ওদালগুৰি, 26 মে’: গোৰ্খা উন্নয়ন পৰিষদৰ উদ্যোগত ৬ মে'ৰ পৰা ২৬ মে' লৈ অনুষ্ঠিত হোৱা ফুটবল প্ৰশিক্ষণ শিবিৰৰ সফল সামৰণি । প্ৰশিক্ষণ শিবিৰটোৰ লগত সংগতি ৰাখি খাওৰাং হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় এক ফুটবল প্ৰতিযোগিতা ।
১৭ বছৰ অনুৰ্ধ্ব ফুটবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত ৩ নং ‘‘আমজুলি এফ চি’’ক হৰুৱাই বিজয়ী খিতাপ দখল কৰে ‘‘ দোভান এফ চি’’য়ে ৷ মেচখন নিৰ্ধাৰিত সময়লৈ ২-২ গ’লত অন্ত পৰাত টাই ব্ৰেকাৰত 7-6 গ’লত ৩ নং জয়ী হয় দোভান এফ চি ৷
উল্লেখ্য যে, খেলখনত শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে মোহিত ছেত্ৰী আৰু ধন বাহাদুৰ ছেত্ৰীয়ে । চূড়ান্ত খেলখনত গোর্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ লোকনাথ উপাধ্যায়, বিটিচিৰ আধ্যক্ষ ত্ৰিদীপ দৈমাৰী, ওদালগুৰি পৌৰসভাৰ পৌৰপতি ৰিপেন দৈমাৰীৰ লগতে বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকে ৷