ETV Bharat / state

ৰাজ্যত নতুনকৈ এনআৰচি প্ৰস্তুতৰ দাবী আক্ৰাছুৰ - ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন বিসংগতিপূৰ্ণ

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ এদিন পিচতে ৰাজ্যত নতুনকৈ এনআৰচি প্ৰস্তুতৰ দাবী উত্থাপন কৰিছে সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সংন্থাই ৷ এখন বিসংগতিপূৰ্ণ এনআৰচি প্ৰস্তুত কৰি ৰাজ্যৰ খিলঞ্জীয়া ৰাইজক বিদেশী সজোৱাৰ ষড়যন্ত্ৰ কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে ৷

ৰাজ্যত নতুনকৈ এনআৰচি প্ৰস্তুতৰ দাবী আক্ৰাছুৰ
author img

By

Published : Sep 1, 2019, 8:21 PM IST

Updated : Sep 1, 2019, 8:34 PM IST

ওদালগুৰি, 1 ছেপ্তেম্বৰঃ বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত খিলঞ্জীয়া ৰাইজক বিদেশী সজোৱাৰ গভীৰ ষড়যন্ত্ৰ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থাই ৷ ওদালগুৰিৰ ৰৌতাত থকা সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰি এই কথা প্ৰকাশ কৰিছে ছাত্ৰ সংগঠনটোৱে ৷ শনিবাৰে প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন বিসংগতিপূৰ্ণ বুলি উল্লেখ কৰাৰ লগতে নতুনকৈ এনআৰচিখন প্ৰস্তুত কৰিব লাগে বুলি উল্লেখ কৰে সংগঠনটোৱে ৷

ৰাজ্যত নতুনকৈ এনআৰচি প্ৰস্তুতৰ দাবী আক্ৰাছুৰ

উল্লেখ্য যে, 31 আগষ্টত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত ওদালগুৰি জিলাৰ কেইবা সহস্ৰাধিক কোঁচ-ৰাজবংশী লোকৰ নাম বাদ পৰে ৷ ইয়াৰ পিচতেই ৰৌতাস্থিত সদৌ অসম কোঁচ-ৰাজবংশী ছাত্ৰ সংস্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ত অতুল বৰ্মনৰ নেতৃত্বত বহু শতাধিক লোক উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰিও সংবাদমেল অনুষ্ঠিত কৰে ৷ এনআৰচিত বাদ পৰা লোকসকলৰ নাম অন্তৰ্ভুক্তিৰ বাবে 120 দিন সময় দিয়াতকৈ এনআৰচি কৰ্মীসকলক গাঁৱে-গাঁৱে গৈ খিলঞ্জীয়াসকলৰ নাম অন্তৰ্ভুক্তি কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে ৷ সংগঠনটোৰ উপদেষ্টা সমীৰন সিংহই এনআৰচিত কোঁচ ৰাজবংশী সকলৰ উপযুক্ত নথি প্ৰদান কৰাৰ পিচটো নাম নহাৰ তথ্য দাঙি ধৰি এই বিসংগতিৰ বাবে প্ৰতীক হাজেলাক জগৰীয়া কৰে ৷ আনহাতে সদৌ অসম কোঁচ ৰাজবংশী মহিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী মনিকা ৰায় আৰু সম্পাদিকা দিপালী ৰাজবংশীয়ে শুদ্ধকৈ এনআৰচি প্ৰকাশ নহলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে ৷

Intro:# ওদালগুৰিত এন আৰ চিৰ পৰা বাদ পৰিল কোচ ৰাজবংশী জনগোষ্ঠীৰ কেইবা সহস্ৰাধিক লোকৰ নাম।

# এন আৰ চিৰ নিজৰ লগতে পৰিয়ালৰ নাম নাপাই আতংকিত হৈ পৰিছে লোক সকল।

#ৰৌতাস্থিত আক্ৰাছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত উপস্থিত হৈ প্ৰকাশিত এন আৰ চি বাতিলৰ দাবীত কেইবাশ লোকৰ প্ৰতিবাদ।

#ৰাজ্যত নতুনকৈ এন আৰ চি প্ৰস্তুতৰ দাবী আক্ৰাছুৰ অতুল বৰ্মন গোটৰ।

Body:বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ হোৱাৰ পিছতেই প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৰাজ্য খনত। এন আৰ চিৰ পৰা বিদেশী বাদ পৰাৰ পৰিৱৰ্তে খিলঞ্জীয়া লোকৰ নামহে বাদ পৰাৰ অভিযোগ উত্থাপন হৈছে বিভিন্ন মহলৰ। এন আৰ চিত নাম বাদ পৰাত আজি ওদালগুৰিস্থিত আক্ৰাছুৰ অতুল বৰ্মন গোটৰ কেন্দ্ৰীয় কাৰ্যালয়ত কেইবা শতাধিক কোচ ৰাজবংশী লোক উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এন আৰ চি বাতিলৰ দাবী দাবী উত্থাপন কৰে। এই সন্দৰ্ভত এখন সংবাদ মেলৰ আহ্বান কৰি আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি অতুল বৰ্মনে এই এন আৰ চি কোনো পধ্যে মানি নোলোৱাৰ হুংকাৰ দিয়াৰ লগতে নতুনকৈ এন আৰ চি প্ৰস্তুতৰ বাবে দাবী জনাই।তেও লগতে এন আৰ চিৰ পৰা বাদ পৰা লোকক ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধীকৰণত ওচৰত নোযোৱাৰ হুংকাৰ দিয়ে।তাৰ পৰিৱৰ্তে গাৱে গাৱে শিবিৰ পাতি এন আৰ চিৰ বিভাগীয় বিষয়াক খিলঞ্জীয়া সকলৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ দাবী জনাই। সংগঠনটোৰ উপদেষ্টা সমীৰন সিংহই এন আৰ চিত কোচ ৰাজবংশী সকলৰ উপযুক্ত নথি থকাৰ পিছতো নাম নহাৰ তথ্য ডাঙি ধৰি এই বিসংগতিৰ বাবে প্ৰতীক হাজেলাক জগৰীয়া কৰে
আনহাতে সদৌ অসম কোচ ৰাজবংশী মহিলা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী মনিকা ৰায় আৰু সম্পাদীকা দিপালী ৰাজবংশীয়ে শুদ্ধকৈ এন আৰ চি প্ৰকাশ নহলে তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়েConclusion:
Last Updated : Sep 1, 2019, 8:34 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.