ETV Bharat / state

Fresh Mushahary Slams BTC govt: প্ৰমোদ বড়ো চৰকাৰক ক্ষুৰধাৰ সমালোচনা ফ্ৰেছ মুছাহাৰীৰ - Fresh Mushahary visit at Routa

বিটিচি চৰকাৰক (BTC Govt) ক্ষুৰধাৰ সমালোচনা বিপিএফৰ পাৰিষদ(MCLA) ফ্ৰেছ মুছাহাৰীৰ (Fresh Mushahary Slams BTC govt)- "প্ৰমোদ বড়ো চৰকাৰে নামমাত্ৰহে আঁচনি ঘোষণা কৰে ৷ কিন্তু বাস্তৱিকতে আজিলৈকে এটাও কাম দেখিবলৈ পোৱা নাই ৷"

Fresh Mushahary Slams BTC govt at Routa
Fresh Mushahary Slams BTC govt: প্ৰমোদ বড়ো চৰকাৰক ক্ষুৰধাৰ সমালোচনা ফ্ৰেছ মুছাহাৰীৰ
author img

By

Published : Dec 6, 2022, 4:18 PM IST

ৰৌতা, ৬ ডিচেম্বৰ: "বিটিচিত চৰকাৰ আছেনে নাই কোনেও কব নোৱাৰে ! প্ৰমোদ বড়োৰ চৰকাৰে ৰাইজৰ সমস্যাসমূহ শুনিবলৈ চেষ্টা নকৰে ৷ ৰাইজৰ লগত থাকি তেখেতসকলে কাম কৰিবলৈ চেষ্টা নকৰে ৷ বিভিন্ন ধৰণৰ প্ৰকল্পৰ কথা কৈ ডাঙৰ ডাঙৰ ভাষণ দিয়ে ৷ কিন্তু ৰাইজৰ কি সমস্যা হৈ আছে সেইটো বুজিবলৈ চেষ্টা নকৰে ৷

Fresh Mushahary Slams BTC govt: প্ৰমোদ বড়ো চৰকাৰক ক্ষুৰধাৰ সমালোচনা ফ্ৰেছ মুছাহাৰীৰ

প্ৰমোদ বড়ো চৰকাৰে নামমাত্ৰহে আঁচনি ঘোষণা কৰে ৷ বাস্তৱিকতে আজিলৈকে এটাও কাম দেখিবলৈ পোৱা নাই ৷ তেখেতসকলে 2022-23 ৰ বাজেটত আৱণ্টন হোৱা ধনৰ এটকাও আজিলৈ খৰচ কৰি পোৱা নাই ৷ য’ত সমস্যা নাই তেখেতসকলে তাত কাম কৰিবলৈ বিচাৰি থাকে ৷" বিটিচি চৰকাৰক (BTC Govt) ক্ষুৰধাৰ সমালোচনা বিপিএফৰ পাৰিষদ(MCLA) ফ্ৰেছ মুছাহাৰীৰ (Fresh Mushahary Slams BTC govt)৷

২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেটৰ অধিকাংশ ধন এতিয়ালৈ খৰচ কৰিব পৰা নাই বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰে মুছাহাৰীয়ে (Fresh Mushahary Slams BTC govt at Routa) ৷ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰৰ বিৰুদ্ধে এইদৰে সমালোচনাত মুখৰ হৈ পৰে ধনশ্ৰী পৰিষদীয় সমষ্টিৰ বিপিএফ পাৰিষদ(MCLA) ফ্ৰেছ মুছাহাৰী (MCLA Fresh Mushahary)৷

চলিত বৰ্ষৰ শেহতীয়াকৈ হৈ যোৱা বানপানীয়ে ৰৌতাৰ ডিপভিচৰা গাঁৱৰ এটি ব্যস্ত ৰাস্তা ছিগি লৈ যোৱাৰ ফলত স্থানীয় ৰাইজ যাতায়তৰ ক্ষেত্ৰত ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছিল ৷ এই বিষয়ে স্থানীয় ৰাইজ,দল-সংগঠনে বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ জনোৱাৰ পিছতো আজিকোপতি ৰাস্তাটো মেৰামতি কৰি নিদিয়াৰ অভিযোগ উঠিছে ৷ আনকি এই সন্দৰ্ভত পাৰিষদ ফ্ৰেছ মুছাহাৰীয়েও বিভাগক জনাইছিল যদিও বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ।

উপায়ন্তৰ হৈ স্থানীয় ৰাইজে MCLA ফ্ৰেছ মুছাহাৰীৰ সহযোগত ৰাস্তাটো মেৰামতি কৰা পৰিলক্ষিত হয় ৷ সোমবাৰে নিশা ফ্ৰেছ মুছাহাৰী (Fresh Mushahary visit at Routa)উক্ত স্থানত উপস্থিত হৈ পৰ্যবেক্ষণ কৰি উন্নয়নত পিঠি দিয়া বিটিচি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে মুছাহাৰী ৷

লগতে পঢ়ক: Guwahati Crime : ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মাষ্টাৰ মাইণ্ড আমিৰ আলীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.