ETV Bharat / state

Mangaldoi Lok Sabha constituency: সাংসদ দিলীপ শইকীয়াৰ দুৰ্গত ৰমেন ডেকাৰ কুচ-কাৱাজ - Lok Sabha election 2024

ৰাজ্যত ন-বিজেপি আৰু পুৰণি বিজেপিৰ মাজত অব্য়াহত থকা যুঁজখন ইতিমধ্যেই স্পষ্ট হৈ পৰিছে ৷ তাৰ মাজতে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ কৰিছে একাংশ দলীয় কৰ্মীয়ে ৷

Mangaldoi Lok Sabha constituency
Mangaldoi Lok Sabha constituency
author img

By

Published : Aug 5, 2023, 7:21 PM IST

সাংসদ দিলীপ শইকীয়াৰ কাম-কাজত অসন্তুষ্ট দলীয় কৰ্মী

ৰৌতা, ৫ আগষ্ট: যিমানেই লোকসভা নিৰ্বাচন কাষ চাপি আহিছে, সিমানেই অসম বিজেপিৰ নেতা-কৰ্মীৰ মাজত বৃদ্ধি পাইছে অসন্তুষ্টি আৰু আভ্যন্তৰীণ সংঘাত ৷ বিগত বহু দিন ধৰি ৰাজ্যিক বিজেপিৰ ভিতৰ চ’ৰাত জ্বলি আছে এই জুইকুৰা ৷ এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে এইবাৰ মুকলিকৈ বিষোদগাৰ প্ৰকাশ কৰিছে খোদ দলৰ কৰ্মীয়ে ৷

যি ঘটনাই বিজেপিৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাতৰ যুঁজখন স্পষ্ট কৈ প্ৰকাশ কৰিছে ৷ উল্লেখ্য মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ কাম-কাজত অসন্তুষ্ট বিজেপিৰ একাংশ কৰ্মী ৷ দিলীপ শইকীয়াৰ বিৰুদ্ধে একপ্ৰকাৰৰ মুকলি বিদ্ৰোহ ঘোষণা কৰি কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দলীয় কৰ্মীয়ে ৷

দিলীপ শইকীয়াৰ কাম-কাজত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি মঙলদৈ লোকসভা সমষ্টিৰ একাংশ পুৰণি বিজেপিয়ে উন্ননৰ ক্ষেত্ৰত মঙলদৈ সমষ্টিত দিলীপ শইকীয়াৰ ভূমিকা প্ৰায় শূণ্য বুলি অভিযোগ উত্থাপন কৰিছে ৷

উল্লেখ্য যে শনিবাৰে ওদালগুৰি জিলাৰ ৰৌতাৰ পৰিদৰ্শন বাংলোত বিজেপিৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে প্ৰাক্তন সাংসদ ৰমেন ডেকাই ৷ এই অনুষ্ঠানত একাংশ বিজেপি কৰ্মীয়ে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰস্তাৱিত দৰং লোকসভা সমষ্টিৰ প্ৰাৰ্থী হিচাবে বিচাৰে প্ৰাক্তন সাংসদ ৰমেন ডেকাক ।

আনহাতে এই সভাতে স্পষ্ট হ’ল প্ৰাৰ্থীত্ব কেন্দ্ৰিক যুঁজৰ ছবিখন ৷ সাংসদ দিলীপ শইকীয়াই পুৰণি বিজেপি কৰ্মীক ভালকৈ মাত এষাৰো নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে একাংশ কৰ্মীয়ে ৷ লগতে সাংসদ দিলীপ শইকীয়াৰ কাম-কাজত দলীয় কৰ্মী আৰু সমষ্টিৰ ৰাইজ অসন্তুষ্ট বুলি মুকলিভাৱে ক’লে একাংশ বিজেপি কৰ্মীয়ে ৷

অৱশ্যে প্ৰাক্তন সাংসদ ৰমেন ডেকাই এই সন্দৰ্ভত মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৷ আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাৰ্থীত্বৰ দাবীদাৰ বুলি নিজেই ঘোষণা কৰে ৰমেন ডেকাই ।

লগতে পঢ়ক: G R Ravindra Raju: বাজপেয়ী ভৱন আহি পালে জি আৰ ৰবীন্দ্ৰ ৰাজু; শনিবাৰে তামুলপুৰত বিষয়বীয়াৰ বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.