ETV Bharat / state

এম চি এল এ মনোনীত কৰাক লৈ কেওট জাতীয় পৰিষদৰ ক্ষোভ

বিটিচি প্ৰশাসনে প্ৰদীপ কুমাৰ বায়নক কলিতা সম্প্ৰদায়ৰ পৰা মনোনীত প্ৰাৰ্থী বুলি ঘোষণা কৰাক লৈ ক্ষোভিত কেওট জাতীয় পৰিষদ । কেওট জনগোষ্ঠীক কৰা অপমান কৰাৰ অভিযোগ । আগন্তুক ৭ দিনৰ ভিতৰত কেওট জনগোষ্ঠীৰ লোকক বিটিচি পৰিষদৰ এম চি এল এ হিচাপে মনোনীত কৰাৰ দাবী কেওট জাতীয় পৰিষদৰ ।

এম চি এল এ মনোনীত কৰাক লৈ বিতৰ্ক, কেওট জাতীয় পৰিষদৰ ক্ষোভ

author img

By

Published : Dec 18, 2020, 9:23 PM IST

ওদালগুৰি, ১৮ ডিচেম্বৰ : এতিয়াও বিতৰ্কৰ ওৰ পৰা নাই বড়োভূমিত । এইবাৰ বিটিচি প্ৰশাসনে ঘোষণা কৰা এম চি এল এৰ জনগোষ্ঠীয় পৰিচয়ক লৈ নতুন বিতৰ্ক আৰম্ভ হৈছে । কেওট সম্প্ৰদায়ৰ নামত মনোনীত হোৱা এম চি এল এ প্ৰদীপ কুমাৰ বায়নৰ জনগোষ্ঠীয় পৰিচয়ক লৈ বিবাদ অব্যাহত থকাৰ মাজতে পুনৰ এখন পত্ৰযোগে তেওঁক কলিতা সম্প্ৰদায়ৰ পৰা মনোনীত প্ৰাৰ্থী বুলি উল্লেখ কৰে বিটিচি প্ৰশাসনে । ইয়াৰ পিছতে জাঙুৰ খাই উঠে কেওট জাতীয় পৰিষদৰ ওদালগুৰি জিলা সমিতি ।

সংগঠনটোৱে শুকুৰবাৰে ওদালগুৰিত এখন সংবাদমেল সম্বোধন কৰি বিটিচি প্ৰশাসনৰ কাৰ্যই কেওট জনগোষ্ঠীক অপমান কৰাৰ অভিযোগ উত্থাপন কৰে । আনহাতে, প্ৰদীপ কুমাৰ বায়নে নিজকে কেওট হিচাপে পৰিচয় দিয়াকলৈও সন্দেহ প্ৰকাশ কৰে সংগঠনটোৱে । ইপিনে, বায়নে নিজকে কেওট বুলি পৰিচয় দিছিল । তেখেতৰ পৰিচয় স্পষ্ট হোৱাৰ পিছতো পুনৰ এক পত্ৰযোগে একেজন মানুহকে কলিতা জনগোষ্ঠীৰ বুলি উল্লেখ কৰা সন্দৰ্ভতো সংগঠনটোৱে সন্দেহ প্ৰকাশ কৰে ।

লগতে বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ ভূমিকাতো অসন্তুষ্টি প্ৰকাশ কৰে । আগন্তুক ৭ দিনৰ ভিতৰত পুনৰ এজন কেওট প্ৰতিনিধিক এম চি এল এ হিচাপে মনোনীত কৰিবলৈও সময় বান্ধি দিয়ে কেওট জাতীয় পৰিষদে । আনহাতে, কলিতা জনগোষ্ঠীৰ অৰ্পণা মেধি সাধাৰণ শ্ৰেণীৰ কোটাত এম চি এল এ হিচাপে মনোনীত কৰা হৈছিল । কলিতা জনগোষ্ঠীৰ পৰা এজন এম চি এল এ মনোনীত কৰাৰ পিছত পুনৰ আন এজন এম চি এল এ মনোনীত কৰি বাকী জনগোষ্ঠীসমূহক বঞ্চিত কৰা সন্দৰ্ভতো ক্ষোভ প্ৰকাশ কৰে ওদালগুৰি জিলা কেওট জাতীয় পৰিষদৰ সভাপতি যাদৱ ডেকা আৰু কাৰ্যকৰী সভাপতি মুকুট দাসৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে ।

লগতে পঢ়ক:অসম-নগালেণ্ড সীমান্ত পৰিদর্শন অসম বিধান সভাৰ বিৰোধী দলপতি দেবব্রত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.