ETV Bharat / state

হীৰা শৰণীয়া সংবাদ মাধ্যমৰহে 'HERO' : হাগ্ৰামা মহিলাৰী

author img

By

Published : Sep 11, 2019, 8:41 PM IST

Updated : Sep 11, 2019, 8:46 PM IST

সাংসদ হীৰা শৰণীয়াক সংবাদ মাধ্যমৰ হিৰʼ আখ্যা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ । ওদালগুৰিৰ ৰৌতাত বিভিন্ন দল সংগঠনৰ সৈতে হোৱা আলোচনাৰ অন্তত এনেদৰে মন্তব্য কৰে বিটিচি প্ৰধান গৰাকীয়ে। লগতে ধীৰেন বড়োৱে পৃথক বড়োলেণ্ডৰ দাবী প্ৰত্যাহাৰ কৰা বুলি জনালে হাগ্ৰামাই ।

হীৰা শৰণীয়া সংবাদ মাধ্যমৰহে 'HERO' : হাগ্ৰামা মহিলাৰী

ওদালগুৰি, 11 চেপ্তেম্বৰঃ বুধবাৰে ওদালগুৰিৰ ৰৌতাত কেবাগৰাকীও বিটিচিৰ কাৰ্যবাহী সদস্যক লগত লৈ কেবাটাও জাতীয় সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয় হাগ্ৰামা মহিলাৰী । মহিলাৰীয়ে আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ আগত NDFB (প্ৰ)ৰ সভাপতি ধীৰেন বড়োৱে সুকীয়া বড়ো ৰাজ্যৰ দাবী প্ৰত্যাহাৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ব বুলি মন্তব্য কৰে ৷ তৰোপৰি সাংসদ হীৰা শৰণীয়া সন্দৰ্ভত হাগ্ৰামাই কয়, হীৰা শৰণীয়া সংবাদ মাধ্যমৰহে হিৰ' ৷

হীৰা শৰণীয়া সংবাদ মাধ্যমৰহে 'HERO' : হাগ্ৰামা মহিলাৰী

উল্লেখ্য যে, ২০২০ চনত অনুষ্ঠিত হ'ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন । নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় বিপিএফ দল একপ্ৰকাৰ শংকিত হৈ পৰিছে । ইতিমধ্যে অনা বড়ো লোকক সংগঠিত কৰি সাংসদ নৱ শৰণীয়াই বিটিচিৰ বিভিন্ন প্ৰান্তত সভা সমিতি অনুষ্ঠিত কৰিছে ।

Intro:হীৰা শৰনীয়াক সংবাদ মাধ্যমৰ হিৰʼ আখ্যা হাগ্ৰামাৰ। ওদালগুৰিৰ ৰৌতাত বিভিন্ন দল সংগঠনৰ সৈতে আলোচনা বিটিচি প্ৰধানৰ। ধীৰেন বড়োই পৃথক বড়োলেণ্ডৰ দাবী প্ৰত্যাহাৰ কৰা বুলি জনালে হাগ্ৰামাই ।Body:

২০২০ চনত অনুষ্ঠিত হ'ব বিটিচিৰ পৰিষদীয় নিৰ্বাচন। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় বিপিএফ দল একপ্ৰকাৰ শংকিত হৈ পৰিছে। ইতিমধ্যে অনাবড়ো লোকক সংগঠিত কৰি সাংসদ নৱ শৰনীয়াই বিটিচিৰ বিভিন্ন প্ৰান্তত সভা সমিতি অনুষ্ঠিত কৰিছে ।নৱ শৰনীয়াই বিটিচি দখল কৰাৰো হুংকাৰ দিছে । তাৰ পিছতেই যেন হাগ্ৰামা মহিলাৰী চিন্তিত হৈ পৰিছে।আজি ওদালগুৰি জিলাৰ ৰৌতাৰ ৰাইনো ধাবাত কেবাগৰাকীও বিটিচিৰ কাৰ্য্যবাহী সদস্যক লগত লৈ কেবাটাও জাতীয় সংগঠনৰ প্ৰতিনিধিৰ সৈত আলোচনাত মিলিত হয় হাগ্ৰামা মহিলাৰী। মহিলাৰীয়ে আলোচনাৰ অন্তত সাংবাদিক আগত হীৰা শৰনীয়াক সাংবাদিকৰ হি'ৰ আখ্যা দিয়ে। আনহাতে NDFB (প্ৰ) ৰ সভাপতি ধীৰেন বড়োই সুকীয়া বড়ো ৰাজ্যৰ দাবী প্ৰত্যাহাৰ কৰি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনাত মিলিত হ'ব বুলি সংবাদ মাধ্যমক জনাই হাগ্ৰামা মহিলাৰীয়ে। গোবিন্দ বসুমতাৰীক একাষৰীয়া কৰি NDFB প্ৰগতিশীলৰ শক্তি দুৰ্বল কৰাত হাগ্ৰামা মহিলাৰী সফল হোৱাৰ পথত সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে। এফালে নৱ শৰনীয়াৰ উত্থান আনফালে পৃথক বড়োলেণ্ডৰ ইচ্যুৱে বিটিচি পৰিষদীৰ নিৰ্বাচনত কি প্ৰভাৱ পেলায় সেয়া হ'ব লক্ষ্যনীয়। Conclusion:
Last Updated : Sep 11, 2019, 8:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.