ETV Bharat / state

মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয় - ETV BHARAT

সোমবাৰে ওদালগুৰি জিলাৰ ভেৰগাৱঁত মধ্যাহ্ন ভোজন আঁচনি এন জি অ'ক গতাই দিয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰতিবাদত মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ভেৰগাৱঁত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ
author img

By

Published : Apr 1, 2019, 8:56 PM IST

ওদালগুৰি,1 এপ্ৰিল:সদৌ অসম প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাই ওদালগুৰিৰ ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

এই প্ৰতিবাদ কাৰ্যসূচীত উপস্থিত থাকে সংগঠনটোৰ ৰাজ্যিক সভাপতি গোলাপী বড়ো আৰু সম্পাদিকা জাহাৰানা বেগমৰ লগতে শতাধিক কৰ্মচাৰী ৷ উল্লেখ্য যে,অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে বিদ্যালয়সমূহত কেন্দ্ৰীয় ৰন্ধনশালাৰ জৰিয়তে মধ্যাহ্ন ভোজন বিতৰণৰ দায়িত্ব 15 টা এন জি অ'ক দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীত সোমবাৰে সংগঠনটোৰ শতাধিক কৰ্মচাৰী ওলাই আহি হুংকাৰ প্ৰদান কৰে যে কোনো কাৰণতে এন জি অ'ক মধ্যাহ্ন ভোজন বনাব দিয়া নহয় ৷ লগতে চৰকাৰে যদি এই সিদ্ধান্ত কাৰ্যকৰী কৰে তেনেহ'লে ৰাজ্যৰ 1 লাখ 17 হাজাৰ ৰান্ধনী কৰ্মীয়ে আত্মজাহ দিব বুলিও সকীয়াই দিয়ে ৷

আজিৰ এই প্ৰতিবাদত প্ৰতিবাদকাৰীসকলে মধ্যাহ্ন ভোজন আঁচনি এন জি অ'’ক গতাই দিয়া সিদ্ধান্ত বাতিল কৰা, ৰন্ধন কৰ্মীক বাৰ মাহে পাৰিশ্ৰমিক দিয়া, ৰন্ধনকৰ্মীৰ মাননি 9 হাজাৰ টকাকৈ বৃদ্ধি কৰা, ৰন্ধনকৰ্মীৰ পেন্সন, চিকিৎসা সাহাৰ্য্য আৰু সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰাৰ দাবীত বিভিন্ন শ্ল'গান দি উত্তাল কৰি তোলে ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয় ৷ প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ সমস্যা সমূহ সমাধানৰ বাবে স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷

Intro:মধ্যাহ্ন ভোজন আঁচনি এন জি অক গতাই দিয়া সিদ্ধান্তৰ প্ৰতিবাদত ভেৰগাঁৱত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদBody:মধ্যাহ্ন ভোজন আঁচনি এনজিঅ’ক গতাই দিয়াৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ প্ৰতিবাদত আজি পুনৰ সদৌ অসম প্ৰাথমিক উচ্চ প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী ও সহায়িকা সন্থাই সোমবাৰে ওদালগুৰিৰ ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মূখত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। সংগঠনটোৰ ৰাজ্যিক সভাপতি গোলাপী বড়ো আৰু সম্পাদিকা জাহাৰানা বেগমৰ নেতৃত্বত কেইবা শতাধিক মধ্যাহ্ন ভোজনৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগে প্ৰাথমিক বিদ্যালয়সমূহত কেন্দ্ৰীয় ৰন্ধনশালাৰ জৰিয়তে মধ্যাহ্ন ভোজন বিতৰণৰ দায়িত্ব ১৫ টা এন জিঅ’ক দিয়াৰ বাবে লোৱা সিদ্ধান্তৰ প্ৰতিবাদ জনাই কোনো কাৰনতে এন জি অক মধ্যাহ্ন ভোজন বনাব নিদিয়াৰ হুংকাৰ দিয়াৰ লগতে চৰকাৰে এই সিদ্ধান্ত কাৰ্যকৰী কৰিলে ৰাজ্যৰ ১ লাখ ১৭ হাজাৰ ৰান্ধনী কৰ্মীয়ে আত্মজাহ দিব বুলিও সকীয়াই দিয়ে।
আজিৰ এই প্ৰতিবাদত প্ৰতিবাদকাৰীসকলে মধ্যাহ্ন ভোজন আঁচনি এনজিঅ’ক গতাই দিয়া সিদ্ধান্ত বাতিল কৰা, ৰন্ধন কৰ্মীক বাৰ মাহে পাৰিশ্ৰমিক দিয়া, ৰন্ধনকৰ্মীৰ মাননি ন হাজাৰ টকাকৈ বৃদ্ধি কৰা, ৰন্ধনকৰ্মীৰ পেন্সন, চিকিৎসা সাহাৰ্য্য আৰু সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰাৰ দাবীত বিভিন্ন শ্ল’গান দি উত্তাল কৰি তোলে ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয় ৷ প্ৰতিবাদৰ অন্তত প্ৰতিবাদী সকলে ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ সমস্যা সমূহ সমাধানৰ বাবে স্মাৰকপত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.