ETV Bharat / state

বিভিন্ন সমস্যা সমাধানৰ দাবীত গৰজি উঠিল সমগ্ৰ ৰাজ্য

author img

By

Published : Nov 26, 2019, 11:46 PM IST

চৰকাৰৰ জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীত ৰাজ্যজোৰা বিক্ষোভ সমাবেশ ৷ অসমবাসীক ভেঙুচালী কৰি নিজ মইমতালি অব্যাহত ৰাখিছে শাসনাধীষ্ঠিত চৰকাৰখনে ৷ দেশৰ অৰ্থনীতিক সংকটলৈ ঠেলি দিছে ভাল দিনৰ সপোন দেখুওৱা মোদী চৰকাৰে ৷

প্ৰতিবাদ
বিজেপি চৰকাৰৰ প্ৰতিবাদত উত্তাল ৰাজ্য

নিউজ ডেস্ক, 26 নৱেম্বৰ: চৰকাৰৰ জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীত মঙলবাৰে ৰাজ্য জুৰি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে বিভিন্ন দল-সংগঠনে ৷

প্ৰতিবাদ
চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল সমগ্ৰ ৰাজ্য

যোৰহাট: দেশৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিৰ হাৰ ২০১৫-১৬ বৰ্ষৰ ৮ শতাংশৰ পৰা ২০১৯ বৰ্ষৰ ছেপ্টেম্বৰৰ মাহত ৫.১ শতাংশলৈ হ্ৰাস,মূল উৎপাদন ক্ষেত্ৰসমূহৰ লগতে কৃষি অৰ্থনীতিৰ মন্দাৱস্থা,দিল্লীত ব্লেক লিষ্টেড NGOক মধ্যাহ্ন ভোজনৰ দায়িত্ব অৰ্পণ কৰাৰ বাবে চৰকাৰৰ জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীত উত্তাল হৈ পৰিল যোৰহাট চহৰ ৷ চি আই টি ইউ,জে চি টি ইউ,অসম ৰাজ্যিক কৃষক সভা,নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, ভাৰতৰ গণতান্ত্ৰিক যূৱ ফেভাৰেচন,ভাৰতৰ ছাত্ৰ ফেডাJCTU,ৰেচনে চহৰখনৰ বিভিন্ন ঠাইত প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰোপৰি যোৰহাটৰ পদুমনিত থকা গীতাশ্ৰম উচ্ছেদৰ দাবীতো ওলাই আহে স্থানীয় ৰাইজ

প্ৰতিবাদ
চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল সমগ্ৰ ৰাজ্য

ওদালগুৰি: ওদালগুৰিৰ ৰৌতাত আদিবাসী ছাত্ৰ সন্থাৰ মানৱ শৃংখল সংগঠনৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ ৷ ৰাজ্যৰ ৬ জনগোষ্ঠীয়ে জনজাতিকৰণৰ বাবে দীৰ্ঘদিনৰ পৰা দাবী জনায় আহিছে যদিও জনগোষ্ঠী কেইটাৰ দাবীৰ প্ৰতি কোনো এখন চৰকাৰে সহাৰি নিদিয়াৰ অভিযোগ কৰিছে সদৌ আদিবাসী ছাত্ৰ সন্থাই ৷ ওদালগুৰি জিলা আদিবাসী ছাত্ৰ সন্থাৰ নিৰ্দেশমৰ্মে সংগঠনটোৰ মাজবাট,ওৰাং আৰু ৰৌতা আঞ্চলিক সমিতিৰ নেতৃত্বত কেইবা শতাধিক আছা কৰ্মীয়ে ৰৌতাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে

শিলচৰ: আনহাতে কেবৰ বিৰোধিতা,কৃষকক উচ্ছেদ বন্ধ কৰা,কৃষক সকলক মাটিৰ পট্টা প্ৰদান,ৰাষ্ট্ৰায়ত্ব প্ৰতিষ্ঠান বেচৰকাৰী নকৰা,নিবনুৱা লোকসকলৰ চাকৰি প্ৰদানৰ দাবীত শিলচৰত প্ৰতিবাদ খিলঞ্জীয়া মঞ্চৰ ৷ মঙলবাৰে শিলচৰ ৰংপুৰত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰি নাগৰিকত্ব বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে অসম খিলঞ্জীয়া জন সুৰক্ষা কমিটী নামৰ সংগঠনটোৱে ৷

প্ৰতিবাদ
চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল সমগ্ৰ ৰাজ্য

বৰপেটা: মূল্যবৃদ্ধি ৰোধ কৰা,দেশত কৰ্মসংস্থান সৃষ্টি কৰি নিবনুৱাক সংস্থাপন দিয়া,বাছ ভাড়া বৃদ্ধি প্ৰত্যাহাৰ কৰা,নুমলীগড় তেল শোধনাগাৰসহ ৰাজহুৱা উদ্যোগ ব্যক্তিগতকৰণ বন্ধ কৰা,বৈষম্যমূলক ভূমি নীতি বাতিল কৰা আৰু মধ্যাহ্ন ভোজন আঁ‌চনি ব্যক্তিগকৰণ বন্ধ কৰাৰ দাবীত বৰপেটাতো বিক্ষোভ সমদল কাৰ্যসূচী গ্ৰহণ কৰে এছ এফ আই,চি আই টি ইউ,অসম ৰাজ্যিক কৃষক সভা,নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি,ডি ৱাই এফ আই আৰু জে চি টি ইউ আদি বাঁওপন্থী সংগঠন সমুহৰ যৌথ মঞ্চই ৷

