ETV Bharat / state

ওদালগুৰিত অনুষ্ঠিত বাটৰ হোলী প্ৰতিযোগিতা

দৌল উৎসৱকলৈ উখল-মাখল সমগ্ৰ ওদালগুৰি । হোলীগীতেৰে মুখৰিত চহৰখনৰ আকাশ-বতাহ । দৌল উৎসৱৰ কাৰ্যসূচী অনুসৰি মঙলবাৰৰ সন্ধিয়া অনুষ্ঠিত হয় আকৰ্ষণীয় বাটৰ হোলী প্ৰতিযোগিতা । প্ৰতিযোগিতাখনত জিলাখনৰ ভিন্ন প্ৰান্তৰ কুৰিটা দলে অংশগ্ৰহণ কৰি হোলী গীত পৰিৱেশন কৰি চহৰখন পৰিভ্ৰমণ কৰে ৷

Holi celebrated at udalguri assam etv bharat news
ফাকুৱা উদযাপন
author img

By

Published : Mar 10, 2020, 11:26 PM IST

ওদালগুৰি,10 মাৰ্চঃ সত্ৰীয়া পৰম্পৰা অনুসৰি ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰত দেওবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হয় শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ৷ মঙলবাৰে তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি অনুষ্ঠিত হয় আকৰ্ষণীয় বাটৰ হোলী প্ৰতিযোগিতা । উক্ত প্ৰতিযোগিতাত জিলাখনৰ ভিন্ন প্ৰান্তৰ কুৰিটা দলে অংশগ্ৰহণ কৰে ৷ স্থানীয় বিষ্ণু ৰাভা কৃষ্টিসংঘৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰত সামৰণি পৰে । দৌল মহোৎসৱৰ অন্তিম দিনা অৰ্থাৎ বুধবাৰে অনুষ্ঠিত হ’ব সুঁৱেৰী উৎসৱ ৷

Holi celebrated at udalguri assam etv bharat news
ফাকুৱা উদযাপন

বুধবাৰৰ দিনটোত স্থানীয় ৰাইজে ৰাজহুৱাকৈ ফাকুৱা খেলাৰ লগতে শ্রীমন্ত শংকৰদেৱৰ সত্ৰৰ পৰা আৰম্ভ হ’বলগীয়া ঘুনুচা যাত্ৰাত অংশ ল’ব । ইয়াৰ পিছত অনুষ্ঠিত হ’ব আকৰ্ষণীয় বাঁহ ভঙা প্ৰদৰ্শন আৰু কৃষ্ণ গোঁসাইৰ গৃহত প্ৰৱেশ । দৌল উৎসৱৰ অন্তিমটো দিনত হাজাৰ হাজাৰ লোকৰ ভিৰ কামনা কৰিছে দৌল উৎসৱ উদযাপন সমিতিয়ে ৷

বাটৰ হোলী প্ৰতিযোগিতা

লগতে চাওকঃনতুন দলং নিৰ্মাণৰ বাবে অস্থায়ীৰূপে বন্ধ বালিপাৰা টাৱাং সংযোগী পথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.