ETV Bharat / state

বৰ্ণিল কাৰ্যসূচীৰে টংলা চহৰত কলাগুৰু সংগীত মহোৎসৱ

author img

By

Published : Jan 31, 2020, 5:37 PM IST

টংলাত কলাগুৰুৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড0 সমুজ্জল ভট্টাচাৰ্যই ৷ মহোৎসৱৰ জৰিয়তে ৰাইজৰ মাজলৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী বাৰ্তা প্ৰেৰণ কৰিলে জুবিন গাৰ্গে ৷

kalaguru festival at tangla in udalguri
কলাগুৰু সংগীত মহোৎসৱত শিল্পী সমাজৰ লগত উপস্থিত হ’ল সমুজ্জল ভট্টাচাৰ্য

ওদালগুৰি , 31 জানুৱাৰীঃ শুকুৰবাৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে টংলা চহৰত আৰম্ভ হৈছে কলাগুৰু সংগীত মহোৎসৱ ৷ টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা এই মহোৎসৱকলৈ এতিয়া উখল মাখল হৈ পৰিছে টংলা চহৰ । বাঁহ আৰু খেৰেৰে আকৰ্ষণীয়কৈ সজাই তোলা হৈছে মহোৎসৱস্থলী । সাজি উলিওৱা হৈছে বাহৰ দলং, চাংঘৰৰ লগতে বিভিন্ন আকৰ্ষণীয় সামগ্ৰী ৷ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছে কলাগুৰুৰ বহু আপুৰুগীয়া ফটো । পোৰা গাহৰি, পোৰা মূৰ্গী আদি পৰম্পৰাগত খাদ্যৰ লগতে পৰিবেশন কৰা হৈছে পৰম্পৰাগত পানীয় ৷ বাঁহৰ কাপত অতিথি সকললৈ চাহ আগবঢোৱা হৈছে ৷ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে ভূটান, ঝাৰখণ্ড, অৰুণাচল, মণিপুৰৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলক ।

উল্লেখযোগ্য যে, এই মহোৎসৱত অসমৰ কলা-সংস্কৃতিক সজাই পৰাই তোলাৰ বিশেষ প্ৰচেষ্টা হাতত লৈছে জুবিন গাৰ্গে ৷ মহোৎসৱটিৰ জৰিয়তে ৰাজ্যৰ জনসাধাৰণলৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী বাৰ্তা পঠাবলৈ চেষ্টা কৰিছে শিল্পীজনে ৷ মহোৎসৱৰ প্ৰথমটো দিনৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেচনৰ সভাপতি তথা বিশিষ্ট চলচিত্ৰ পৰিচালক ৰাজেশ ভূঞাই ৷ মূল তোৰণ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ৰিনা বড়োৱে ৷ ইয়াৰ পিছতে অনুষ্ঠিত হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ৷ শোভাযাত্ৰাত জুবিন গাৰ্গ আৰু কেইবাজনো শিল্পীৰ লগতে অংশগ্ৰহণ কৰে আছুৰ মুখ্য উপদেষ্টা ড0 সমুজ্জল ভট্টাচাৰ্যই ৷ শোভাযাত্ৰাৰ পাছতে টংলা চমুৱাপাৰা হাইস্কুলত নিৰ্মাণ কৰা কলাগুৰুৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে আছুৰ উপদেষ্টা গৰাকীয়ে ৷ প্ৰতিমূৰ্তী উন্মোচন কৰি আছুৰ উপদেষ্টা সমূজ্জ্বল কুমাৰ ভট্টাচাৰ্যই লোক কৃষ্টিৰ বাবে কাম কৰা বাবে জুবিন গাৰ্গ আৰু কলাগুৰু আৰ্টিচ ফাউণ্ডেচনক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়কঃ সদনত দাখিল অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন

Intro:আজিৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে টংলা চহৰত আৰম্ভ হৈছে কলাগুৰু সংগীত মহোৎসৱ

মহোৎসৱতে কা বিৰোধী বিশেষ বাৰ্তাও দিয়াৰ প্ৰয়াস কৰিছে জুবিনে।

Body:আজিৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে টংলা চহৰত আৰম্ভ হৈছে কলাগুৰু সংগীত মহোৎসৱ। টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিত হোৱা এই মহোৎসৱকলৈ এতিয়া উখল মাখল হৈ পৰিছে টংলা। এইবাৰৰ মহোৎসৱত অসমৰ কলা- সংস্কৃতিক সজাই তুলাৰ বিশেষ প্ৰচেষ্ঠা কৰিছে জুবিন গাৰ্গে। বাহ আৰু খেৰেৰে আকৰ্ষণীয়কৈ সজাই তুলা হৈছে মহোৎসৱস্থলী। সাজি উলিওৱা হৈছে বাহৰ দলং , চাং ঘৰ আদি। মহোৎসৱত প্ৰদৰ্শন কৰা হৈছে কলাগুৰুৰ আপুৰুগীয়া ফটো। এইবাৰৰ কলাগুৰু সংগীত মহোৎসৱত অংশ লবলৈ আমন্ত্ৰণ কৰা হৈছে ভূটান, ঝাৰখণ্ড, অৰুণাচল, মণিপুৰৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক দলক।
গাহৰি পুৰা, মুৰ্গী পুৰা আদিৰ লগতে পৰম্পৰাগত পানীয়ৰ ব্যৱস্থাও আছে মহোৎসৱত।
অতিথি সকলক চাহ দিয়া হৈছে বাহৰ কাপত।
জুবিনেও বাহৰ কাপত চাহ খাই কিছু চাহ আগবঢ়াই দিছে পত্নী গৰিমাক। ইপিনে মহোৎসৱতে কা বিৰোধী বিশেষ বাৰ্তাও দিয়াৰ প্ৰয়াস কৰিছে জুবিনে। মহোৎসৱৰ মাজতো কা বিৰোধী আন্দোলন যে পাহৰি নাযায় তাকেই যেন বুজাব বিচাৰিছে জুবিন গাৰ্গে। আনহাতে কলাগুৰু সংগীত মহোৎসৱৰ প্ৰথমটো দিনৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে কলাগুৰু আৰ্টিৰ ফাউণ্ডেচনৰ সভাপতি তথা বিশিষ্ট চলচিত্ৰ পৰিচালক ৰাজেশ ভূঞাই, মূল তোৰণ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ৰিনা বড়োই। ইয়াৰ পিছতে অনুষ্ঠিত হৈ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাত অংশগ্ৰহণ কৰে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্য, জুবিন গাৰ্গ প্ৰমূখ্যে কেইবাজনো শিল্পীয়ে। ইয়াৰ পিছতে টংলা চমুৱাপাৰা হাই স্কুলত নিৰ্মাণ কৰা কলাগুৰুৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে আছুৰ উপদেষ্টা জনে। প্ৰতিমূৰ্তী উন্মোচন কৰি আছুৰ উপদেষ্টা সমূজ্জ্বল কুমাৰ ভট্টাচাৰ্যই লোক কৃষ্টিৰ বাবে কাম কৰা বাবে জুবিন আৰু কলাগুৰু আৰ্টিচ ফাউণ্ডেচনক ধন্যবাদ জ্ঞাপন কৰে।

Byte - Zubeen, Garima Saikia Garg,, Samujjal Kr BhattConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.