কলাইগাঁও: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত কলাইগাঁৱতো ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাই ৷

প্ৰতিবাদ
চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল সমগ্ৰ ৰাজ্য

ডিফু: চহৰ,গাঁৱৰ উপৰিয়ো পাহাৰতো অব্যাহত আছে বিধেয়ক ২০১৬ক লৈ উত্তাল প্ৰতিবাদ ৷ মঙলবাৰে এএছডিচি,কেএছএ আৰু কেএনচিএই যৌথভাবে ডিফুৰ ছেমছনছিং ইংতি মেম'ৰিয়েল পাৰ্কৰ সন্মূখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

তেজপুৰ: চৰকাৰৰ জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীত উত্তাল হৈ পৰিল তেজপুৰ চহৰ ৷ চি আই টি ইউ,নিখিল ভাৰত মহিলা সমিতি,জে চি টি ইউ,এছ এফ আই,কৃষক সভা আৰু ডি ওবাই এফ আই ছয়টা সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ

চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল সমগ্ৰ ৰাজ্য

বিশ্বনাথ: মধ্যাহ্ন ভোজন আঁচনি NGOক দিয়াৰ সিদ্ধান্ত বাতিল কৰা,আঁচনিভুক্ত কৰ্মচাৰীক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি প্ৰদান কৰা,BPCLকে ধৰি দেশৰ ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ বন্ধ কৰা আৰু অসমৰ সম্পদ ব্যৱহাৰ কৰি ব্যাপক কৰ্ম সংস্থাপন সৃষ্টি কৰা,মাটিৰ জৰীপ কৰি ভূমিহীনক মাটি প্ৰদান কৰা,মূল্যবৃদ্ধি ৰোধ কৰা আৰু কেন্দ্ৰ চৰকাৰৰ জন বিৰোধী নীতি প্ৰত্যাহাৰ কৰাৰ দাবীত বিশ্বনাথতো CITU,AIKS,AIDWA,DYFI আৰু SFIয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷

কোকৰাঝাৰ: মঙলবাৰে শক্তি বিভাগক কোম্পানীক দায়িত্ব দিয়াৰ সিদ্ধান্তৰ বিৰোধিতা কৰি অসম বিদ্যুৎ কৰ্মচাৰী সংগঠনে কোকৰাঝাৰ বিদ্যুৎ মণ্ডলৰ কাৰ্যালয়ত দুই ঘণ্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।

গোলাঘাট: গোলাঘাটত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানৰে সদৌ তাই আহোমৰ ছাত্ৰ সন্থাই প্ৰতিবাদ কৰাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত জোঁৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়ক নগাঁও আৰক্ষীৰ সফলতা : বৃহৎ পৰিমাণৰ অস্ত্ৰসহ আটক ডকাইতৰ দল

চৰকাৰৰ জনবিৰোধী নীতি প্ৰত্যাহাৰৰ দাবীত ৰাজ্যজোৰা বিক্ষোভ সমাৱেশ।।

ভাল দিনৰ সপোন দেখুওৱা মোদী চৰকাৰে দেশৰ অৰ্থনীতিক এক সৰ্বনাশী সংকটলৈ ঠেলি দিছে।দেশৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি হাৰ ২০১৫-১৬ বৰ্ষৰ ৮ শতাংশৰ পৰা ২০১৯ বৰ্ষৰ ছেপ্টেম্বৰৰ মাহত ৫.১ শতাংশলৈ হ্ৰাস পাইছে।মূল উৎপাদন ক্ষেত্ৰসমুহত আৰু কৃষি অৰ্থনীতিত মন্দাৱস্হা প্ৰতিফলিত হৈছে।লাখ লাখ শ্ৰমিক কৰ্মচাৰীয়ে নিবনুৱাত পৰিণত হৈছে।ৰাজ্যখনৰ ১ লাখ ১৭ হাজাৰ ৰন্ধন কৰ্মচাৰীৰ কাম বেচৰকাৰী সংগঠনক অৰ্পণ কৰাৰ এক ষড়যন্ত্ৰ অব্যাহত হৈছে।যাৰ ফলত বৃহত্তৰ ৰন্ধন কৰ্মীৰ ভৱিষ্যত অন্ধকাৰ দিশত।যাৰফলত চৰকাৰী জনবিৰোধী নীতিৰ বিৰুদ্ধে বিক্ষোভ কায্যসুচি যৌথ ভাৱে ৰূপায়ণ কৰে চি আই টি ইউ,জে চি টি ইউ,অসম ৰাজ্যিক কৃষক সভা,নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি, ভাৰতৰ গণতান্ত্ৰিক যূৱ ফেভাৰেচন,ভাৰতৰ ছাত্র ফেডাৰেচনে যোৰহাট চহৰখনৰ বিভিন্ন ঠাইত প্ৰতিবাদী সভা পাতি প্ৰতিবাদ সাব্যস্ত কৰে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.