ETV Bharat / state

ওদালগুৰিৰ কণ্টেইনমেণ্ট জ’ন পৰিদৰ্শন সাংসদ দিলীপ শইকীয়াৰ

ওদালগুৰিৰ কণ্টেইনমেণ্ট জ’ন পৰিদৰ্শন সাংসদ দিলীপ শইকীয়াৰ ৷ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই সোমবাৰে ওদালগুৰিৰ চন্দনা চাহ বাগিচাত থকা কণ্টেইনমেণ্ট জ’নৰ কেবাটাও পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী, মাস্ক, ছেনিটাইজাৰ আদি বিতৰণ কৰে ।

author img

By

Published : Jun 1, 2021, 1:52 PM IST

ওদালগুৰিৰ কণ্টেইনমেণ্ট জ’ন পৰিদৰ্শন সাংসদ দিলীপ শইকীয়াৰ
ওদালগুৰিৰ কণ্টেইনমেণ্ট জ’ন পৰিদৰ্শন সাংসদ দিলীপ শইকীয়াৰ

ৰৌতা,1 জুন: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ওদালগুৰিৰ চন্দনা চাহ বাগিচাত ক্ৰমাৎ বৃদ্ধি হৈছে ক’ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ যাৰ বাবে জিলা প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা ৷ চাহ বাগিচাখনৰ বহু কেইটা স্থানক প্ৰশাসনে ঘোষণা কৰিছে কণ্টেইনমেণ্ট জ’ন হিচাপে ৷

কণ্টেইনমেণ্ট জ’ন পৰিদৰ্শন সাংসদ দিলীপ শইকীয়া
চন্দনা চাহ বাগিচাৰ কণ্টেইনমেণ্ট জ’ন পৰিদৰ্শন সাংসদ দিলীপ শইকীয়াৰ

মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই সোমবাৰে ওদালগুৰিৰ চন্দনা চাহ বাগিচাত থকা কণ্টেইনমেণ্ট জ’নৰ কেবাটাও পৰিয়ালক খাদ্য সামগ্ৰী, মাস্ক, ছেনিটাইজাৰ আদি বিতৰণ কৰে । সাংসদ গৰাকীয়ে কণ্টেইনমেণ্ট জ’নত বাস কৰা পৰিয়াল কেইটাক খাদ্য সামগ্ৰীৰ অন্যান্য প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰি লোকসকলক চৰকাৰে বান্ধি দিয়া ক’ভিড নীতি-নিৰ্দেশনা সমূহ মানি চলিবলৈ আহ্বান জনায় । সমান্তৰালকৈ উক্ত পৰিয়াল কেইটাক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে ।

আনহাতে, উক্ত বাগিচাৰ শ্ৰমিকসকলক প্ৰতিষেধক প্ৰদানৰ সুবিধাৰ্থে বাগিচাখনত অতি শীঘ্ৰে এটি প্ৰতিষেধক প্ৰদান শিবিৰ আয়োজন কৰিবলৈ সাংসদ দিলীপ শইকীয়াই জিলা প্ৰশাসনক নিৰ্দেশ প্ৰদান কৰে ৷ সাংসদ গৰাকীৰ উক্ত পদক্ষেপত বাগিচাখনৰ শ্ৰমিকসকলে ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক: কণ্টেইনমেণ্ট জ’নৰ ৪৭ টা পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ ৰকিবুল হুছেইনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.