ওদালগুৰি, 5 মে: ওদালগুৰি জিলাত অব্যাহত আছে হাতী মানুহৰ সংঘাত । সোমবাৰে নিশা জিলাখনৰ ডিমাকুছী থানাৰ অন্তৰ্গত ১ নং শগুনবাৰী গাৱঁত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলায় ৷ লগতে গাঁওখনৰ টাউকে দৰ্জী (40) নামৰ এজন ব্যক্তিক আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। হাতীৰ আক্ৰমণত লোকজনৰ ভৰি এখন ভাঙি যোৱাৰ লগতে শৰীৰৰ বিভিন্ন ঠাইত আঘাত পায়।
পৰৱৰ্তী সময়ত লোকজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি উন্নত চিকিৎসাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । পুনৰ সোমবাৰে পুৱতি নিশা প্ৰায় ২ বজাত পানেৰি থানাৰ অন্তৰ্গত ওৰাঙ্গাজুলি চাহ বাগিছাত বনৰীয়া হাতীয়ে আক্ৰমণ চলায় । হাতীৰ আক্ৰমণত বাগিছাখনৰ কৰ্মচাৰী লহ তান্তীৰ বাসগৃহটো সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হোৱাৰ লগতে ঘৰত মজুত ৰখা খাদ্য সামগ্ৰী, কাপোৰ, বাচন বৰ্তন তথা সা-সামগ্ৰী সম্পূৰ্ণ নষ্ট হয়।
লক্ ডাউনৰ সময়তে হাতীৰ আক্ৰমণত খাদ্য সামগ্ৰীৰ লগতে সা-সামগ্ৰীসমূহ বিনষ্ট হোৱাত বিপাঙত পৰিছে পৰিয়ালটো। অৱশ্যে পৰিয়ালটোৰ দুৰ্দশাৰ বিষয়ে জানিবলৈ পাৰি গ্ৰীন ভেলী নামৰ বেচৰকাৰী সংস্থাটোৱে পৰিয়ালটোক তিনি দিনৰ ৰেচন যোগান ধৰে।