মঙলদৈ, 29 মাৰ্চ: আকৰ্ষণীয় হৈ পৰিছে মঙলদৈ লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ । ১৫ বছৰে বিজেপিৰ দখলত থকা সমস্যাজৰ্জৰ সমষ্টিটো বিজেপিয়ে পুনৰ নিজৰ দখলত ৰাখিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে সমষ্টিটোৰ পৰা বিজেপিক উৎখাত কৰিবলৈ উঠিপৰি লাগিছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতা । শুকুৰবাৰে কংগ্ৰেছ প্ৰাৰ্থীজনে ওদালগুৰি জিলাৰ টংলা,ভেৰগাঁও আদি ভিন্ন প্ৰান্তত উপস্থিত হৈ কংগ্ৰেছ কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হয় ।
কলিতাৰ সৈতে এই ভ্ৰমণত উপস্থিত থাকে মঙলদৈ সমষ্টিৰ প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰাক্তন সাংসদ গৰাকীয়ে বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ নাম পূৰ্বে শুনা নাই বুলি জনায় ৷ আনহাতে, বিজেপিকতীব্ৰ সমালোচনা কৰি ভুৱনেশ্বৰ কলিতাই কয় যে বিজেপিয়ে সমষ্টিটোত একো কাম কৰা নাই ৷ নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ সমৰ্থন কৰা বাবেও বিজেপিক তীব্ৰ সমালোচনা কৰাৰ লগতে কলিতাই বিধেয়কখন শেষ মুহূৰ্তলৈকে বিৰোধিতা কৰিব বুলি মন্তব্য কৰে।