ETV Bharat / state

ওদালগুৰিত আলফা সন্দেহত এজনক আটকঃ অভিযোগ নাকচ পৰিয়ালৰ

মঙলবাৰে ভাৰতীয় সেনাৰ গোৰ্খা ৰেজিমেন্টে ওদালগুৰি জিলাৰ পৰা আটক কৰে ৰবিৰাম বড়ো নামৰ এগৰাকী লোকক ৷ সেনাৰ বিৰুদ্ধে ভুৱা আলফা সজাই সেনাই লোকজনক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিলে পৰিয়ালৰ লোকে ৷

ৰাজ্যত পুনৰ সেনাৰ নিৰ্যাতনৰ বলি সাধাৰণ জনতা
author img

By

Published : Jul 10, 2019, 5:08 PM IST

ওদালগুৰি, 10 জুলাইঃ ওদালগুৰিত আলফা (স্বাধীন) ৰ সদস্যৰ সন্দেহত এজন লোকক আটক কৰাৰ বিপৰীতে পৰিয়ালৰ লোকে এয়া ষড়যন্ত্ৰ বুলি অভিযোগ উত্থাপন কৰিছে ৷ ওদালগুৰিৰ গোপচাৰ চুবাত ভাৰতীয় সেনাৰ গোৰ্খা ৰেজিমেন্টে আটক কৰে ৰবিৰাম বড়ো নামৰ এগৰাকী লোকক ৷ সেনাৰ দলটোৱে মঙলবাৰে নিজ গৃহৰ পৰাই আটক কৰিছিল ৰবিৰাম বড়োক ৷ বড়োৰ বাসগৃহৰ ভঁৰালগৃহৰ পৰা সেনাই জব্দ কৰিছিল চীনত নিৰ্মিত এটা 2.2 পিষ্টলৰ লগতে মেগজিনসহ দুই জাঁই সজীৱ গুলী ৷

ৰাজ্যত পুনৰ সেনাৰ নিৰ্যাতনৰ বলি সাধাৰণ জনতা

ইপিনে সেনাৰ গোৰ্খা ৰেজিমেন্টৰ মেজৰ ৰাম বাহাদুৰ থাপাই বড়োৰ বিৰুদ্ধে এক পৰিকল্পিত ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে ৷ দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ৰবিৰাম বড়ো কোনোপধ্যেই আলফাৰ সদস্য নহয় বুলি কয় পৰিয়ালৰ লোকে ৷

Intro:ওদালগুৰিৰ গোপচাৰ চুবাত আলফা (স্বা) সন্দেহত এজনক আটক।
আটকাধীন যৱক জন ৰবি বড়ো।
সেনাই যুৱক জনৰ পৰা এটা চীনত নিৰ্মিত ২.২ পিষ্টল, এটা মেগজিন দুটা সজীৱ গুলি উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে যুৱক জনক বিনা দোষত কৰায়ক্ত কৰা বুলি দাবী পৰিয়ালৰ। Body:ওদালগুৰি জিলাৰ টংলাৰ গোপচাৰ চুবাত মঙলবাৰে ভাৰতীয়া সেনাই অভিযান চলাই

আলফা (স্বাধীন)ৰ সন্দেহত এজন যুৱকক আটক কৰে। আটকাধীন যুৱক জন হ'ল ৰবি বড়ো। সেনাই যুৱক জনৰ পৰা এটা চীনত নিৰ্মিত ২.২ পিষ্টল, এটা মেগজিন দুটা সজীৱ গুলি উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰে দিনৰ ৩ মান বজাত ভাৰতীয় সেনাৰ গোৰ্খা ৰেজিমেন্টে মেজৰ ৰাম বাহাদুৰ থাপাৰ নেতৃত্বত ৰবি বড়োৰ ঘৰত অভিযান চলাই ভঁড়ালৰ পৰা পিষ্টল ,মেগজিন আৰু গুলি জব্দ কৰাৰ লগতে ৰবি বড়োক আটক কৰিব সক্ষম হয়। পিছত সেনাই ৰবি বড়োক টংলা আৰক্ষীক গতাই দিয়ে। অৱশ্যে আটকাধীন যুৱক জনে সেনাৰ অভিযোগ অস্বীকাৰ কৰে। পৰিয়ালৰ লোকেও যুৱক জন আলফা সদস্য নহয় বুলি কোৱাৰ লগতে যুৱক জনে হাজিৰা কৰি , খেতি কৰি খাই থকা বুলি দাবী কৰে। যুৱক জনক বিনা দোষত ধৰিছে বুলিও পৰিয়ালৰ লোকে অভিযোগ কৰে।
Byte- আত্মীয়
Byte-ৰবি বড়োConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.