ETV Bharat / state

Man Elephant conflict: বন্যহস্তীৰ আক্ৰমণত নিহত এটা দম্পতী

দৰং জিলাৰ ওদালগুৰিত কৰুণ ঘটনা সংঘটিত হৈছে ৷ অসম-অৰুণাচল সীমান্তৰ মাজবাট থানাৰ অন্তৰ্গত সোণালীপাৰাত বন্যহস্তীৰ আক্ৰমণত নিহত হয় এটা দম্পতী ৷

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 2:29 PM IST

Couple killed by wild elephant attack
বন্যহস্তীৰ আক্ৰমণত নিহত এটা দম্পতী

ওদালগুৰি, 30 আগষ্ট : ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি বনৰীয়া হাতীয়ে ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷ ইয়াৰোপৰি, ক্ৰমাগতভাৱে ৰাজ্যত বৃদ্ধি হৈ অহা হস্তী-মানুহৰ সংঘাত ৰোধৰ বাবে বনবিভাগে কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

বন্যহস্তীয়ে কেৱল ঘৰ-দুৱাৰ ভগাই নহয়, বহু সংখ্যক নিৰীহ লোক হাতীৰ আক্ৰমণত মৃত্যু মুখত পৰিছে ৷ কিন্তু ইয়াৰ পিছতো তৎপৰতাৰে এই গুৰুতৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত ফলপ্ৰসূ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৰাজ্যৰ বন বিভাগে ৷

ইয়াৰ মাজতে দৰং জিলাৰ ওদালগুৰিত কৰুণ ঘটনা সংঘটিত হৈছে ৷ অসম-অৰুণাচল সীমান্তৰ মাজবাট থানাৰ অন্তৰ্গত সোণালীপাৰাত বন্যহস্তীৰ আক্ৰমণত নিহত হয় এটা দম্পতী ৷ নিহত দম্পতীটো ক্ৰমে সোমেশ্বৰ গয়াৰী(৭৭) আৰু বুই গয়াৰী(৬৭) বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে পুৱতি নিশা ২ বজাত এজাক বন্যহস্তীয়ে খাদ্যৰ সন্ধানত ওলাই আহিছিল ৷ হাতীৰ জাকটোৱে পথাৰৰ শস্য খাই তহিলং কৰাৰ উপৰি গাঁৱৰ লোকৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰে ৷ ইয়াৰ মাজতে হাতীয়ে দম্পতীটোৰ ঘৰ ভাঙি পেলায় ৷ ফলত শুই থকা অৱস্থাতেই দম্পতীটোৱে কৰুণ মৃত্যুক আঁকোৱালি লয় ৷

ইতিমধ্যে ঘটনাস্থলীত মাজবাট আঞ্চলিক বন সংমণ্ডলৰ বিষয়া উপস্থিত হৈছে । তেওঁলোকে ঘটনাস্থলী পৰিদৰ্শন কৰি মৃতদেহকেইটা উদ্ধাৰ কৰে ৷ উল্লেখ্য যে ইয়াৰ পূৰ্বেও বহুবাৰ অঞ্চলটোত বন্যহস্তীয়ে উপদ্ৰৱ চলাইছে ৷ এই বিষয়ে বন বিভাগক অৱগত কৰা হৈছিল যদিও বন বিভাগে কোনো কাণসাৰ দিয়া নাছিল ৷

লগতে পঢ়ক: Wild Elephant at Kaliabor : বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ কলিয়াবৰৰ হাতীগাঁওবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.