ETV Bharat / state

Assamese medium: অসমীয়া ভাষা বিতাৰণ ইংৰাজীক আবাহন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ - Assamses Medium ban

অসমীয়া ভাষাৰ ওপৰত আন এক আঘাত ! বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা বিতাৰিত কৰা হ'ল অসমীয়া ভাষা । এতিয়াৰে পৰা বিশ্ববিদ্যালয়খনৰ স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে অসমীয়া ভাষাত নোৱাৰিব লিখিব টোকা বা প্ৰশ্নোত্তৰ । দিব নোৱাৰিব পৰীক্ষা ।

Assamese medium
Bodoland university removed Assamese medium
author img

By

Published : Jun 28, 2023, 5:39 PM IST

অসমীয়া ভাষা বিতাৰণ ইংৰাজীক আবাহন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ

ৰৌতা, 28 জুন: বড়োলেণ্ড বিশ্ববিদ্যালয়ত নিষিদ্ধ হ’ল অসমীয়া ভাষা । কেৱল ইংৰাজীতহে লিখিব পাৰিব শিক্ষাৰ্থীয়ে । বড়োলেণ্ড বিশ্ববিদ্যালয়ত ইংৰাজী ভাষাত লিখিব লাগিব মেজৰ পৰীক্ষাৰ উত্তৰ । বড়োলেণ্ডত নচলিব অসমীয়া, শিক্ষাৰ্থীয়ে লিখিব লাগিব ইংৰাজীত । অসমতেই অসমীয়া ভাষাৰ ওপৰত আন এক আঘাত হানি বড়োলেণ্ড বিশ্ববিদ্যালয়ে জাৰী কৰিলে জাননী ৷ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা বিতাৰিত কৰা হ'ল অসমীয়া ভাষা । এতিয়াৰে পৰা অসমীয়া ভাষাত নোৱাৰিব লিখিব বিশ্ববিদ্যালয়খনৰ স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে । দিব নোৱাৰিব পৰীক্ষাও ।

Bodoland university removed Assamese medium
অসমীয়া ভাষাৰ ওপৰত আন এক আঘাত

শেহতীয়াকৈ অসমীয়া ভাষাৰ ওপৰত ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাতে এটাৰ পিচত আন এটা আক্ৰমণ চলি থকাৰ মাজতে এইবাৰ কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ে অসমীয়া ভাষা প্ৰত্যাহাৰ কৰি নিজ ৰাজ্যখনতে গুৰুত্বহীন কৰিলে অসমীয়া ভাষাক । এক নিৰ্দেশনাৰ জৰিয়তে বিশ্ববিদ্যালয়খনৰ স্নাতক বৰ্ষৰ শিক্ষাৰ্থী আৰু বিশ্ববিদ্যালয়খনৰ অধীনস্থ মুঠ 59 খন মহাবিদ্যালয়ৰ স্নাতক শিক্ষাৰ্থীসকলে এতিয়াৰে পৰা কেৱল ইংৰাজীতহে লিখিব পাৰিব বুলি জনাইছে । কেৱল এম আই এলৰ ক্ষেত্ৰতহে এই নতুন নিৰ্দেশনা কাৰ্যকৰী নহ'ব ।

লগতে পঢ়ক: Online fraud: কানাডিয়ান ছলাৰ এপে একে নিশাই লুটিলে মাজুলীৰ একাংশৰ বহু কোটি টকা

বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰিষদৰ 28 মাৰ্চৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । এই সিদ্ধান্তত অনুমোদন জনাইছিল বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে । সেই অনুসৰিয়েই এতিয়াৰে পৰা বিশ্ববিদ্যালয়খনৰ লগতে ইয়াৰ অধীনস্থ 59 খন মহাবিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ গুৰু বিষয়কে (Major) ধৰি সকলো পাঠ্যক্ৰমৰ শিক্ষাৰ্থীয়ে কেৱল ইংৰাজী ভাষাতহে লিখিব পাৰিব ।

ইয়াৰ পিচতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সমগ্ৰ BTR অঞ্চলত ৷ এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বহুকেইটা ছাত্ৰ সংগঠনৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে ৷ 24 ঘন্টাৰ ভিতৰতে এই সিদ্ধান্ত বাতিল নকৰিলে পৰবৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ ছাত্ৰ সংগঠনৰ লগতে ছাত্ৰ সমাজৰ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.