ বহি প্ৰকাশ হব বুলিও মন্তব্য কৰে। ভুৱনেশ্বৰ কলিতাৰ আজিৰ ওদালগুৰি ভ্ৰমণত কংগ্ৰেছ নেতা দুৰ্গা দাস বড়ো, ওদালগুৰি জিলা কংগ্ৰেছৰ সভাপতি বৃষ্টি কুমাৰ বাসুমতাৰী, সম্পাদক নিৰ্মল পাঠকৰ লগতে বহু কেইজন কংগ্ৰেছ নেতাই সংগ দিয়ে।

BYTE- B.KALITA

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.